31.3 C
Guwahati
Wednesday, December 10, 2025
More

    শেহতীয়া আপডেটঃ

    দেৰগাঁৱ ভয়ংকৰ পথ দুৰ্ঘটনা ১৩ জন মৃত্যু :বনভোজৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত মৃত্যুৰ কিৰিলি! 

    দেৰগাঁৱ ভয়ংকৰ পথ দুৰ্ঘটনা ১৩ জন মৃত্যু :বনভোজৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত মৃত্যুৰ কিৰিলি!

    গোলাঘাট ৩ জানুৱাৰী

    গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত বুধবাৰৰ পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা ৪৫ জনীয়া এটা দলে বনভোজ খাবলৈ তিনিচুকীয়া টিলিঙা মন্দিৰ অভিমুখে AS 02 AC 5083 নম্বৰৰ বাছেৰে গৈ আছিল৷ তাৰ পিচতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন৷
    ফলত ঘটনাস্থলীতে শিশুসহ ১৩ জন লোক নিহত হয়। ইফালে চিকিৎসালত আন দুজন লোকৰ মৃত্যু হয়৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত 27 জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে। গোলাঘাট আঠখেলীয়া ভৰলুৱাৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বনভোজ খাবলৈ আহিছিল ৪৫ জনীয়া দলটো। মাৰ্ঘেৰিটাৰ পৰা আহি থকা AS01PC 0648 নম্বৰৰ এখন ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় AS 02 AC 5383 নম্বৰ যাত্ৰীবাহী বাছখনৰ।ঘটনাস্থলীত মৃত্যু হোৱা কেইজনৰ মৃতদেহ সম্প্ৰতি দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত সামূহিক চিকিৎসালয়ত ৰখা হৈছে ৷আনহাতে একেটা পৰিয়ালৰ পাঁচগৰাকীকৈ সদস্যৰ মৃত্যু হয়। তেওঁলোক হৈছে অনিমা শইকীয়া (৬০) শুভাকুৰ শইকীয়া (১৩), নিহাৰিকা (১০), দীপালী শইকীয়া (৩৭), পিংকী শইকীয়া (৪৮)।আন কেইজন ক্ৰমে নৱজিৎ শইকীয়া (৪০), ৰিংকী বৰা (১৮), বাছৰ চালক মৃদুল বৰা (৩০), নিত্যানন্দ বৰা (নিতুল) (৪৮), প্রিঞ্চিপ্ৰিয়া বৰা (৭), সোমেশ্বৰ বৰা (৪৩) আৰু ট্ৰাক চালক নুৰ আলম হক।আনহাতে, এই ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈ চিকিৎসাধীন লোকসকলৰ ভিতৰত আছে নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্ৰাচুৰ্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩), কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২),বিতোপন বৰা (২৪), অৰ্চনা শইকীয়া (৪১), প্ৰীতি শইকীয়া (৭), অভিজিৎ বৰা(৬), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুৰ্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭), কুলুমণি শইকীয়া (৩৪), চিত্ৰলেখা বৰা (২৬), বিজিত শইকীয়া (২৮)আৰু অৰূপ শইকীয়া (৩৭)।ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষই ৪ লেনযুক্ত পথটোত ডাইভাৰচনৰ সৃষ্টি কৰিছিল, যাৰ ফলত ট্ৰাকখনে “ভুল লেন”ত প্ৰৱেশ কৰিছিল। স্থানীয় এজন বাসিন্দাই জনায় যে কুঁৱলীয়ে পৰিস্থিতি আৰু বেয়া কৰি তুলিছিল।ঘটনা সন্দৰ্ভত গোলাঘাটৰ উপাযুক্ত পি উদয় প্ৰবীনে কয়, ‘আমি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰি আছো। শেহতীয়াকৈ আমি দিল্লীৰ পথ সুৰক্ষা বিশেষজ্ঞ আৰু এন এইচ ডি চি এলৰ সৈতে বৈঠকত মিলিত হৈছিলো আৰু আমাক আশ্বাস দিছিল যে ঘাইপথত উপযুক্ত চিন আৰু অন্যান্য শুধৰণিৰ কাম এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। আজি এনেকুৱা ঘটনা ঘটাটো দুৰ্ভাগ্যজনক। কিন্তু আৰক্ষী আৰু কৰ্তৃপক্ষই তদন্ত সম্পূৰ্ণ কৰাৰ পিছতহে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে আমি অধিক ক’ব পাৰিম।’

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds