শেহতীয়া আপডেটঃ

বৃহৎ অগ্নিকাণ্ডৰ ঘটনাৰ বাবে অস্থায়ীভাৱে বিদ্যুৎ ব্যাঘাত সন্দৰ্ভত ৰাইজলৈ জিলা প্ৰশাসনৰ গোহাৰি

বৃহৎ অগ্নিকাণ্ডৰ ঘটনাৰ বাবে অস্থায়ীভাৱে বিদ্যুৎ ব্যাঘাত সন্দৰ্ভত ৰাইজলৈ জিলা প্ৰশাসনৰ গোহাৰি

অসম খবৰ বিশ্বনাথ চাৰিআলি, ৩১ জুলাই : অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ অধীনৰ বিশ্বনাথ চাৰিআলি নিয়ন্ত্ৰণ কক্ষত ৩৩/১১ কেভি লাইনত যোৱা ২৭ জুলাই, ২০২৪ তাৰিখ শনিবাৰে ৰাতি প্ৰায় ৮.৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল, যাৰ ফলত বিদ্যুত নিয়ন্ত্ৰণ কক্ষৰ গুৰুত্বপূৰ্ণ সুৰক্ষা সঁজুলিৰ বিস্তৰ ক্ষতি সাধন হয়।

এই সন্দৰ্ভত অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ চাৰিআলি বিদ্যুত উপ-সংমণ্ডলৰ দলটোৱে যিমান সম্ভৱ সোনকালে প্ৰভাৱিত প্ৰণালীবোৰ পুনৰুদ্ধাৰ কৰিবলৈ নিষ্ঠাৰে কাম কৰি আছে। যিহেতু অনাকাংক্ষিত ভয়াবহ অগ্নিকাণ্ডত নিয়ন্ত্ৰণ কক্ষৰ ক্ষয় ক্ষতিৰ পৰিমান খুবেই বেছি, সেয়ে অহৰ্নিশে কাম কৰাৰ পাছতো বিশ্বনাথ নগৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে হৈ উঠা নাই যদিও ৰাইজক সাময়িক সকাহ দিয়াৰ বাবে বিকল্প ব্যৱস্থাৰে যথাসম্ভৱ বিদ্যুৎ যোগান ধৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে। ইতিমধ্যে নতুন ট্ৰেন্সফৰ্মাৰ স্হাপন, নষ্ট হোৱা যন্ত্ৰ পাতিবোৰ দ্ৰুতগতিত স্হাপন কৰাৰ পাছত যোৱা নিশাৰ পৰা বিশ্বনাথ নগৰৰ তিনিওটা ফিডাৰৰ বিজুতিৰ কাম সম্পূৰ্ণৰূপে থিক হৈ উঠিছে। ইয়াৰ ফলত কালি নিশাৰ পৰা বিশ্বনাথ নগৰ অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়াকৈ কৰিব পৰা হৈছে। একেদৰে বিশ্বনাথ নগৰৰ পাৰ্শ্বৱৰ্তী এলেকা তথা গ্ৰামাঞ্চলৰ বাবে থকা তিনিওটা ফিডাৰৰ কামো ইতিমধ্যে প্ৰায় ষাঠী শতাংশ সম্পূৰ্ণ হৈছে বুলি চাৰিআলি বিদ্যুত উপ-সংমণ্ডলে জানিবলৈ দিছে। শক্তি বিভাগৰ কাৰিকৰী দলে দিনে নিশাই বিদ্যুৎ বিজুতিৰ কাম পূৰ্ণগতিত কৰি থকালৈ চাই খুব কম সময়ৰ ভিতৰত বাকী থকা কামখিনিও সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

বিশ্বনাথ জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে আৰু যথাসম্ভৱ সোণকালেই বিজুতিৰ কাম সম্পূৰ্ণৰূপে দূৰ হ’ব বুলি আশা কৰিছে।

এক প্ৰেছ বাৰ্তা যোগে এনে অনাকাংক্ষিত বৃহৎ বিদ্যুৎ বিজুতিৰ ফলত হোৱা অসুবিধাৰ বাবে জিলা প্ৰশাসনে উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিশ্বনাথবাসী ৰাইজৰ পৰা পুণৰ আন্তৰিক সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.