কৰ’না কালত উৎপাদনশীল কৰ্মঃ কৃষ্ণাইৰ ভেলাখামাৰৰ এদল যুৱকে আৰম্ভ কৰিলে মৎস্য পালন

♦ কৰ’না মহামাৰীৰ সংহাৰৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনে সমগ্ৰ ৰাজ্য খনতে জাৰি কৰিছে আংশিক লকডাউন৷ তাৰ মাজতে ক’ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যাধিকলৈ চাই ৰাজ্যখনৰ অন্য ৬খন জিলাৰ লগতে গোৱালপাৰা জিলাখনকো অন্তৰ্ভুক্ত কৰিছে কনটেইনমেন্ট জ’নত৷ ইয়াৰ ফলত দিশহাৰা হৈ উঠিছে জিলাখনৰ সৰ্বসাধাৰণ জনতা৷

বিশেষকৈ আৰ্থিক দিশটোৱে ৰাইজক কোঙা কৰাৰ উপক্ৰম হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন অঞ্চলৰ বহলোক উৎপাদনশীল কৰ্মত জড়িত হৈ পৰিবলৈ লৈছে৷ পিছ পৰি ৰোৱা নাই কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱৰ যুৱক সকলো৷ গাওঁ খনৰ কেইজনমান যুৱক একত্ৰিত হৈ এই কৰ’না কালত সমূহীয়া ভাৱে আৰম্ভ কৰিছে মৎস্য পালন৷

গাওঁখনৰে এজন লোকৰ পুখুৰী এটাত যুৱক কেইজনে আৰম্ভ কৰিছে এই উৎপাদনমুখী কাৰ্য৷ এই সন্দৰ্ভত জানিব বিচৰাত যুৱকৰ দলটোৱে প্ৰকাশ কৰে যে, এয়া তেওঁলোকৰ আৰম্ভণি৷ যদি এই বছৰ তেওঁলোকে সফলতাৰ মুখ দেখে অদূৰ ভৱিষ্যতে যুৱকসকলে ব্যৱসায় ভিত্তিত মাছৰ খেতিত হাত দিব বুলি আশা প্ৰকাশ কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.