শেহতীয়া আপডেটঃ

উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ ‘কীর্তি সুবাস’ ◊ ড° বুলজিৎ বুঢ়াগোহাঁই

‘কীর্তি সুবাস’ হ’ল সমাজ সংগঠক , সাংবাদিক তথা প্রবন্ধকাৰ উমেশ খণ্ডেলিয়াদেৱে সম্পাদনা কৰা এখন প্রবন্ধ সংকলন। ‘কীর্তি সুবাস’খন উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- পূৰ্বোত্তৰ মাৰৱাড়ী মণ্ডলীয় সমিতি (মণ্ডল ‘গ’) আৰু প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা। গ্রন্থখনত মুঠ ২৫৭ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৪০০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ফেব্ৰুৱাৰী, ২০২৪ চন আৰু মুদ্ৰণ ব্যৱস্থাপনাত আছে ডঁৰিয়লি, লখিমপুৰ।
গ্ৰন্থখনত শুভেচ্ছা বাণী আগবঢ়াইছে ড° সূৰ্য্যকান্ত হাজৰিকা, সভাপতি, অসম সাহিত্য সভা; মোহন সোনোৱাল, সভাপতি, সোনোৱাল কছাৰী সাহিত্য সভা; ড° অমিয়া ৰাজবংশী সভাপতি, প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা আৰু ড° বন্তি গগৈ হাওবৰা , প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা।
গ্রন্থখনৰ ‘আগকথা(সুন্দৰৰ আৰাধনা জীৱনৰ খেলা)’ত ড° মুকুন্দ ৰাজবংশীয়ে এইদৰে উল্লেখ কৰিছে–“… ইংৰাজসকলে ১৮১৮ চনত অসমক নিজৰ অধীনলৈ অনাৰ পাছৰে পৰা সুদূৰ ৰাজপুতনাৰ (বৰ্তমানৰ ৰাজস্থান) পৰা অসমলৈ তথা উত্তৰ-পূব ভাৰতলৈ প্রায় ৬ লাখৰো অধিক লোকৰ প্ৰব্ৰজন ঘটিল। তেওঁলোকে অসমখনক দ্বিতীয় ঘৰ হিচাপে গ্রহণ কৰি সোণত সুৱগা চৰোৱাৰ দৰে অসমৰ ভাষা-সংস্কৃতিক নিজৰ হিচাপে লৈ জাগ্ৰত প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই আছে।… শ্রী উমেশ খণ্ডেলিয়াৰ পৰশত সম্পাদিত গ্রন্থ ‘কীর্তি সুবাস’ অসমৰ এক আপুৰুগীয়া গ্রন্থ হৈ বৃহত্তৰ অসমীয়া সমাজক চহকী কৰিব বুলি আশা কৰিলোঁ। বিখ্যাত মনীষী ভলটেয়ৰে কৈছিল- ‘গ্রন্থই বিশ্বখনক নিয়ন্ত্রণ কৰে।’ সেইদৰে এই গ্রন্থ- ‘কীর্তি সুবাস’-এ বৃহত্তৰ অসমীয়া আৰু মাৰৱাড়ী সমাজৰ মধুৰ মিলনৰ স্বাক্ষৰৰ ইতিহাস চিৰসেউজীয়া কৰি ৰাখিব।”
পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী সন্মিলন, মণ্ডলীয় সমিতি (মণ্ডল ‘গ’)ৰ সম্পাদক, ৰাজকুমাৰ সৰাফ আৰু সভাপতি, ছত্তৰ সিং গিৰিয়াদেৱে ‘প্রকাশকৰ একাষাৰ’ত এইদৰে উল্লেখ কৰিছে- “…১৯৩৫ চনত অসমৰ ডিব্ৰুগড়ত জন্মলাভ কবি সমগ্ৰ ভাৰতবৰ্ষত বিস্তাৰিত হোৱা মাৰৱাড়ী সম্মিলন মাৰবাড়ীসকলৰ এক অৰাজনৈতিক জনকল্যাণমূলক সামাজিক সংগঠন। জন্মলগ্নৰ পৰাই মাৰৱাড়ী সমাজক সংস্কাৰিত আৰু সংগঠিত কৰাৰ উপৰি স্থানীয় সমাজ-সংস্কৃতি, ভাষা- সাহিত্য, উদ্যোগ-বাণিজ্য আদিৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰি আহিছে। এই সংগঠনৰ পৰিচয় উত্তৰ-পূব ভাৰতত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰৱাড়ী সম্মিলন হিচাপে জনা যায়। অলপতে আমি জৰীপ কৰি লোৱা তথ্যৰ মতে, অসমৰ শতাধিক মাৰৱাড়ী সাহিত্যিকৰ দ্বাৰা ৰচিত পাঁচশৰো অধিক গ্রন্থ ইতিমধ্যে প্রকাশ আৰু বিতৰণ হৈছে। অসমৰ মাৰৱাড়ী সমাজৰ সম্পর্কে অসমীয়া পাঠক সমাজক আৰু অধিক অৱগত কৰাৰ মানসেৰে মাৰৱাড়ী সম্মিলনে ইতিমধ্যে কেইবাখনো গ্রন্থ প্রকাশ কৰিছে।”


