শেহতীয়া আপডেটঃ

অচিনাকী যৌন ৰোগ

বীজানুৱে পোনে পোনে যৌনাংগত সৰু সৰু ঘাঁৰ সৃষ্টি কৰে আৰু লিমফবাহী সিৰাবোৰ ভিতৰেদি চলি গৈ লিমফৰস চলাচলৰ পথত প্ৰ্তিবন্ধতাৰ সৃষ্টি কৰে।

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয় কিয়নো যৌন ৰোগ বুলিলে জনসাধাৰানে সহজ প্ৰচলিত গনৰিয়া আৰু চিফিলিছ ৰোগৰ কথা শুনিছে আৰু কিছু পৰিমানে জানে। ইয়াৰ কাৰন হল (ক)বাকী যৌন ৰোগসমূহৰ সম্পৰ্কত স্বাস্থ্য বিষয়ক লেখাসমূহতো বৰকৈ প্ৰকাশ নহয়। (খ)পাশ্চাত্যৰ দেশসমুহৰ বাসিন্দাসকলৰ তুলনাত আমাৰ দেশৰ জনসাধাৰন মাজত ইয়াৰ ব্যাপকতা কম,(গ)সাধাৰন মনৰ পেথলজিকেল লেবৰটৰী সমুহতো এই সকলোবোৰ অচিনাকী যৌন ৰোগৰ বাবে লাগতিয়াল পৰীক্ষাসমূহ সহজ উপলদ্ধ নহয়।(ঘ)উপলদ্ধ হলেও পৰীক্ষাসমূহ ৰিপৰ্টত যথেষ্ঠ ফাঁক থাকি যায়।(ঙ)কোনো মহিলা উপৰ্যুপৰি দুই বা তাতোধিক গৰ্ভপাতৰ কাৰন নিৰ্দ্ধাৰনৰ কৰিবলৈ মহিলাগৰাকীক এনেধৰনৰ অচিনাকী যৌন ৰোগৰ বিশেষ পৰীক্ষাবোৰ কৰিবলৈ দিয়া পৰিলক্ষিত হয়।

লিমফগ্ৰেনুলোমা ভেনেৰাম:ছেলমাইডিয়া ট্ৰেকোমেইটিছ নামৰ এবিধ দুৰ্দান্ত আৰু আক্ৰমণাত্মক জীৱানুৰদ্বাৰা।এইবিধ যৌন ৰোগ হয়।বিয়পন কাল,(২-২১ দিন)ব্ৰ্ক্ষদেশ,ফিলিপাইন,কম্বোডিয়া,ভিয়েটমান,মালয়ছিয়া,দক্ষিন আমেৰিকা আদি দেশৰ সাগৰীয় বন্দৰবোৰত ঘুৰি-ফুৰা যৌন কৰ্মীৰ দেহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।এইবিধ বীজানুৱে পোনে পোনে যৌনাংগত সৰু সৰু ঘাঁৰ সৃষ্টি কৰে আৰু লিমফবাহী সিৰাবোৰ ভিতৰেদি চলি গৈ লিমফৰস চলাচলৰ পথত প্ৰ্তিবন্ধতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত সমস্ত  ভালভা উখহি পৰে।এই জীৱানু মলদ্বাৰলৈকে বেয়ালৈ বিয়পি মলদ্বাৰৰ পথ পৰ্যন্ত অৱৰুদ্ধ হব পাৰে।

গ্ৰেনুলোমা-ই-ঈইনেলি ভেনেৰাম:ডন্ভেনিয়া গ্ৰেনুলমেটিছ নামৰ গ্ৰামনিগেটিভ বীজানু(Bacilus)দ্বাৰা সংক্ৰমন হয়।বিয়পন কাল(১০-১৪ দিন)।ই যৌনাঙ্গৰ ওপৰত ঘাৰঁ সৃষ্টি কৰে আৰু সহজে কোনো ধৰনৰ এন্টিবায়টিক ক্ৰিয়া কৰিব নোৱাৰে।অস্ত্ৰোপচাৰৰদ্বাৰা ইয়াক ছেদন কৰি এম্পিচিলিন বা টেট্ৰাচইক্লিন জাতীয় দৰৱৰে দুই-তিনি সপ্তাহ চিকিৎসা কৰিব লাগে।

