শেহতীয়া আপডেটঃ

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

কেৱল ডিগ্ৰী থাকিলেই যথেষ্ট নহয়; আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱিক দক্ষতা ,ব্যৱহাৰিক জ্ঞান আৰু সময়ৰ চাহিদা অনুসৰি শিক্ষাৰ্থীসকলে সদায়  আপডেট কৰি ৰাখিবলৈ সক্ষম হোৱাটো অত্যাৱশ্যক

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন দিব পাৰে — ড° বুলজিৎ বুঢ়াগোহাঁই

গুৱাহাটী, ২৭ জুন  : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ২৭ জুনত সন্ধিয়া ৬.৩০ বজাত এখন কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ অনুষ্ঠিত হয়। এই ৱেবিনাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয়  স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। ড° বুঢ়াগোহাঁয়ে  উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ পাছত অধ্যয়নৰ বিকল্প,  কেৰিয়াৰৰ পথসমূহ আৰু ইয়াৰ লগত জড়িত গুৰুত্বপূর্ণ দিশসমূহৰ বিষয়ে আলোকপাত কৰে। কেৱল শিক্ষানুষ্ঠানবোৰৰ আকৰ্ষণীয় বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নাম ভৰ্তি কৰা যে  উচিত নহয়  সেই বিষয়ে  তেওঁ আলোচনা কৰে। শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা,ডিগ্রীৰ মর্যাদা,ব্যৱস্থা. স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য জানি ল’ব লাগে বুলি  ড° বুঢ়াগোহাঁয়ে  উল্লেখ কৰে।

 

         কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে  উল্লেখ কৰে যে  শিক্ষাৰ্থীসকলে কলা, বিজ্ঞান বা বাণিজ্য — যিকোনো শাখাত কেৱল উত্তীৰ্ণ হোৱাটোহে পৰ্যাপ্ত নহয়; সফলতা তেতিয়াহে সম্ভৱ, যেতিয়া শিক্ষাৰ্থীসকলে নিজৰ অভ্যন্তৰীণ সক্ষমতা, আগ্ৰহ আৰু জীৱনৰ লক্ষ্যৰ সৈতে সঙ্গতিপূৰ্ণ উপযুক্ত কেৰিয়াৰ বাছনি কৰে। কেৱল ডিগ্ৰী থাকিলেই যথেষ্ট নহয়; আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱিক দক্ষতা ,ব্যৱহাৰিক জ্ঞান আৰু সময়ৰ চাহিদা অনুসৰি শিক্ষাৰ্থীসকলে সদায়  আপডেট কৰি ৰাখিবলৈ সক্ষম হোৱাটো অত্যাৱশ্যক।  চাকৰিৰ বাহিৰেও শিক্ষাৰ্থীসকলে নিজৰ সৰু-বৰ উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’ব পাৰে ,  লগতে আনকো কৰ্মসংস্থাপন দিব পাৰে বুলি ড°  বুঢ়াগোহাঁয়ে  মন্তব্য দিয়ে ।  অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে  আৰু  সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই ৱেবিনাৰখনত উপস্থিত থাকি মন্তব্য প্রদান কৰে। কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে  ৱেবিনাখনত অংশগ্রহকাৰীসকলৰ   প্ৰশ্নৰ উত্তৰ  দিয়াৰ লগতে প্ৰতি শনিবাৰে সন্ধিয়া ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শৰ আগবঢ়োৱা বিষয়েও ড° বুলজিৎ বুঢ়াগোহাঁয়ে অৱগত কৰে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.