হাতত কটা মূৰ লৈ থানাত উপস্থিত হত্যা কাৰী ৰঙাপৰাত গাৰ নোম শিয়ৰি উঠা ঘটনা ::

হাতত কটা মূৰ লৈ থানাত উপস্থিত হত্যা কাৰী ৰঙাপৰাত গাৰ নোম শিয়ৰি উঠা ঘটনা ::

শোণিতপুৰৰ ৰঙাপৰাত নিশা ভয়ংকৰ ঘটনা। হাতত কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত এজন লোক। ৰঙাপৰাৰ দয়ালপুৰত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। টুনিৰাম মাদ্ৰী নামৰ এজন লোকে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ এজনৰ। পাঁচশ টকা বিচৰাৰ বাবে ডিঙি কাটি হত্যা কৰিলে টুনিৰাম মাদ্ৰীয়ে।

ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে বইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া লোকজনৰ শিৰচ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি কটা মূৰটো আৰু দা খন লগত লৈ থানাত উপস্থিত হয়।

বইলৰ হেমৰম নামৰ লোকজনে টুনিৰাম মাদ্ৰীক মাত্ৰ পাঁচশ টকা ধাৰলৈ বিচাৰিছিল। পিছত টুনিৰাম মাদ্ৰীয়ে টকাটো নিদিয়াৰ বাবে বইলৰ হেমৰমে ‘চাই ল’ম’ বুলি ভাবুকি দিয়াত খঙত অগ্নিশৰ্মা লৈ হাতত থকা চোকা অস্ত্ৰৰে ডিঙিত ঘপিয়াই হত্যা কৰে বইলৰক।

বি:দ্ৰ: বাতৰিটোত ব্যৱহাৰ কৰা   ফটো খন Google পৰা লোৱা হৈছে।  ঘটনাটোৰ লগত  ফটো  খনৰ কোনো সম্পকৰ নাই ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.