শেহতীয়া আপডেটঃ

বিশ্বনাথত অন্যান্য পিছপৰা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ নৱগঠিত কল্যাণ পৰিষদৰ আনুষ্ঠানিক শপত গ্ৰহণ

উপায়ুক্তই পাঠ কৰোৱালে পদ আৰু গোপনীয়তাৰ শপত বাক্য

বিশ্বনাথত অন্যান্য পিছপৰা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ নৱগঠিত কল্যাণ পৰিষদৰ আনুষ্ঠানিক শপত গ্ৰহণ

বিশ্বনাথ চাৰিআলি, ১২মাৰ্চঃ

বিশ্বনাথ চাৰিআলি অন্যান্য পিছপৰা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ নৱগঠিত কল্যাণ পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ প্ৰমুখ্যে বিষয়ববীয়া আৰু সদস্য সকলে আনুষ্ঠানিকভাৱে আজি শপত গ্ৰহণ কৰে।

বিশ্বনাথ চাৰিআলি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নৱগঠিত অনুসূচীত জাতি কল্যাণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ দাস, অনুসূচীত জনজাতি কল্যাণ পৰিষদৰ অধ্যক্ষ সোনাৰাম ইংহি, অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ পৰিষদৰ অধ্যক্ষ দিব্যজ্যোতি ভুঞাৰ লগতে পৰিষদৰ উপাধ্যক্ষসকল আৰু সদস্যসকলে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰ, সদৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া বিশ্বজিৎ শইকীয়া, অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, বিশিষ্ট সমাজসেৱকদ্বয় দিগন্ত ঘাটোৱাৰ, পংকজ বৰাৰ উপৰিও জিলাখনৰ কেইবাটাও বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থকা আজিৰ শপতগ্ৰহণ অনুষ্ঠানটোত মহকুমাটোৰ নৱগঠিত পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় বিশ্বনাথৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰই ।

আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে সদৰ মহকুমাধিপতি, ভাৰপ্ৰাপ্ত মহকুমা কল্যাণ বিষয়া তথা উন্নয়ন পৰিষদৰ সদস্য সচিব বিশ্বজিৎ শইকীয়াই।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.