ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত অহা ৬ জানুৱাৰীৰ পৰা গুৱাহাটীত সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আগন্তুক ক্ৰীড়া প্ৰতিযোগিতাৰ সূচীৰ বিষয়ে অৱগত কৰে উত্তৰ পূৱ মণ্ডলৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ ক্ষেত্ৰীয় সচিব দীপক পুনিয়াই। সংবাদ মেলত দীপক পুনিয়াই কয় ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ গুৱাহাটীৰ দুটা স্থানত পাঁচদিনীয়াকৈ ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হব। তাৰ ভিতৰত জজ খেলপথাৰত দিবা-নৈশ আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত ষ্টেডিয়ামত কেৱল দিনৰ ভাগত খেলসমূহ অনুষ্ঠিত হব। প্ৰতিযোগিতাত উত্তৰ পূৱ মণ্ডলকে ধৰি মুঠ ছয়টা মণ্ডলে ভাগ লব। প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্বত থাকিব অসম ক্ৰিকেট সংস্থাৰ দ্বাৰা নিৰ্বাচিত আম্পায়াৰ। ৬ জানুৱাৰীত জজ খেলপথাৰত পুৱা ৭.৩০ বজাত প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম ৰাজা কিশোৰ, বিশিষ্ট অতিথি হিচাপে ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উপ সভাপতি জ্ঞান বাত্ৰা, এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ (এ এ ই ইউ) উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাস উপস্থিত থাকিব। ১০ জানুৱাৰীৰ দিনা সন্ধিয়া বৰঝাৰস্থিত হোটেল কিৰণশ্ৰীত প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হব। তাত বিজয়ী আৰু বিজিত দল, বিভিন্ন শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হব। আনহাতে সংবাদ মেলত এ এ ই ইউৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাস, প্ৰাধিকৰণৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ মিডিয়া মেনেজমেণ্ট কমিটীৰ সম্পাদক সুশীল লাল চৌধুৰী, যুটীয়া সম্পাদক ধীৰাজ কুমাৰ শৰ্মা, সদস্য দীপক কুমাৰ ভগত উপস্থিত থাকে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