‘সম্পাদকীয় অনুভৱ’ত উমেশ খণ্ডেলিয়াদেৱে এইদৰে উল্লেখ কৰিছে- “…সহজ-সৰল, কষ্টসহিষ্ণু, ব্যৱসায়পটু, দানী প্রবৃত্তিৰ, সমন্বয়ভাবী আদি সৰ্বসাধাৰণে মাৰৱাড়ীসকলক দিয়া বিশেষণমূলক সম্বোধন। এই বিশেষণসমূহৰ আধাৰ নিশ্চয় নথকা নহয়। অনুসন্ধানমূলক প্রবৃত্তি থকাৰ বাবে মোৰ মনত ইয়াৰ ভিত্তি জনাৰ আগ্রহ কিশোৰ কালৰ পৰাই আছিল। ২০০১ চনত ধেমাজিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পাছৰ পৰা এই মনোভাৱটো আৰু অধিক সবল হৈ পৰিল। চেষ্টা আৰম্ভ হ’ল।”
এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল–স্মিতা খাটুৱালাৰ ‘ড° শ্যামসুন্দৰ হাৰলালকা: এক বিৰল ব্যক্তিত্ব’,যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত কয়াল (আগৰৱালা)’,ৰাজেশ ৰাঠীৰ ‘লখিমপুৰৰ মাৰৱাড়ী সমাজৰ প্ৰথম স্নাতক: মদনলাল মালপানী’,অৰুণজ্যোতি বৰাৰ ‘বিশিষ্ট হিন্দী সাহিত্যিক, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটাপ্ৰাপক ড° সাঁৱৰমল সাংগানেৰীয়াৰ জীৱন আৰু কৃতিত্ব’,দীপালী চেতিয়া বৰগোহাঁইৰ ‘শদিয়াবাসীৰ বটবৃক্ষ ভগৱতী প্রসাদ শৰ্মা’,যোগেশ কাকতিৰ ‘’বৃক্ষবন্ধু’ ৰাধেশ্যাম গোৱেংকা’,নিবেদিতা বড়া সন্দিকৈৰ ‘ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক, কৃতি শিক্ষয়িত্ৰী বিনীতা চৌধুৰী গাৰোডিয়া’,উমেশ খণ্ডেলীয়াৰ ‘কপুৰ চান্দ জৈন: এক বিৰল ব্যক্তিত্ব’,বজৰঙ্গ খেমকাৰ ‘ডাঃ জ্ঞানচন্দ্র জৈন: এজন সাধাৰণ লোকৰ অসাধাৰণ কথা’,ৰাজেশ ৰাঠীৰ ‘’অগ্রৰত্ন’ ওমপ্রকাশ দিনোদিয়া’,বিজয় বৰিৰ ‘সামাজিক দায়বদ্ধতাৰে উদ্বুদ্ধ শিক্ষাবিদ জন্মেজয় আগৰৱালা’,প্রসেনজিৎ গোস্বামীৰ ‘দেৱীপ্রসাদ বাগড়োদিয়া’,লক্ষেশ্বৰ দত্তৰ ‘আৰ্তজনৰ বন্ধু, সমাজসেৱক ৰাজেন্দ্ৰ কুমাৰ আগৰৱালা’,বজৰঙ্গ খেমকাৰ ‘নলবাৰীৰ সমাজহিতৈষী ঈশ্বৰ দাস বাজাজ’,টঙ্গী দেৱীৰ ‘শান্তা আগৰৱালা’,ঔংকাৰ পাৰিকৰ ‘স্বর্গীয় নন্দলাল গাৰোডিয়া’,যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত লোহিয়া’,অনুপম শইকীয়াৰ ‘ওংকাৰমল আগৰৱালা’,গোপাল মহেশ্বৰীৰ ‘প্রয়াত হনুমান প্রসাদ আগৰৱালা’,বীৰেন আগৰৱালাৰ ‘বিৰল ব্যক্তিত্বৰ অধিকাৰী শিউনন্দন ৰায় আগৰৱালা’,ডাঃ অজিত বৰুৱাৰ ‘বিনম্রতাৰ প্ৰতীক, সমাজহিতৈষী মদনলাল খেতান’,শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘স্বর্গীয় কাশীপ্রসাদ বিহানী’,ড° হৰিপ্ৰসাদ গোৱেংকাৰ ‘কলাকাৰ শংকৰলাল গোৱেংকা’,বজৰঙ্গ খেমকাৰ ‘বহুমুখী প্রতিভাশালী প্রেমলতা খণ্ডেলৱাল’,ড° বাবুলাল মোৰৰ ‘জ্ঞানপিপাসু দেৱীপ্রসাদ’, শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘ৰায়চাহেব বালাবক্স হংসাৰিয়া’,অণিমা দেৱী বৰঠাকুৰৰ ‘সমাজহিতৈষী প্রদীপ খাদৰিয়া’, পবন চান্দকৰ ‘কর্মযোগী প্রয়াত শংকৰলাল চান্দক’,যোগেশ কাকতিৰ ‘টংলাৰ ‘হীৰা’- হীৰালাল