চেংক্ৰয়ড:হেমফিলাচ ডুক্ৰেইলনামৰ এবিধ গ্ৰামনিগেটিভ জীৱানুদ্বাৰা এইবিধ যৌন ৰোগ স্ংক্ৰমন হয়।ইয়াৰ আন এটা নাম soft sore।সৰু সৰু বেদনাদায়ক ফোঁহাৰে এক সমষ্টি ধাৰন কৰি পিছলৈ সেইবোৰ ফাটিগৈ সুৰ্গন্ধময় পূজৰ সৃষ্টি কৰে।যৌনাঙ্গ,যোনিদ্বাৰ(Vagina)আৰু জৰায়ুৰ মুখত(Cervix)ই আক্ৰমন কৰে।কৰঙ্গনৰ চকুত থকা লিম্ফগ্লেণ্ডবোৰ আক্ৰমন কৰি তাত টেমুনা বা পূজ-পূজ(abscess)সৃষ্টি কৰিব পাৰে।

জেনিটেল হাৰ্পিছ: এইবিধ যৌন ৰোগ হাৰ্পিছ চিমপ্লেক্স নামৰ ভাইৰাছৰদ্বাৰা (HSV-I আৰু HSV-II)যৌন কৰ্মীৰপৰা সোঁচৰে(লক্ষন বিয়পন কাল ৭ দিন)পোনপ্ৰথমে ক্লাইটৰিছ বা লেবিয়াৰ ওপৰত ৰঙচুবা প্ৰহাদ সৃষ্টি কৰি পিছলৈ ঘাঁৰ সৃষ্টি কৰেগৈ।ঘাঁ ডোখৰে চোকোৰা বান্ধি লাহে লাহে তিনি চাৰি সপ্তাহৰ পিছত শুকাবলৈ ধৰে।এইবিধ যৌন ব্যাধিৰ মাৰাত্মক আৰু বিপদজনক ফলটো হল জৰায়ুৰ মুখত কৰ্কট ৰোগৰ আৰম্ভনি বা চাৰ্ভাইকেল ডিচপ্ৰেচিয়া কৰিব পাৰে,গৰ্ভৱতী মাতৃৰ গৰ্ভপাত আৰু অপৰিপক্ক সন্তানৰ প্ৰসৱ ঘটাৱ পাৰে।এই ৰোগত নৱজাতকৰ মৃত্যুৰ হাৰ খুব ৱেছি।গৰ্ভাৱস্থাৰ শেষৰ ফালে এই সংক্ৰমন ঘটিলে প্ৰসৱৰ সময়ত মাতৃৰ ইনফেকচন হব পাৰে।সন্তানৰ সৰ্বাঙ্গ দেহত পানী থকা ফোহোঁৰা কিছুমানৰ আৱিৰ্ভাৱ হয়।

কণ্ডাইলমা একিউমিনাটা:কণ্ডাইলমা শব্দৰ অৰ্থ হল গোটা মাংসপিণ্ড।বহি:যৌনাঙ্গৰ ওপৰৰ শুকান ছালৰ ওপৰত নতুবা যৌনাঙ্গৰ ভিতৰৰ মিউকাছ আৱৰনৰ ওপৰত থোপা থুপি আকৃতিৰ মখা বান্ধি সৃষ্টি হোৱা পিণ্ড বা Mass টোকে কণ্ডাইলমা একিউমিনাট্য ব Veneral wart বুলি কোৱা হয়।H.P.V বা হিউমেন পেপিলমা ভাইৰাছৰ type-6 আৰু ১১ ৰ দ্বাৰা স্ংক্ৰমন হলে এনে যৌন ৰোগ হয়।অবাঞ্ছিত যৌন মিলনৰ পৰাই ইয়াৰ সৃষ্টি।আক্ৰমনৰ স্থলসমূহ হল গুহ্যদ্বাৰ বহি:যৌনাঙ্গ ইত্যাদি।লাহে লাহে ই যৌনাঙ্গৰ ভিতৰ পথেৰে চাৰ্ভিক্স পৰ্যন্ত পাব পাৰে।আমাৰ দেশতকৈ পাশ্চাত্যৰ উন্নত দেশবোৰত বিশেষকৈ আমেৰিকাত ইয়াৰ প্ৰাৰ্দুভাৱ অত্যন্ত বেছি।যি দেশতেই নহকও আজি কালি সৰ্বত্ৰ এই যৌন ৰোগবিধৰ যথেষ্ঠ গুৰুত্ব দিয়া হয়।ইয়াৰ কাৰন হল কণ্ডাইলমা একিউমিনাটা নামৰ যৌন ৰোগৰ স্ংক্ৰমন কৰা এই একেবিধ হিউমেন পেপিলোমা ভাইৰাছৰ Type 16,18 আৰু ৩১ দ্বাৰা স্ংক্ৰমিত হলে ইয়েই জৰায়ুৰ চাৰ্ভিক্সত কৰ্কট কেন্সাৰ ৰোগ জন্মোৱাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ন ভূমিকা পালন কৰে।

ডা:দীনেশ শৰ্মা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.