শেহতীয়া আপডেটঃ

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালৰ নেতৃত্বত যোৱা বেংকৰ বিষয়া সকলে দিনৰ ১১ মান বজাত ৰঙাপৰা ৰে’লৱে চিকিৎসালয় আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক সম্বৰ্ধনা জনায়‌।

আজি চিকিৎসক দিৱস উপলক্ষে বিভিন্ন দল-সংগঠনে ৰঙাপৰা অঞ্চলৰ চিকিৎসক সকলক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনাজ্ঞাপন কৰে৷ আজি ৰাষ্ট্ৰীয় চিকিৎসা দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংক ৰঙাপৰা শাখাই ৰঙাপৰা ৰে’লৱে চিকিৎসালয়ৰ চিকিৎসক সকল আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক সকলক চিকিৎসা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে এখনকৈ গামোচা আৰু উপহাৰেৰে সৰ্ম্বধনা জনাই।

ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালৰ নেতৃত্বত যোৱা বেংকৰ বিষয়া সকলে দিনৰ ১১ মান বজাত ৰঙাপৰা ৰে’লৱে চিকিৎসালয় আৰু ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক সম্বৰ্ধনা জনায়‌। ৰঙাপৰা ষ্টেট বেংকৰ প্ৰবন্ধক মলয় কান্তি পালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, আজি বেংক দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে ৰাইজৰ কল্যান সাধনৰ ক্ষেত্ৰত চিকিৎসকসকলৰ যুগমীয়া অৱদানৰ বাবে চিকিৎসক দিৱসত চিকিৎসক সকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। চিকিৎসক সকলৰ কোনো তুলনা নাই বুলি তেওঁ উল্লেখ কৰে।

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

ইপিনে অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাই অঞ্চলটোৰ প্ৰতিখন চাহ বাগিচাত থকা চিকিৎসালয়ৰ চিকিৎসক সকলক সম্বৰ্ধনা জনায়। এই দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে ক’ৰ’না ভাইৰাছৰ সৈতে দৃঢ়তাৰে যুঁজা চিকিৎসক সকলক চিকিৎসক দিৱসৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে৷ সমাজখনৰ কাৰ্যক্ষম আৰু সুস্থ কৰি ৰখাৰ বাবে চৌব্বিশ ঘণ্টাই কঠোৰ পৰিশ্ৰমেৰে প্ৰচেষ্টা অব্যাহত ৰখা চিকিৎসকসকলক তেওঁ অভিনন্দন জনায়।

ৰঙাপৰাত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক সম্বৰ্ধনা

আনহাতে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙাপৰা শাখাই চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি ক’ৰনা মহামাৰীৰ যোদ্ধা চিকিৎসকসকলৰ মনোবল বৃদ্ধিৰ বাবে ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে শোনিতপুৰ জিলাৰ সামাজিক মাধ্যম প্ৰমুখ ভাস্কৰ সৰকাৰ, ৰঙাপৰা শাখাৰ সম্পাদক অভিষেক শিং আৰু সংগঠনটোৰ বিষয়ববীয়া সকল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.