পাটোৱাৰী’,শিৱৰতন ৰাঠীৰ ‘স্বর্গীয় পৰমেশ্বৰলাল মহেশ্বৰী’,বগেন গগৈৰ ‘ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্য আৰু হৰিবিলাস আগৰৱালা’,অৰুণজ্যোতি বৰাৰ ‘’কর্মযোগী’ ৰাজেশ মালপানী’,ড° বাবুলাল মোৰৰ ‘নামেই যাৰ পৰিচয়: বীৰৰো বীৰ মহাবীৰ প্ৰসাদ’,বিজয় বৰিৰ ‘প্রকৃতি সংৰক্ষণত বিৰল ব্যক্তিত্বৰ অধিকাৰী: তোষেশ্বৰ মিৰি আগৰৱালা’,শ্যামসুন্দৰ ভিৱচৰিয়াৰ ‘কেদাৰমল ব্রাহ্মণ’,যোগেশ কাকতিৰ ‘বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ওমপ্রকাশ টোডী’ আৰু শিল্পা বাগৰীয়া সুৰেকাৰ ‘ৰামলাল বাগৰীয়া আৰু বাগৰীয়া পৰিয়াল।’
এইগ্রন্থখনতে উল্লেখ আছে – এজন ডাক্তৰে জ্ঞানচন্দ্ৰ জৈন নামৰ সৰু ল’ৰা এটাক কৈছিল- ‘তুমি জীৱনত কোনোদিনে ডাক্তৰ হ’ব নোৱাৰা। যদি কিবাকৈ ডাক্তৰ হৈও যোৱা, ‘ছার্জন’ কেতিয়াও হ’ব নোৱাৰিবা।’ সেই সৰু ল’ৰাটোক এই কথাখিনিয়ে ভৱিষ্যতৰ বাবে এটা যাত্রাপথ দিলে। সেই ডাক্তৰজনৰ এনে কথা শুনি তেওঁ নিজৰ শৈশৱ কালতে পণ ল’লে- ‘জীৱনত যদি কিবা হ’ম, একমাত্র ডাক্তৰ হ’ম, তাকো ‘ছার্জন’।’ জ্ঞানচন্দ্র জৈনে পৰৱৰ্তী সময়ত নিজৰ লক্ষ্যত উপনীত হয় আৰু ডাঃ জ্ঞানচন্দ্র জৈন ওৰফে জি, চি, জৈন নামেৰে খ্যাত হয়।
আমাৰ দেশ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত থকাৰ সময়তে সুদূৰ ৰাজস্থানৰ পৰা মাৰৱাড়ী মূলৰ এটা পৰিয়াল ব্যৱসায়সূত্রে উজনি অসমৰ অজান্তিমুলুক হিচাপে পৰিচিত জোনাই-মুর্কংচেলেক অঞ্চলত থিতাপি লৈছিল। অসমীয়া জাতিৰ সৈতে বিশেষকৈ মিচিংসকলৰ সমাজ-জীৱনত এই পৰিয়ালটোৱে ইমানেই সম্পৃক্ত হৈ পৰিছিল যে পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালটোৱে নিজা উপাধিটোৰ লগত ‘মিৰি’ বুলি লিখিবলৈ ল’লে আৰু ৰাইজেও তেওঁলোকক মিৰি পৰিয়াল বুলিয়েই চিনি পায়। সেই বিষয়েও গ্রন্থখনৰ পাতত উল্লেখ আছে।
অসমৰ ঔদ্যোগিক, বাণিজ্যিক আৰু সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত মাৰৱাড়ীসকলৰ অৱদান আজিৰ পৰা প্রায় দুশ বছৰৰ আগতেই আৰম্ভ হৈছিল। অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বিশেষ ধৰণৰ ভূমিকা গ্রহণ নকৰি কেৱল বাণিজ্যিক আৰু ঔদ্যোগিক বিকাশৰ লগতে সাহিত্যৰ দিশটোত মনোনিৱেশ কৰা এই মাৰৱাড়ী সমাজৰ নিৰৱচ্ছিন্ন অৱদান তথা চৰ্চাৰ ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে। বাণিজ্যিক দিশটোক কেন্দ্ৰ কৰি সুদূৰ ৰাজস্থানৰ পৰা কেৱল অসমেই নহয়, সমগ্র দেশৰ বিভিন্ন প্রান্তলৈ সিঁচৰতি হৈ পৰা এই মাৰৱাড়ী সমাজে অসমৰ সাহিত্য- সংস্কৃতিলৈ আগবঢ়োৱা অৱদান অতুলনীয়। ‘কীর্তি সুবাস’ গ্রন্থখন পঢ়ি ভাল লাগিল। এই গ্রন্থখনে মাৰৱাড়ী তথা বৃহত্তৰ অসমীয়া সমাজক উপকৃত কৰাৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াব। এনেকুৱা এখন গ্রন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে উমেশ খণ্ডেলিয়াদেৱক ধন্যবাদ জনাইছোঁ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.