31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গুজৰাটৰ গান্ধীধামত আয়ুষ বনৰ শুভ উদ্বোধন কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ

    পূর্বৰ চৰকাৰে গুৰুত্ব নিদিয়া ভাৰতৰ পৰম্পৰাগত আয়ুষ ব্যৱস্থাই মােদীজীৰ বলিষ্ঠ নেতৃত্বত বিশ্বমুখিতা লাভ কৰিছেঃ সােণােৱাল

    গান্ধীধাম, গুজৰাটঃ কেন্দ্রীয় আয়ুষ তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে আজি গুজৰাটৰ গান্ধীধামত ৰ’টাৰী ক্লাবৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত আয়ুষ বনৰ শুভ উদ্বোধন কৰে। দীনদয়াল বন্দৰ ন্যাসৰ দ্বাৰা আবণ্টিত ৩০ একৰ ভূমিত আয়ুর্বেদিক উদ্ভিদ ৰােপণৰ বাবে এই আয়ুষ বন গঢ় দিয়া হৈছে৷

    এই উপলক্ষে আয়ােজিত অনুষ্ঠানটিত কেন্দ্রীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় সাংসদ বিনােদ চাৱড়া, বিধায়িকা মালতী মহেশ্বৰী, দীনদয়াল বন্দৰ ন্যাসৰ অধ্যক্ষ সঞ্জয় মেহতা প্রমুখ্যে ৰ’টাৰী ক্লাবৰ পদাধিকাৰীগণ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে।

    অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেন্দ্রীয়
    মন্ত্ৰীগৰাকীয়ে আয়ুষ বনত ঔষধি গছপুলিও ৰােপণ কৰে। আয়ুষ বন গঢ় দিয়াৰ ক্ষেত্ৰত দীনদয়াল বন্দৰ ন্যাস আৰু ৰ’টাৰী ক্লাবৰ গুৰুত্বপূর্ণ ভূমিকাৰ শলাগ লৈ সৰ্বানন্দ সােণােৱালে ভাষণ প্রসংগত কয় যে- প্রকৃতিৰ মাজত অলেখ সুযােগ-সম্ভাৱনা নিহিত হৈ আছে। এই প্রকৃতিৰ পৰাই মানৱ সমাজে সকলাে প্রয়ােজনীয় সম্পদ আহৰণ কৰিছে। সেয়েহে প্রকৃতি আইৰ প্রতি চিৰকৃতজ্ঞ হৈ প্রকৃতিক সুৰক্ষিত কৰাটো প্ৰতিগৰাকী নাগৰিকৰে এক গুৰু দায়িত্ব।

    দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আয়ুষ মন্ত্রালয়ৰ গুৰুত্বপূর্ণ পদক্ষেপসমূহৰ ওপৰত আলােকপাত কৰি সােণােৱালে লগতে কয় যে- প্রধানমন্ত্রী নৰেন্দ্র মােদী ডাঙৰীয়াই শাসনভাৰ লােৱাৰে পৰা ভাৰতৰ চহকী পৰম্পৰাৰ চানেকি আয়ুষ ব্যৱস্থাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত যথেষ্ট গুৰুত্ব আৰােপ কৰিছে।

    মােদীজীৰ ভিজনক সাৰােগত কৰি আয়ুষ মন্ত্রালয়ে ইতিমধ্যে যাৱতীয় বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে, যাৰ জৰিয়তে কেৱল ভাৰতৰে জনগণ নহয়, সমগ্র বিশ্ববাসীয়ে এই সমৃদ্ধিশালী আয়ুষ পদ্ধতিৰ প্রতি আকর্ষিত হ’বলৈ ধৰিছে। কিন্তু এইক্ষেত্ৰত পূৰ্বৰ চৰকাৰে কোনােধৰণৰ গুৰুত্বই প্রদান নকৰিলে যাৰ ফলত দেশৰ ঐতিহ্য, পৰম্পৰাৰ চানেকি আয়ুষ ব্যৱস্থা অতবছৰে অৱহেলিত হৈ থাকিবলগীয়া হৈছিল।

    মােদীজীৰ দৃঢ় পদক্ষেপৰ বাবেহে এতিয়া আয়ুষ ব্যৱস্থাই বিশ্বমুখী হােৱাৰ লগতে যথেষ্ট গতিশীলতা লাভ কৰিবলৈ সক্ষম হৈছে।

    তদুপৰি ভাষণ প্রসংগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে- প্রকৃতিৰ মাজত থকা আয়ুষৰ সুযােগ-সম্ভাৱনাবােৰক মানৱ সমাজৰ হিতৰ বাবে অন্বেষণ কৰি সুপ্রয়ােগ কৰিব লাগিব, তেহে দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ অধিক সম্প্রসাৰণ হােৱাৰ উপৰিও চিকিৎসা ক্ষেত্ৰত এক শক্তিশালী বিকল্প মাধ্যম হিচাপে আয়ুষ পদ্ধতি ব্যৱহৃত হােৱাৰ অৱকাশ আছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.