শেহতীয়া আপডেটঃ

গোৱালপাৰাত ৬ এপ্ৰিলত ৪৮ ঘন্টাৰ বাবে মাদক দ্ৰব্য প্ৰচলন নিষিদ্ধ ঘোষণা

কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাইঃ অসম বিধান সভা নিৰ্বাচন ২০২১ৰ তৃতীয় পৰ্যায়ত অৰ্থাৎ ৬ এপ্ৰিলত গোৱালপাৰা জিলাত হ’বলগীয়া ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা দণ্ডাধীশ বৰ্ণালী ডেকাই অহা ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ ৪৮ ঘন্টাৰ বাবে জিলাখনত মাদক দ্ৰব্যৰ প্ৰচলন সম্পূৰ্ণ ভাৱে বন্ধ ঘোষণা কৰিছে৷

অসম চৰকাৰৰ ১০ মাৰ্চ ২০২১ ৰ EX.265/97/Pt./504 নং নিৰ্দেশ অনুসৰি গোৱালপাৰাৰ জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰিছে৷ উক্ত সময় চোৱাত কোনো ব্যক্তি বা ব্যক্তি সমূহে ব্যক্তিগত বা ৰাজহুৱা স্থানত দেশীয় সুৰা, দেশত নিৰ্মিত বিদেশী সুৰা আদিৰ মজুতকৰণ, বিক্ৰী , দান অথবা বিতৰণ কৰিব নোৱাৰিব৷ ভোট গণনাৰ বাবে নিৰ্দিষ্ট কৰা দিনটোত অৰ্থাৎ ২ মে’ৰ দিনাখনো ভোট গণনা সমাপ্ত নোহোৱালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব৷ গোৱালপাৰা জিলা দণ্ডাধীশৰ এই নিৰ্দেশনা ভংগ অথবা আওকাণ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুসৰি শাস্তিযোগ্য অপৰাধত দোষী সাব্যস্ত কৰা হ’ব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.