শেহতীয়া আপডেটঃ

ATM-Jackpot: পুৰণি এটিএম মেচিন ক্ৰয় কৰি লাখপতি হ’ল ৩ বন্ধু!

■ কৌন বনেগা কৌড়ৰপতি আপুনি চাইছে নিশ্চয়! ঠিক তেনে এক ঘটনা ঘটিল ৩ গৰাকী বন্ধুৰ মাজত। হঠাৎ লাখপতি হৈ পৰিল তিনি বন্ধু। অব্যৱহৃত এটি এটিএম। পুৰণি এই এটিএমটো কিনিছিল ৩ জন বন্ধুৱে। তেওঁলোকে এটিএমটো ক্ৰয় কৰি ইয়াক খুলি দেখিলে যে ভিতৰৰ ভাগত ধনৰাশি ৰখা ঠাইখিনিও সোমাই আছে।

জানিব পৰা মতে এটিএমটো তিনিজন বন্ধুৱে ৩০০ ডলাৰ বা ভাৰতীয় মুদ্ৰাত ২২,০০০ টকাৰ অলপ বেছি মূল্যত ক্ৰয় কৰিছিল। তেওঁলোকে মেচিনৰ ভিতৰভাগ কি আছে বা কেনেবাকৈ টকা আছে নেকি চাবলৈ সকলো খুলি দিয়ে। হঠাৎ দেখিবলৈ পালে যে, এটিএমৰ ধাতুৰ বাকচটোত পালে ২,০০০ ডলাৰ আছে। ভাৰতীয় মূল্য হিচাপে ১.৫ লাখ টকাতকৈ অধিক।

তিনিজন বন্ধুৱে জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফৰ্ম টিকটকক গোটেই ঘটনাটোৰ এটা ভিডিঅ’ দিছিল। তিনিওজনে হাতুৰী আৰু সা-সঁজুলিৰ দ্বাৰা এটিএম খোলাৰ প্ৰয়াস কৰা ভিডিঅ’টোত দেখুৱাইছে। অৱশেষত, তেওঁলোকে সফল হ’ল। ভিডিঅ’টো ৰেকৰ্ড কৰা ব্যক্তিজনে ঘটনাটোৰ প্ৰসংগও বৰ্ণনা কৰিছিল। তেওঁ কৈছিল যে, এজন ব্যক্তিয়ে তেওঁলোকক এটিএমটো এটা চৰ্তত বিক্ৰী কৰিছিল যে যদি ভিতৰত কিবা থাকে, তাৰ অধিকাৰী কিনোতাৰ হ’ব আৰু তাত তেওঁৰ কোনো অধিকাৰ নাই।

এই ঘটনাটো বিদেশৰ কোনো এখন ঠাইত সংঘটিত হৈছে। অৱশ্যে, কোনখন দেশ বা কোনখন চহৰ সঠিকভাৱে জনা নাযায়। তিনিজন বন্ধুৱে টিকটক ভিডিঅ’ত কৈছিল, তেওঁলোকে ভাবিছিল যে কিছু টকা থাকিব। কিন্তু তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে ১.৫ লাখৰো অধিক টকা লাভ কৰিব বুলি।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.