শেহতীয়া আপডেটঃ

ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁটৰ প্রার্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আয়ােজিত কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

যি উদ্দেশ্যেৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে জাতিৰ বাবে চৰম ত্যাগ কৰিছিল তাক বাস্তবায়িত কৰাৰ বাবে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কর্মপথাৰত নামি পৰিছেঃ মুখ্যমন্ত্রী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ প্রার্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, গাতিৰ শান্তিৰাস মণ্ডপ, পুঠিমাৰী বিহুতলী, বাংলিপাৰা মধ্য ইংৰাজী বিদ্যালয়ত আয়ােজিত ৪ খন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি, অগপ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্রার্থীগৰাকীক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।

জনাকীর্ণ নির্বাচনী সভাকেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভৱানীপুৰ হ’ল অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি। যি উদ্দেশ্যেৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে জাতিৰ বাবে চৰম ত্যাগ কৰিছিল তাক বাস্তবায়িত কৰাৰ বাবে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কর্মপথাৰত নামি পৰিছে।

বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালত ভৱানীপুৰ সমষ্টিৰ উন্নয়নে বিশেষ গতি লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সমগ্র ভৱানীপুৰ বিধানসভা সমষ্টিৰ পথ যােগাযােগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। পহুমাৰা নদীৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে নদীখনৰ খনন কার্য চলােৱা হ’ব। সমষ্টিটোৰ অন্তৰ্গত শালবাৰী মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা অতি সােনকালে আৰম্ভ কৰা হ’ব।

এই অঞ্চলত এখন ৩০ খন বিছনাযুক্ত হাস্পতাল, এটা নাৰ্ছিং প্রশিক্ষণ প্রতিষ্ঠান, এখন সর্বাংগ সুন্দৰ ষ্টেডিয়াম আৰু এটা হস্ততাত উৎপাদন কেন্দ্র স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি বাথৌ মন্দিৰসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলিও তেওঁ কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে লােৱা জনকল্যাণকামী আঁচনিসমূহৰ বাবে আজি বি টি আৰত স্থায়ী শান্তি বিৰাজমান হৈছে আৰু উন্নয়নেও বিশেষ গতি লাভ কৰিছে।

ভৱানীপুৰ সমষ্টিৰ আৰু ৭ হাজাৰ হিতাধিকাৰীক ‘অৰুণােদয়’ আঁচনিৰ জৰিয়তে লাভান্বিত কৰা হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গাতিত এখন ৩০ খন বিছনাযুক্ত হাস্পতাল স্থাপন কৰা হ’ব। তদুপৰি বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলৰ সহায়ক হােৱাকৈ এটা খাদ্য সংসাধন অথবা শীতল ভঁৰাল নির্মাণ কৰা হ’ব। তদুপৰি আনন্দ বাজাৰৰ শান্তি মন্দিৰ আৰু শান্তিম মন্দিৰৰ উন্নয়নৰ বাবেও চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। সাউদৰভিঠাত এখন ৰংগমঞ্চ নির্মাণ কৰাকে ধৰি ভৱানীপুৰৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ থকা পথছােৱা আৰু অধিক উন্নীত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মেধিকুছিত অচিৰেই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নির্মাণ কৰা হ’ব।

ইয়াৰ লগতে ভৱানীপুৰত এটা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয় আৰু পুঠিমাৰী প্রাথমিক চিকিৎসালয়খনক সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সমষ্টিটোৰ দুখন প্রসিদ্ধ মহাবিদ্যালয় ক্রমে সৰুপেটা আৰু ভৱানীপুৰ মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা প্ৰৱৰ্তন কৰা হ’ব। বাংলিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৫০ লাখ টকাৰ আর্থিক অনুদান আগবঢ়োৱা হ’ব সৰুপেটাত নগৰ সমিতি গঠন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগতে সৰুপেটা ৰে’লৱে ক্রচিঙত এখন উৰণীয়া সেঁতু নির্মাণৰ পদক্ষেপ লােৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই নির্বাচনী সভাসমূহত মন্ত্রী ইউ জি ব্রহ্ম, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়কসকল ক্রমে ভূপেন বড়াে, হেমাংগ ঠাকুৰীয়া, পৰমানন্দৰাজবংশী, ভৱানীপুৰ উপ-নির্বাচনৰ মিত্ৰজোঁটৰ প্রার্থী ফণীধৰ তালুকদাৰকে ধৰি মিত্ৰজোঁটৰ দলকেইটাৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।

আজিৰ এই নির্বাচনী কার্যসূচীৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই ভৱানীপুৰ সমষ্টিৰ চেকীত অনুষ্ঠিত শ্রীশ্রী লক্ষ্মীপূজাত অংশ লৈ ৰাজ্যবাসীৰ বৈভৱ আৰু সমৃদ্ধি কামনাৰে লক্ষ্মীদেৱীৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে লগতে পাঠশালাৰ ঐতিহ্যমণ্ডিত আনন্দ বৰুৱা একাডেমীৰ এটা নতুন ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

Via By: Assam | News
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.