গৌৰীপুৰৰ মাটিয়াবগত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৮ তম মৃত্যু বাৰ্ষিকী উদযাপন

ফাইল ফটো

 

গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী গৰাকীৰ নৱনিৰ্মিত পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি অসম চৰকাৰৰ অপৰিহুধিত অনুদানৰ দ্বাৰা নিৰ্মিত কাৰ্যসুচিত প্ৰতিমূৰ্তি উন্মোচন কৰে গৌৰীপুৰৰ মাননীয় বিধায়াক নিজনুৰ ৰহমান লগতে নৱনিৰ্মিত এটি উদ্যানৰ প্ৰৱেশ দ্বাৰ মুকলি কৰে প্ৰমথেশ বৰুৱা মহাবিদ্যায়ত পৰিচলনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ ৰায়। প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে গৌৰীপুৰৰ ৰাজপৰিযালৰ সদস্য তথা বাইদেউৰ ভাতৃ প্ৰবীৰ কুমাৰ বৰুৱাই।

শিল্পী গৰাকীৰ ১৮ তম মৃত্যু বাৰ্ষিকী উপলক্ষে গৌৰীপুৰৰ মাটিয়াবগত প্ৰতিমূৰ্তি উন্মোচন পৰ্বৰ লগত সংগতি ৰাখি এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় এই সভাত সভাপতিত্ব কৰে প্রবিৰ কুমাৰ বৰুৱা।

সভাৰ স্মৃতি চাৰণ সভাত বক্ত্যব্য ৰাখে গৌৰীপুৰৰ মাননীয় বিধায়াক নিজনুৰ ৰহমান, প্ৰমথেশ বৰুৱা মহাবিদ্যায়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ আব্দুল হানিফ তালুকদাৰ, গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষিটিছ চন্দ্ৰ ৰায়, অনুষ্ঠানটিত উপস্থিত থাকে গৌৰীপুৰৰ বিশিষ্ট ব্যক্তি বিনয় কুমাৰ দত্ত, ধীৰেন অধিকাৰী, দিলীপ গগৈ, প্ৰদ্যুৎ বৰুৱা, আজাহাৰ হুছেইন, অসিত ৰায়, পঞ্চানান দাস,অতুনো সৰকাৰ, আবু হানিফ।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক আমিনুৰ ইছলাম। সম্ভাৰ্ধনা পৰ্ব পৰিচলনাৰ কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই কৰে প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সাংস্কৃতিক কোষৰ সমন্বয়ক অধ্যাপক হাচিব মহম্মদ ইকবালে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.