Saturday, May 24, 2025
27 C
Guwahati

ৰাজ্যিক বিজেপিৰ উদ্যোগত ‘”পৰিয়াল সম্পৰ্ক অভিযান” কাৰ্যসূচী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● গুৱাহাটী: অহা ২৩-০২-২০১ তাৰিখ মঙ্গলবাৰৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মাননীয় মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা স্তৰত জিলা সভাপতি, মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্য্যকৰ্তা সকলে নিজ নিজ সমষ্টিত এই ”পৰিয়াল সম্পৰ্ক অভিযান” কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ অনুষ্ঠানৰদ্বাৰা ৰাজ্যিক বিজেপিয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিব তথা ৰাইজৰ মনোভাব জানিব পাৰিব । এই অনুযায়ী নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, মাননীয় সাংসদ তথা ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে আদি কৰি মন্ত্ৰী, সাংসদ তথা বিধায়ক সকলে নিৰ্ধাৰিত সূচী অনুসৰি ভিন ভিন সমষ্টিত উপস্থিত থাকিব। প্ৰথম কাৰ্যসূচী হিচাপে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী যুত ৰণজিত কুমাৰ দাস ডাঙৰীয়াই ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ছাৰ্ভে বেলতলাৰ শ্বহীদ পথৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পুৱা ৯:৩০ বজাত উক্ত অভিযানৰ শুভাৰম্ভ কৰিব। ৰাজ্যিক বিজেপিৰ এনে কাৰ্যসূচীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোক আৰু অধিক ৰাইজৰ মাজলৈ লৈ যাব বুলি আশা কৰিব পাৰি।

দেৱান ধ্ৰুৱজ্যোতি মৰল
আহ্বায়ক, ৰাজ্যিৰ সংবাদ কোষ
ভাৰতীয় জনতা পাৰ্টি  অসম প্ৰদেশ

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds