31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ২ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্রধানমন্ত্ৰী মোদীঃ কি কি কাৰ্যসূচী হাতত লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে? সবিশেষ পঢ়ক

    May be an image of 4 people

    ২ দিনীয়া ভ্ৰমণসূচীৰে ভিন্ন কাৰ্যসূচী লৈ কাইলৈ অসমলৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বাবে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি ৪ বজাত শোণিতপুৰ জিলাৰ তেজপুৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা সংমণ্ডলৰ অন্তৰ্গত হাতীখুলি চাহ বাগিচাৰ মাজত থকা অসম আৰক্ষীৰ অত্যাধুনিক অতিথিশালাতে নিশাটো কটাই পিছদিনা পুৱাতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

    Check out PM Modi's 72nd birthday look – ThePrint – ANIFeed
    File Photo

    ৰাজ্যৰ পশ্চিম কামেং জিলাৰ বৈশাখীত সাগৰ পৃষ্ঠৰ পৰা ১৩ হেজাৰ ফুট উচ্চতাত বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথত ব’ৰ্ডাৰ ৰোড অর্গেনাইজেচন চমুকৈ বি আৰ অ’ৱে নিৰ্মাণ কৰা সুৰংগটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। টাৱাঙৰ পৰা ৭২ কিলোমিটাৰ নিলগৰ ছেলাপাছত নিৰ্মাণ কৰা এই সুৰংগটোৱে দুৰ্গম পথছোৱা বছৰৰ সকলো সময়তে ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব। ৭০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সুৰংগটোৱে সীমান্তত নিয়োজিত ভাৰতীয় সেনা বাহিনীৰ যাতায়াত, যোগাযোগ, অস্ত্ৰ-শস্ত্ৰ, ৰচদ-পাতি, সামৰিক সামগ্ৰী আদিৰ সৰবৰাহত সহজসাধ্য কৰি তুলিব।

    ইয়াৰ পিছতে অৰুণাচলৰ প্ৰদেশৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি প্ৰায় ১.৩০ বজাত যোৰহাট জিলাৰ হোলোঙাপথাৰত থকা আহোম ৰাজত্বকালৰ মহান যোদ্ধা তথা অসমীয়া জাতিৰ শৌর্য-বীর্য, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৮৪ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। যোৰহাট নগৰৰ সমীপৰ মেলেং মেটেলী পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে শনিবাৰে এখন জনসভাতো ভাগ লোৱাৰ কথা। উক্ত সভাৰ পৰাই তেওঁ ভার্চুৱেল ব্যৱস্থাৰে ১৮ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰি জনসাধাৰণৰ বাবে উচৰ্গাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

    PM in Assam (December 25, 2018) | Prime Minister of India
    FILE PHOTO

    ইয়াৰে ভিতৰত প্রধানমন্ত্রী মোদীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটীস্থিত বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ এটা শিশু পৰিচৰ্যা কেন্দ্ৰ, বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছৰ পাইপলাইন আৰু অইল ইণ্ডিয়া লিমিটেডৰ দুটা খাৰুৱা তেল প্ৰেৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদৰে তেওঁ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী আৰু ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্প আৰু গুৱাহাটীৰ বেতকুছিত স্থাপন কৰিবলগীয়া ভাৰতীয় তেল নিগমৰ প্ৰস্তাৱিত টার্মিনেল এটাৰ আধাৰশিলাও মেটেলীপথাৰৰ জনসভাৰ পৰাই ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব।

    ইয়াৰোপৰি প্ৰদানমন্ত্ৰী মোদীয়ে ধূপধৰাৰ পৰা ছয়গাঁৱলৈ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰে’লপথৰ দুটাকৈ প্রকল্প ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰিব। এই অনুষ্ঠানতে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত নিৰ্মিত ৫ লাখ ৫০ হাজাৰৰো অধিক বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানো তেওঁ ভার্চুৱেল ব্যৱস্থাৰে সম্পন্ন কৰিব।

    PM Modi to Commence 2-Day Visit to Assam, Unveiling Multiple Development Projects - Newsx
    File Photo

    প্ৰধানমন্ত্ৰীৰ মোদীৰ জনসভাৰ বাবে মেটেলী পথাৰৰ আশে-পাশে ড্রোণ উৰুওৱাত বাধা আৰোপ কৰাৰ লগতে আৰক্ষী প্ৰশাসনে বিভিন্ন সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত আজিৰেপৰা ৯ মার্চ পর্যন্ত পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ ৰখা হৈছে। আনহাতে কাইলৈ আৰু পৰহিলৈ পৰ্যটকৰ বাবে হাতী ছাফাৰীও বন্ধ থাকিব। প্রধানমন্ত্ৰীৰ আগমনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ, আৰক্ষী অতিথিশালা আদি ন-ৰূপত সজাই-পৰাই তোলা হৈছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.