শেহতীয়া আপডেটঃ

বিশ্বনাথত ক’ল সমাজৰ ২৩তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বিশ্বনাথত ক’ল সমাজৰ ২৩তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১০ জুলাই ঃ ভাৰতৰ অন্যতম ভুমিপুত্ৰ আৰু খিলঞ্জীয়া জনগোষ্ঠী হিচাবে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়াই অহা ক’ল সমাজৰ বিশ্বনাথৰ হাইদাবাৰীত অনুষ্ঠিত হোৱা “২৩ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস” কাৰ্যসুচীত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ বিধায়ক গৰাকীয়ে ক’ল জনগোষ্ঠীৰ ভাষা ,কলা , কৃষ্টি সংস্কৃতি আৰু অসম আগমনৰ ঐতিহাসিক তথ্য আগবঢ়াই মাটি বাৰী বিক্ৰী নকৰিবৰ বাবে ক’ল সমাজৰ প্ৰতি আহ্বান জনাই ৷ এসময়ত বিশ্বনাথ চাৰিআলি নগৰস্থিত ক’লবস্তি নামৰ গাওঁখনত ক’ল জনগোষ্ঠীৰ বসতিপ্ৰধান আছিল ৷ যদিও মাটিবাৰী বিক্ৰী কৰাৰ ফলত সংখ্যালঘুৰ পৰিণত হল ক’ল সকল ৷ এতিয়া সময়ৰ লগে লগে ক’লবস্তিৰ পৰিৱৰ্তে মধুপুৰ নামে ঠাইখনৰ নাম নামাকৰণ কৰা হল ৷ সেয়েহে মাটিবাৰীয়ে সংস্কৃতি আৰু অস্তিত্ব ৰক্ষা কৰা বুলি বিধায়ক গৰাকীয়ে বক্তব্যত উল্লেখ কৰে ৷ ক’ল জনগোষ্ঠীৰ প্ৰায় পাছ শতাধিক লোকৰ উপস্থিতিত ক’ল সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোপাল ক’লৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক লোকেন ক’লৰ আত ধৰা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুলসভাত বিশিষ্ট অতিথি হিচাবে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোমতী কুৰ্মী , বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা গৌতম গোৱালা, বিশ্বনাথ শাখা আটছাৰ সভাপতি মহেশ ছত্ৰী,ক’ল সমাজৰ নেতা মহাদেৱ ক’ল , বিশ্বনাথ উপ পৌৰপতি প্ৰমুখ্যে ক’ল সমাজৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া সকলৰ অংশগ্ৰহণেৰে ক’ল সমাজৰ শৈক্ষিক, আৰ্থসামাজিক,ৰাজনৈতিক আৰু সাংস্কৃতিক দিশৰ ওপৰত আলোচনা কৰা হয় ৷ লগতে সদ্যসমাপ্ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷সভাৰ আৰম্ভণিতে চাফাই অভিযান, বৃক্ষৰোপণ , আৰু শ্বহীদ তৰ্পণ কৰা হয় ৷, বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাও সমাপন কৰে উদ্যোক্তা সকলে ৷ আদৰণি ভাষন আৰু শেষত শলাগৰ শৰাই আগবঢ়াই শোণিতপুৰ জিলা ক’ল সমাজৰ সভাপতি মনোজ ক’লে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.