শেহতীয়া আপডেটঃ

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত এন.ডি.এফ.বি সংবিজিত গোটৰ নৰহত্যাস্থলীত শ্বহীদৰ স্মৃতি দিৱস পালনৰ উদযাপন সমিতি গঠনৰ সভা

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত এন.ডি.এফ.বি সংবিজিত গোটৰ নৰহত্যাস্থলীত শ্বহীদৰ স্মৃতি দিৱস পালনৰ উদযাপন সমিতি গঠনৰ সভা

অসম খবৰ ,বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ,২ ডিচেম্বৰঃ

বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী-সোনাজুলিত এন.ডি.এফ .বি সংবিজিত গোটৰ উগ্ৰপন্থীৰ দ্বাৰা নৰহত্যা হোৱা নৰহত্যাস্থলীত শ্বহীদৰ স্মৃতি দিৱস পালন কৰিব ৷

বিশ্বজুৰি কপাই যোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ সেই কৰুণ অতীত এতিয়াও পাহৰিব পৰা নাই ফুলবাৰী-সোনাজুলিৰ ৰাইজ ৷২০১৪চনৰ ২৩ ডিচেম্বৰৰ কালসন্ধিয়াতে এন.ডি.এফ.বি সংবিজিত গোটৰ নৰপিপাসু দল এটিয়ে নিৰিহ চাওঁতালী আবালবৃদ্ধবনিতাকে ধৰি প্ৰায় ৩০ গৰাকীকৈ লোকক অতি নিৰ্মমভাবে গুলিয়াই হত্যা কৰিছিল ৷

বিগত ২০১৪চনৰ ২৩ ডিচেম্বৰৰ এই কলা অধ্যায়ৰ ফুলবাৰী-সোনাজুলিৰ হত্যাকাণ্ডত নিহত হোৱা সকলৰ পৱিত্ৰ স্মৃতিত নিকটাত্মীয়ক এটোপাল চকুলোৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে ফুলবাৰী-সোনাজুলিৰ ৰাইজে ৷

ইতিমধ্যে স্মৃতি দিৱস উদযাপনৰ উপলক্ষে বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আহ্বানত অনুষ্ঠিত হোৱা
সভাত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ’ৰ সভাপতিত্বত আৰু সম্পাদক চম চৰেণ’ৰ আঁত ধৰা সভাত স্মৃতি দিৱস উদযাপনৰ উপলক্ষে বিশদভাৱে আলোচনা কৰা হয় ৷সভাত আজি ৮ বছৰ অতিক্ৰম কৰাৰ পাছতো বৃহত্তৰ ফুলবাৰী সোনাজুলি অঞ্চলত এতিয়াও আদিবাসী চাওঁতাল সকলে আদিম মানৱৰ দৰেই জীৱন নিৰ্বাহ কৰি আছে ৷

উন্নয়নৰ ফোপোলা স্বৰূপ এই বৃহত্তৰ অঞ্চলটোত বিদ্যমান হৈ আছে ৷এটা সময়ত অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক তথা চৰকাৰী বৰমুৰীয়া সকলে লোমহৰ্ষক হত্যাকাণ্ডত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰাৰ উদ্দেশ্যে সঘনে আহযাহ কৰা অঞ্চলটোত কোনো ধৰনৰ উন্নয়ণ হোৱা নাই বুলি অভিযোগ উথথাপিত হৈছে ৷

আনকি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো আহি এই অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উন্নয়ণৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো প্ৰতিশ্ৰুতি ফোটোকা ফেনত পৰিণত হল ৷অসম চৰকাৰেও উন্নয়নৰ ফটাঢোল কোৱাই ফুলজাৰী মৰা প্ৰতিশ্ৰুতিৰে নিৰিহ আদিবাসী ৰাইজক প্ৰকাৰান্তে ঠগিলে বুলি ফুলবাৰী-সোনাজুলিৰ ৰাইজে সভাত ক্ষোভ ব্যক্ত কৰে ৷যদিও কোনো ধৰণৰ উচ্চকাংক্ষা নথকা নিৰিহ আদিবাসী ৰাইজৰ ওপৰত হোৱা এই অন্যায় নিৰৱে সহ্য কৰাত অভ্যস্ত আদিবাসী চাওঁতাল সকলে কোনো দিনেই প্ৰতিবাদ নকৰিলে ৷

বৰঞ্চ নিৰৱে অন্যায় ফাকিফুকাৰ ৰাজনীতিৰ ভেটাভঙা দুঃসময় অতিক্ৰম কৰিলে ৷সময় সমাগত ৷ প্ৰতিবছৰে উদযাপন কৰাৰ দৰে এইবছৰো বৃহত্তৰ শামুকজুলি তিনিসুতি ফুলবাৰী সোনাজুলিৰ বিভিন্ন ভাষাভাষীৰ ৰাইজে সাৰ্বজনীন ভিক্তিত স্মৃতি দিৱস উদযাপন কৰিব ৷এই উপলক্ষে সৰ্বসন্মতি ক্ৰমে বিশিষ্ট সমাজকৰ্মী সাংবাদিক কুৰ্বেশ্বৰ মাৰাণ্ডীক সভাপতি নিৰ্বাচন কৰে ৷কাৰ্যকৰী সভাপতিৰ পদত মন্টো হেমৰম,যুটীয়া সাধাৰণ সম্পাদকৰ পদত ক্ৰমে জোনাছ বাগে আৰু ছালমী হেৰেঞ্জক মনোনিত কৰা হয় ৷

একেদৰে সহ সম্পাদকৰ পদত চম চৰেণ আৰু দ্বীপেন গোড়ক আৰু কোষাধ্যক্ষ পদত সঞ্জয় বাস্কেক সভাখনে দায়িত্ব অৰ্পন কৰে ৷ উপদেষ্টাত বিষ্ণু শৰ্মাক মনোনিত কৰা এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷ সভাত স্মৃতি দিৱস উদযাপনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে ৷

প্ৰায় শতাধিক সংখ্যক ৰাইজৰ লগতে বিশ্বনাথ জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলেও উপস্থিত থাকে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.