শেহতীয়া আপডেটঃ

নলবাৰী ৰেডক্ৰ’চ চোছাইটিৰ উদ্যোগত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক শুভেচ্ছা

♦ বিশিষ্ট চিকিৎসক বিধান চন্দ্ৰ ৰায়ৰ স্মৃতি দিৱস উপলক্ষে ভাৰতবৰ্ষত উদযাপন কৰি অহা ‘চিকিৎসক দিৱস’ৰ লগত সংগতি ৰাখি আজি নলবাৰীত ভাৰতীয় ৰেডক্ৰ’চ চ’ছাইটি, নলবাৰী জিলা শাখাৰ উদ্যোগত চিকিৎসক সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত ৰেডক্ৰচ ৰ এটি সজাতি দলে প্ৰথমতে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচু দেৱক ৰেডক্ৰ’চৰ তৰফৰ পৰা এখনি শুভেচ্ছা পত্ৰ জ্ঞাপন কৰা হয়।

নলবাৰী ৰেডক্ৰ’চ চোছাইটিৰ সম্পাদক পংকজ বৰ্মন, কাৰ্যনিৰ্বাহ সদস্য সুনিল শৰ্মা, জুনিয়ৰ ৰেডক্ৰ’চৰ আহ্বায়ক দিগন্ত লোচন শৰ্মা, ৰেডক্ৰচ স্বাস্থ্য সেৱা গোটৰ আহ্বায়ক দিলজিৎ বৰ্মনে নলবাৰী জিলাৰ স্বাস্থ্য বিষয়া ডাঃ কৈলাশ ডেকা, নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ধনঞ্জয় কলিতা, ডাঃ ৰঞ্জন ভট্টাচাৰ্য, ডাঃ গুনজিৎ কলিতা,ফুলেশ্বৰী নাৰ্চিং হোমৰ ডাঃ স্বৰ্ণলতা তালুকদাৰ, ডাঃ মৃগাংক তালুকদাৰ, ডাঃ দীপাংকৰ তালুকদাৰ, ডাঃ সৌৰভ তালুকদাৰ, ইউনাইটেড নাৰ্চিং হোমৰ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাঃ প্ৰনৱ কুমাৰ শৰ্মা, মেডিনোভা নাৰ্চিং হোমৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ প্ৰাঞ্জল তামুলি, নলবাৰী জিলাৰ বিশিষ্ট চিকিৎসক ডাঃ উমেশ চক্ৰৱৰ্তী, বিশিষ্ট সমাজ কৰ্মী, চিকিৎসক ডাঃ কামেশ্বৰ লহকৰ, ডাঃ বলেন্দ্ৰ নাৰায়ন ডেকা, বিশিষ্ট চকু বিশেষজ্ঞ ডাঃ অৰুণ বৰ্মন, ডাঃ জয়ন্ত শৰ্মা, ডাঃ মনোজ বৰ্মন আদিক একোখনকৈ শুভেচ্ছা পত্ৰৰে আটাইকে সম্ভাষণ জ্ঞাপন কৰাৰ হয়।

নলবাৰী জিলা ৰেডক্ৰ’চ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনে নলবাৰী জিলাৰ সকলো চিকিৎসকক সংবাদ মাধ্যমৰ জৰিয়তে চিকিৎসক দিৱসৰ আন্তৰিক শুভেচ্ছা জনায় লগতে এই সংকটময় সময়ত জনসাধাৰণক সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায় আৰু অনাগত দিনত চিকিৎসক সকলে নিজে স্বাস্থ্যবান হৈ যাতে সমাজক সুৰক্ষিত আৰু সুস্বাস্থ্যবান কৰি ৰাখে তাৰ প্ৰতি আন্তৰিকতাৰে আহ্বান জনায়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.