শেহতীয়া আপডেটঃ

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা

গুৱাহাটী● অসম পেৰালিম্পিক সন্থাই সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত পদকজয়ী ৰাজ্যৰ খেলুৱৈসকলক খানাপাৰাৰ ষ্টাফ কলেজৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়৷

ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে পৰিচালনা কৰা এই অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ সভাপতি চন্দন বৰুৱা, উপ-সভাপতি দোৰ’থি ছুচিয়াং, অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ সঞ্চালক জিতু তালুকদাৰ আৰু ইউকো বেংকৰ মাণ্ডলিক কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক কুকিলা বৰকটকী৷

উল্লেখ্য যে গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে তিনিটা সোণসহ মুঠ আঠটা পদক লাভ কৰিছিল৷ অসমৰ কৃষ্ণা দাসে দুটাকৈ সোণ লাভ কৰাৰ লগতে সূৰ্য শইকীয়াই আনটো সোণ অৰ্জন কৰে৷ ইফালে, ইয়েছমিন খাতুনে তিনিটা ৰূপ তথা ছাজিদা বেগম আৰু প্ৰীতি দাসে এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.