শেহতীয়া আপডেটঃ

স্বাস্থ্য-চৰ্চাঃ মহিলাৰ স্তনৰ কৰ্কট ৰোগ

Diagnosed with Breast Cancer? Now what – Well Womenকিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক। স্তনৰ কৰ্কট হ’লে এই তিনিওবিধ অংগ ক্ষতিগ্ৰস্ত হয়। স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়। জৰায়ুৰ পাছতেই বেছিভাগ মহিলাৰ ক্ষেত্ৰতে স্তনত কৰ্কট ৰোগ হোৱা দেখা যায়।

Breast Cancer Awareness Month | FDA

স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ উদ্ভৱ হয়। সচৰাচৰ স্তনত স্কিৰাছজাতীয় কঠিন আৰু দুষ্ট অৰ্বুদ জন্মে। যৌৱনৰ শেষত বা মাজবয়সত, বেছিভাগ ক্ষেত্ৰ্তে ৪০-৫০ বছৰীয়া মহিলাসকলক সাধাৰণতে এইবিধ অৰ্বুদে অধিক আক্ৰমণ কৰা দেখা যায়। স্তনৰ ভিতৰভাগত নাইবা ছালৰ ঠিক তলৰপৰাই কঠিন অৰ্বুদৰ উদ্ভৱ হয় আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ ছালত সংলগ্ন হৈ পৰে। স্তনৰ ভিতৰত অৰ্বুদ স্থিৰ হৈ পৰে। অৰ্বুদ স্তনৰ ছালৰ ঠিক তলতে থাকে, ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়। ছাল আৰু কলাসমূহত এই অৰ্বুদ খামুচ খাই ধৰাৰ পাছত বেজীয়ে বিন্ধাৰ নিচিনা বিষ হয়। কেচুঁৱাই গাখীৰ খাই থকা মহিলাৰ এই অৰ্বুদ হ’লে অৰ্বুদ কোমল আৰু বিষযুক্ত হয়। দুগ্ধবাহী নলীত এনে অৰ্বুদ হ’লে স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়। স্তনবৃন্ত বা স্তনৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাব ধৰে আৰু এটা সময়ত নাভিৰ দৰে গাঁত হৈ পৰে। ৰোগৰ প্ৰকোপ বা বৃদ্ধি যদি প্ৰতিহত কৰিব পৰা নাযায়, তেন্তে কাষৰ গ্ৰন্থিসমূহো ক্ৰমান্বয়ে স্ফীত, কঠিন আৰু বিষময় হৈ পৰে। আৰু এনেকৈয়ে কাষলতি, পিঠি আৰু বুকুৰ মাজত থকা হাড়ডাল পাৰ হৈ আনটো স্তনলৈকে এই ৰোগ বিয়পি পৰে। স্তন-কৰ্কটৰ অৰ্বুদটো কোনো খোলা বা আৱৰণৰ দ্বাৰা আবৃত নোহোৱা হেতুকে ই ওচৰৰ যিকোনো কলা-কোষলৈকে বিস্তাৰিত হ’ব পাৰে। স্নায়ু-নলী, ৰক্তবাহিকা আৰু লসিকা-প্ৰণালীৰ দ্বাৰা শৰীৰৰ যিকোনো ঠাইলৈকে এই অৰ্বুদ বিয়পিব পাৰে।

The impact of breast cancer on women's fertility - Times of India

কাষলতি অঞ্চলৰ লসিকা গ্ৰন্থিসমূহ সহজেই আক্ৰান্ত হয়। ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰে, বিষো ক্ৰমান্বয়ে অসহনীয় হৈ আহে। অস্ত্ৰৰ দ্বাৰা আঘাত কৰাৰ নিচিনা তীব্ৰ যন্ত্ৰণাত ভূগিবলগীয়া হয়। পাছলৈ বিষ আৰু যন্ত্ৰণাৰ বাবে ৰোগিনীয়ে এক মুহূৰ্তও স্বস্তি নাপায় আৰু ভালদৰে টোপনিও নহয়। অৰ্বুদ হঠাতে ফাটি যাব পাৰে আৰু পাছলৈ ছালত ফুটা হৈ গভীৰ ক্ষতৰ সৃষ্টি হয়। সেই ক্ষতৰপৰা অতি তীব্ৰ দূৰ্গন্ধময় ক্লেদ আৰু ৰস নিৰ্গত হ’বলৈ ধৰে। লগতে প্ৰচুৰ পৰিমানে ৰক্তস্ৰাৱো হয়। এই ক্ষতৰ দাঁতি অসমান, উঠা আৰু বাহিৰলৈ ওলাই অহা ধৰণৰ। তলভাগ কঠিন, টেমুনাৰ দৰে। দেখিলে এনে ভাৱ হয় যেন এই মাত্ৰ ফাটি তেজ ওলাই আহিব! ক্ষতৰ চাৰিওফালে ঘামচিৰ দৰে সৰু সৰু টেমুনা কিছুমানৰ উদ্ভৱ হয়। দেখাত ৰংচুৱা। ক্ষত বাঢ়ি অহাৰ লগে লগে স্তনৰ মাংস ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰে। চিকিৎসাঃ ৰোগৰ আৰম্ভণীৰেপৰা হোমিঅ’পেথিক বিধান অনুযায়ী সুনিৰ্বাচিত ঔষধাদিৰ দ্বাৰা চিকিৎসা কৰিলে শান্ত অৰ্বুদ দুষ্ট অৰ্বুদলৈ পৰ্যবসিত হ’ব নোৱাৰে। আৰু দুষ্ট অৰ্বুদৰো বৃদ্ধি প্ৰতিহত হৈ আৰোগ্যৰ দিশলৈ উভতি আহে, ক্ষতৰ ৰস-ৰক্ত ক্ৰমশ কমি আহি শুকাবলৈ ধৰে। হোমিঅ’পেথিত স্তন কৰ্কট নিৰাময় কৰিবপৰাকৈ এপিচ মেল, আৰ্চেনিক, বেলেডোনা, কেলকেৰিয়া কাৰ্ব, কাৰ্ব’এনিমেলিচ, কোনায়াম, গ্ৰেফাইটিছ, লেলেছিছ ফছফৰাছ, চিপিয়া আদি শতাধিক ভেষজ আছে। মাথোন ৰোগীৰ মানসিক আৰু সাৰ্বিক লক্ষণ অনুযায়ী প্ৰয়োগ কৰিবপৰাটোহে আচল কথা।
উৎসঃ Vikaspedia

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.