শেহতীয়া আপডেটঃ

সামৰণি পৰিল বিশ্বনাথত অনুষ্ঠিত হোৱা বাইক ৰাইডাৰ্চ

ভাতৃত্ববোধ বৃদ্ধিৰ উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত একগোট হ’ল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুশৰো অধিক বাইক ৰাইডাৰ্চ ৷

অসম খবৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৯নৱেম্বৰ

ভাতৃত্ববোধ বৃদ্ধিৰ উদ্দেশ্য বিশ্বনাথ চাৰিআলিত একগোট হ’ল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুশৰো অধিক বাইক ৰাইডাৰ্চ ৷

দীৰ্ঘদিন ধৰি দু সাহসীক ক্ৰিয়াৰ সৈতে জড়িত নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনে বিশ্বনাথ চাৰিআলিত পোন প্ৰথমবাৰৰ বাবে  অনুষ্টিত কৰিলে ৰাইডাৰ্চ মিট্‌ ৷ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বাইক ৰাইডাৰ্চয়ে অংশগ্ৰহন কৰিছে এই অনুষ্টানত ৷

বিশ্বনাথৰ অৰুণাছল সীমান্তৱৰ্তী ভৰাজুলিত দুদিনীয়াকৈ অনুষ্টিত কৰা হৈছে এই ৰাইডাৰ্চ মিট্‌ ৷

এই অনুষ্টানত দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰাঞ্চলৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা অহা দুশৰো অধিক ৰাইডাৰ্চে অংশগ্ৰহন কৰিছে ৷

নৈৰ পাৰত কেম্প পাতি নিশা অতিবাহিত কৰা লগতে অংশ গ্ৰহন কৰিছে বিভিন্ন প্ৰতিযোগিতাত ৷

অনুষ্টানৰ লগত সংগতি ৰাখি পাঞ্জা, মটৰ চাইকেলৰ শ্ল ৰেচ , ৰচী টনা আদি প্ৰতিযোগীতা আয়োজন কৰা হৈছে ৰাইডাৰ্চ সকলৰ মাজত ৷

জন জাতীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

কাৰ্বি বসতি প্ৰধান ভৰাজুলি অঞ্চলৰ স্থানীয় জনজাতিয় গাও সমূহ পৰিদৰ্শন কৰাৰ ব্যৱস্থাও কৰিছে উদ্যোক্তা সকলে ৷

উল্লেখ্য যে ২০১০ চনতে গঠন হোৱা নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ কেইবাগৰাকীও সদস্যই ইতিমধ্যে দু-সাহসিক ক্ৰীয়াৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

বিগত সময়ত মাউন্ট এভাৰেষ্ট বেছ কেম্পলৈ ট্ৰেকিং, খাৰডুংলা,লাডাখ,কাৰগিল, উত্তৰাখণ্ড,মানাপাছ,বুমলা পাছ, মায়ডিয়া, টাৱাং,ভূটান,নেপাল,মেছুকা ইত্যাদি লৈ কেইবাবাৰো দু-সাহসী মটৰ চাইকেল যাত্ৰাৰ উপৰিও যুৱক-যুৱতীক পৰ্বতাৰোহন, ৰাফটিং, ৰক ক্লাইবিং, ৰেপেলিং, ট্ৰেকিং ইত্যাদিৰ দৰে বিভিন্ন দু-সাহসী ক্ৰীয়াৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সংগঠনটোৱে৷ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ভৰাজুলি অঞ্চলটোক জনপ্ৰিয় কৰি তোলাৰ বাবেই আয়োজন কৰা হৈছে এই অনুষ্টান ৷

যাতে অনাগত দিনত অঞ্চলটোলৈ পৰ্যটকৰ সোত বয় ৷

অঞ্চলটোৰ স্থানীয় লোক সকলে পৰিচালনা কৰিছে অনুষ্টানটো ৷

অতিথি সকলে যাতে কষ্ট লাভ নকৰে তাৰ বাবে ৰাখিচে চকু ৷

   বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থানৰ পৰা এই ৰাইডাৰ্চ মিট্‌ চাবলৈ স্থানীয় ৰাইজৰ সোত বৈছে ৷

বিশেষকৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভিন্ন ভাষা-ভাষীৰ লোক সকলৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ উদ্দেশ্য আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় লোক সকলেও যথেষ্ট সহাৰি প্ৰদৰ্শন কৰিছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.