Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

বৃহৎ অগ্নিকাণ্ডৰ ঘটনাৰ বাবে অস্থায়ীভাৱে বিদ্যুৎ ব্যাঘাত সন্দৰ্ভত ৰাইজলৈ জিলা প্ৰশাসনৰ গোহাৰি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বৃহৎ অগ্নিকাণ্ডৰ ঘটনাৰ বাবে অস্থায়ীভাৱে বিদ্যুৎ ব্যাঘাত সন্দৰ্ভত ৰাইজলৈ জিলা প্ৰশাসনৰ গোহাৰি

অসম খবৰ বিশ্বনাথ চাৰিআলি, ৩১ জুলাই : অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ অধীনৰ বিশ্বনাথ চাৰিআলি নিয়ন্ত্ৰণ কক্ষত ৩৩/১১ কেভি লাইনত যোৱা ২৭ জুলাই, ২০২৪ তাৰিখ শনিবাৰে ৰাতি প্ৰায় ৮.৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল, যাৰ ফলত বিদ্যুত নিয়ন্ত্ৰণ কক্ষৰ গুৰুত্বপূৰ্ণ সুৰক্ষা সঁজুলিৰ বিস্তৰ ক্ষতি সাধন হয়।

এই সন্দৰ্ভত অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ চাৰিআলি বিদ্যুত উপ-সংমণ্ডলৰ দলটোৱে যিমান সম্ভৱ সোনকালে প্ৰভাৱিত প্ৰণালীবোৰ পুনৰুদ্ধাৰ কৰিবলৈ নিষ্ঠাৰে কাম কৰি আছে। যিহেতু অনাকাংক্ষিত ভয়াবহ অগ্নিকাণ্ডত নিয়ন্ত্ৰণ কক্ষৰ ক্ষয় ক্ষতিৰ পৰিমান খুবেই বেছি, সেয়ে অহৰ্নিশে কাম কৰাৰ পাছতো বিশ্বনাথ নগৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে হৈ উঠা নাই যদিও ৰাইজক সাময়িক সকাহ দিয়াৰ বাবে বিকল্প ব্যৱস্থাৰে যথাসম্ভৱ বিদ্যুৎ যোগান ধৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে। ইতিমধ্যে নতুন ট্ৰেন্সফৰ্মাৰ স্হাপন, নষ্ট হোৱা যন্ত্ৰ পাতিবোৰ দ্ৰুতগতিত স্হাপন কৰাৰ পাছত যোৱা নিশাৰ পৰা বিশ্বনাথ নগৰৰ তিনিওটা ফিডাৰৰ বিজুতিৰ কাম সম্পূৰ্ণৰূপে থিক হৈ উঠিছে। ইয়াৰ ফলত কালি নিশাৰ পৰা বিশ্বনাথ নগৰ অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়াকৈ কৰিব পৰা হৈছে। একেদৰে বিশ্বনাথ নগৰৰ পাৰ্শ্বৱৰ্তী এলেকা তথা গ্ৰামাঞ্চলৰ বাবে থকা তিনিওটা ফিডাৰৰ কামো ইতিমধ্যে প্ৰায় ষাঠী শতাংশ সম্পূৰ্ণ হৈছে বুলি চাৰিআলি বিদ্যুত উপ-সংমণ্ডলে জানিবলৈ দিছে। শক্তি বিভাগৰ কাৰিকৰী দলে দিনে নিশাই বিদ্যুৎ বিজুতিৰ কাম পূৰ্ণগতিত কৰি থকালৈ চাই খুব কম সময়ৰ ভিতৰত বাকী থকা কামখিনিও সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

বিশ্বনাথ জিলা প্ৰশাসনে সমগ্ৰ বিষয়টো সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে আৰু যথাসম্ভৱ সোণকালেই বিজুতিৰ কাম সম্পূৰ্ণৰূপে দূৰ হ’ব বুলি আশা কৰিছে।

এক প্ৰেছ বাৰ্তা যোগে এনে অনাকাংক্ষিত বৃহৎ বিদ্যুৎ বিজুতিৰ ফলত হোৱা অসুবিধাৰ বাবে জিলা প্ৰশাসনে উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিশ্বনাথবাসী ৰাইজৰ পৰা পুণৰ আন্তৰিক সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °