Sunday, May 25, 2025
27 C
Guwahati

বিশ্বনাথত ক’ল সমাজৰ ২৩তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত ক’ল সমাজৰ ২৩তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১০ জুলাই ঃ ভাৰতৰ অন্যতম ভুমিপুত্ৰ আৰু খিলঞ্জীয়া জনগোষ্ঠী হিচাবে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়াই অহা ক’ল সমাজৰ বিশ্বনাথৰ হাইদাবাৰীত অনুষ্ঠিত হোৱা “২৩ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস” কাৰ্যসুচীত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ বিধায়ক গৰাকীয়ে ক’ল জনগোষ্ঠীৰ ভাষা ,কলা , কৃষ্টি সংস্কৃতি আৰু অসম আগমনৰ ঐতিহাসিক তথ্য আগবঢ়াই মাটি বাৰী বিক্ৰী নকৰিবৰ বাবে ক’ল সমাজৰ প্ৰতি আহ্বান জনাই ৷ এসময়ত বিশ্বনাথ চাৰিআলি নগৰস্থিত ক’লবস্তি নামৰ গাওঁখনত ক’ল জনগোষ্ঠীৰ বসতিপ্ৰধান আছিল ৷ যদিও মাটিবাৰী বিক্ৰী কৰাৰ ফলত সংখ্যালঘুৰ পৰিণত হল ক’ল সকল ৷ এতিয়া সময়ৰ লগে লগে ক’লবস্তিৰ পৰিৱৰ্তে মধুপুৰ নামে ঠাইখনৰ নাম নামাকৰণ কৰা হল ৷ সেয়েহে মাটিবাৰীয়ে সংস্কৃতি আৰু অস্তিত্ব ৰক্ষা কৰা বুলি বিধায়ক গৰাকীয়ে বক্তব্যত উল্লেখ কৰে ৷ ক’ল জনগোষ্ঠীৰ প্ৰায় পাছ শতাধিক লোকৰ উপস্থিতিত ক’ল সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোপাল ক’লৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক লোকেন ক’লৰ আত ধৰা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুলসভাত বিশিষ্ট অতিথি হিচাবে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোমতী কুৰ্মী , বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা গৌতম গোৱালা, বিশ্বনাথ শাখা আটছাৰ সভাপতি মহেশ ছত্ৰী,ক’ল সমাজৰ নেতা মহাদেৱ ক’ল , বিশ্বনাথ উপ পৌৰপতি প্ৰমুখ্যে ক’ল সমাজৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া সকলৰ অংশগ্ৰহণেৰে ক’ল সমাজৰ শৈক্ষিক, আৰ্থসামাজিক,ৰাজনৈতিক আৰু সাংস্কৃতিক দিশৰ ওপৰত আলোচনা কৰা হয় ৷ লগতে সদ্যসমাপ্ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷সভাৰ আৰম্ভণিতে চাফাই অভিযান, বৃক্ষৰোপণ , আৰু শ্বহীদ তৰ্পণ কৰা হয় ৷, বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাও সমাপন কৰে উদ্যোক্তা সকলে ৷ আদৰণি ভাষন আৰু শেষত শলাগৰ শৰাই আগবঢ়াই শোণিতপুৰ জিলা ক’ল সমাজৰ সভাপতি মনোজ ক’লে ৷

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds