শেহতীয়া আপডেটঃ

বিহালীত দুই বনদস্যূৰ সন্ত্ৰাস ; অবৈধভাৱে ইটাভাটত মাটি সৰবৰাহ

 

বিহালী ঃ ৮ নৱেম্বৰ

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীত চলিছে বনদস্যূৰ দপদপনি ৷ অভিযোগমতে দীৰ্ঘদিনৰ পৰা বিহালীৰ বৰজাৰণিৰ একাংশ বনদস্যুৱে ডাম্পাৰে-ডাম্পাৰে অবৈধভাৱে বিহালীৰ বৰগাঙৰ একাংশ ইটাভাটাত চোৰাংভাৱে মাটি যোগান ধৰি আহিছে ৷ তথ্যমতে বিহালীৰ বৰজাৰণিৰ দুই বনদস্যু ক্ৰমে – মোবাৰক আলি আৰু মোজাহিদ আলিয়ে

মাইনি অৰ্ডাৰ অবিহনে অবৈধ্যভাৱে কৃষি পথাৰ খনন চলাই বিহালীৰ বৰগাঙৰ ”তাজ” (TAJ) ভাডা আৰু আই•বি•আই(I•B•I)কে আদি কৰি কেইবাটাও ইটাভাটাত চোৰাংভাৱে মাটি যোগান ধৰি আহিছে ৷ অৱশ্যে এইক্ষেত্ৰত বৰগাং বন বিভাগে কোনো ধৰণ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে যাৰফলত ভূমাফিয়া দুটাই দিনে নিশা ডাম্পাৰে-ডাম্পাৰে মাটি সৰবৰাহ কৰি আহিবলৈ সুযোগ লাভ কৰিছে৷

প্ৰাপ্ততথ্যমতে , বিহালী বৰগাঙৰ তাজ (TAJ) ,আই•বি•আই (IBI)কে আদি কৰি কেইবাটাও ইটাভাটাত নীতিবহিঃভূতভাৱে AS-02C-3469, AS-11DC-1922 আৰু AS-07C-7841 নম্বৰৰ
৩ খন ডাম্পাৰে বিহালীৰ বৰজাৰণিৰ দুই বনদস্যূ মোবাৰক আলি আৰু মোজাহিদ আলিয়ে বৰগাং অঞ্চলৰ IBI আৰু TAJ নামৰ ইটাভাটাত মাইনিং অৰ্ডাৰহীনভাৱে কৃষিভূমিৰ মাটি সৰবৰাহ কৰি আহিছে । অতিআশ্বৰ্যকৰ বিষয়টো হ’ল , বিহালীৰ বৰজাৰণিৰ দুই বনদস্যু মোবাৰক আলি আৰু মোজাহিদ আলিয়ে বিহালীৰ বৰগাঙৰ ইটাভাটাত অবৈধভাৱে মাটি যোগান ধৰাৰ বিষয়টো বৰগাং বন বিভাগৰ বিষয়াক অৱগত কৰাৰ পিছতো বৰগাঙ বন বিভাগে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বৰগাং ট্ৰেক্টৰ মালিক সন্থায় ৷ উল্লেখ্য যে , বিহালীৰ বৰগাঙ বন বিভাগে বেআইনীভাৱে মাটি সৰবৰাহ কৰা চক্ৰটোৰ বিৰূদ্ধে কোনো পদক্ষেপ হাতত নোলোৱাত বৰগাং ট্ৰেক্টৰ সন্থাই উপায়ন্তৰহৈ মংগলবাৰে বৰগাং আৰক্ষী চকীৰ সন্মুখৰ পৰা তিনিখনকৈ ডাম্পাৰ জব্দ কৰি বৰগাং বনাঞ্চলিক বিভাগক গতাই দিয়ে৷

 

অতিগুৰুত্বপূৰ্ণ বিষয়টো হ’ল – যিসময়ত ৰাজ্যত আৰক্ষীৰ গুৰি পৰুৱা এটাও সৰকি যাৱ নোৱাৰা নিছিদ্ৰ পহৰাৰ প্ৰকোপ সেইসময়ত খোদ্ দুখন আৰক্ষী থানাৰ সন্মুখেদি দিনে-ৰাতিয়ে নথি-পত্ৰবিহীন ডাম্পাৰে বেআইনীভাৱে মাটি সৰবৰাহ কৰি আহিছে ৷ আনহাতে , ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত M-Parivahan( এম-পৰিবহন)-ৰ তথ্যমতে বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰজাৰণিৰ দুই বনদস্যু মোবাৰক আলি আৰু মোজাহিদ আলিয়ে অবৈধ্যভাৱে মাটি সৰবৰাহ কৰা ডাম্পাৰ নম্বৰ AS-02C-3469 বাহনখনৰ ফিটনেছ, টেক্স, ইঞ্চুৰেঞ্চ, পলিউচন আদিৰ ম্যাদ ইতিমধ্যে উকলি গৈছে , AS-11DC-1922 বাহনখনৰ টেক্স আৰু পলিউচনৰ ম্যাদ ইতিমধ্যে উকলি গৈছে। আৰু AS-07C-7841 নম্বৰৰ ডাম্পাৰখনৰো ফিটনেছ, টেক্স, ইঞ্চুৰেঞ্চ আৰু পলিউচনৰ ম্যাদ ইতিমধ্যে উকলি গৈছে৷ বৰগাং ট্ৰেক্টৰ সন্থাই বন বিভাগক চমজাই দিয়া নথি-পত্ৰহীন ৩ খন ডাম্পাৰৰ বিৰূদ্ধে বিশ্বনাথ পৰিবহন বিভাগে যান বাহন আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ লগতে বৰগাং বন বিভাগে অবৈধ্য মাটি সৰবৰাহৰ বিষয়টো সন্দৰ্ভত AMCCআইন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি নথিপত্ৰবিহীন ডাম্পাৰ কেইখন পৰিবহন বিভাগক হস্তান্তৰ কৰিৱলৈ দাবী তুলিছে৷ অৱশ্যে বৰগাং বন বিভাগে বিহালীৰ জিনজিয়াৰ দুই বনদস্যুৰ নথিপত্ৰহীন ডাম্পাৰ ৩ খন পৰিবহন বিভাগক গতাই দিয়েনে নিদিয়ে সময়ত হে’স্পষ্ট হ’ব

(বাতৰি সংগ্ৰহ অসমীয়া প্ৰতিদিন ডিজিটেল )

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.