যৌন সম্ভোগৰ আকাংক্ষাঃ উলংগ হৈ যোগাভ্যাস কৰিলে এই সমস্যাৰ সমাধান পাব পাৰি- এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেলৰ দাবী

■ শাৰীৰিক সমস্যাত বহুতেই ভোগে। এইবাৰ এগৰাকী মডেলৰ এক শাৰীৰিক সমস্যা হৈছে। তেওঁৰ সমস্যা যৌনতাৰ প্ৰতি তেওঁৰ আগ্ৰহ হ্ৰাস পাইছে। তেওঁ উল্লেখ কৰা মতে, তেওঁ ভাবি লৈছিল যে আৰু কোনো দিনেই তেওঁ যৌন সম্ভোগ কৰিব নোৱাৰিব। যাৰ বাবে মডেল জগততো তেওঁ সমস্যাত পৰিছে। এই সমস্যাটো সমাধানৰ বাবে তেওঁ বিচাৰি পালে এক সুকীয়া উপায়। উল্লেখ কৰা মতে, তেওঁ উলংগ হৈ যোগাভ্যাস কৰাৰ পিছত সেই আকাংক্ষা বা সমস্যাটো সলনি হৈছে। যোগৰ পিছত তেওঁৰ যৌনতাৰ প্ৰতি আগ্ৰহ ঘূৰি অহাৰ বাবে তেওঁৰ জীৱনো সলনি হৈছে। সুস্থ সবল স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰতিজন লোকৰ বাবে যৌনতাৰ প্ৰয়োজন। এই বিষয়ে শেহতীয়াকৈ এগৰাকী মডেলে নিজেই সামাজিক মাধ্যমত উল্লেখ কৰিছে।

এই মডেলগৰাকীৰ নাম কেমিলা এলি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিয়ামীৰ বাসিন্দা তেওঁ। মডেল কেমিলাই যোৱা কেইটামান বছৰ যৌন আকাংক্ষাত ভুগি আছিল। প্ৰায় ৬মাহ ঔষধ গ্ৰহণ কৰাৰ উপৰিও বিভিন্ন ধৰণে চেষ্টা কৰিছে যদিও তেওঁ বিফল হৈছিল। পিছত তেওঁ যোগৰ বিভিন্ন লাভালাভৰ বিষয়ে জানিবলৈ পায়।

কেমিলাই কয়, “মই যোগৰ প্ৰতি আগ্ৰহী। তাৰ পিছত মই এই অনুশীলন কৰিছোঁ। মই মোৰ আহাৰৰ তালিকা বৰ্তমান সলনি কৰিছো। এতিয়া মোৰ যৌন সম্ভোগৰ আকাংক্ষা বহুত বাঢ়িছে। ইয়াৰ লগতে তেওঁ সামাজিক মাধ্যম ইনষ্টাগ্ৰামত যোগাভ্যাসৰ উলংগ হৈ যোগৰ ফটোও শ্বেয়াৰ কৰিছিল। তেওঁ দাবী কৰে যে যোগে শৰীৰক আগতকৈ অধিক শক্তিশালী কৰি তুলিছে। অতীতৰ সমস্যাৰ সমাধান হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.