শেহতীয়া আপডেটঃ

অসমৰ বাবে অৰবিন্দ কেজৰীৱালৰ গেৰান্টিঃ শিক্ষা, স্বাস্থ্য সেৱা, কৰ্ম সংস্থাপনত সৰ্বাধিক গুৰুত্ব আপৰ

  • উন্নয়নৰ স্বাৰ্থত আপক সমৰ্থন কৰিবলৈ আহ্বান দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ দিলীপ পাণ্ডেৰ
  • অসমবাসীলৈ অৰবিন্দ কেজৰিৱালৰ আহ্বান

ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত মুকলি হ’ল আপৰ গেৰাণ্টি কাৰ্ড ।শণিবাৰে ডিব্ৰুগড়ৰ হোটেল পুষ্কৰ সৰোবৰ প’ৰ্টিকোত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দিল্লীৰ বিধায়ক দিলীপ পাণ্ডেই মুকলি কৰে অসমৰ বাবে দলৰ লোকসভা নিৰ্বাচনৰ গেৰাণ্টি কাৰ্ড। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, উত্তৰ পূৱ ভাৰতৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ, ঋষিৰাজ কৌণ্ডিন্য, দলৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা তথা অন্যান্য নেতৃবৃন্দৰ উপস্থিতিত ঘোষণা কৰে দলৰ গেৰাণ্টি কাৰ্ড। দলৰ এই গেৰাণ্টি কাৰ্ডত তলত উল্লেখ কৰা বিষয় সমূহ এনেদৰে উল্লেখ কৰা হৈছে।

” ২০১৪ চনৰ পৰা কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপিৰ দুৰ্নীতিপৰায়ণ ৰাজনীতিৰ আমি অন্ত পেলাম। এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ দুয়োগৰাকী সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে কিয়? কাৰণ তেওঁলোকে ৰাইজৰ বাবে কোনো কাম কৰা নাই৷ বৰং, তেওঁলোকে এক অবাঞ্ছিত ৰাজনীতিৰ ধাৰাৰ জন্ম দিছে য’ত কংগ্ৰেছ আৰু আন সকলো দলৰ ৰাজনীতিকে ধনৰ প্ৰলোভনত বিজেপিত যোগদান কৰে। এনে লেতেৰা ৰাজনীতিক লৈ অসমৰ জনসাধাৰণ মুঠেই সন্তুষ্ট নহয়। অসমবাসী ৰাইজে এনে এটা দল বিচাৰে, যি দলে তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰিব, যিয়ে তেওঁলোকৰ সন্তানৰ উন্নত ভৱিষ্যত গঢ়ি তুলিব। তেওঁলোকে পৰিৱৰ্তন বিচাৰে।

আম আদমি পাৰ্টী সৎ, শিক্ষিত লোকৰ দল। আমাৰ মানুহক কিনিব নোৱাৰি। আমি প্ৰতিটো বিষয়তে অসমবাসীৰ অধিকাৰৰ বাবে দৃঢ়তাৰে থিয় দিম। অসমৰ ৰাইজে এতিয়ালৈকে বাকী সকলো দলকে ভোট চাইছে যদিও হতাশহে হৈছে। এইবাৰৰ নিৰ্বাচনত আম আদমি পাৰ্টীক এবাৰৰ বাবে সুযোগ দিয়ক, আমাৰ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এটা সুযোগ দিয়ক। আগন্তুক ৫ বছৰত যদি আমি কাম কৰিব নোৱাৰোঁ, তেন্তে আমাক আৰু কেতিয়াও ভোট নিদিব।


আমি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ৰাইজৰ প্ৰতি নিম্নোক্ত প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰিছোঁ–
শিক্ষাঃ
(১) ধনী বা দুখীয়া প্ৰতিগৰাকী শিশুকে বিশ্বমানৰ শিক্ষা প্ৰদান কৰিহে আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব। অসমৰ বিজেপি চৰকাৰে ৮০০০খন বিদ্যালয় বন্ধ কৰি দিছে যাৰ বাবে ৭ লাখ শিশুৱে চৰকাৰী বিদ্যালয় এৰিছে। সেইদৰে শীঘ্ৰে ৭০খনতকৈও অধিক চৰকাৰী মহাবিদ্যালয় বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ শিক্ষা ব্যৱস্থাৰ এনেধৰণৰ অৱনতি আপে বন্ধ কৰিব। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমত বিনামূলীয়া আৰু বিশ্বমানৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰিব।
(২) অসমৰ সামাজিক-সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ বাবে আপে তেজপুৰত অসমৰ প্ৰথমখন কলা-সংস্কৃতি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব।
স্বাস্থ্যসেৱাঃ
(৩) কোনো ৰাজনৈতিক দলে অসমৰ ৰাইজৰ বাবে বিশ্বমানৰ ক্লিনিক আৰু চিকিৎসালয় নিৰ্মাণ কৰা নাই। দিল্লী আৰু পঞ্জাবৰ দৰে আপে অসমৰ প্ৰতিখন গাঁও পঞ্চায়ততে শীততাপ নিয়ন্ত্ৰিত বিশ্বমানৰ মহল্লা ক্লিনিক স্থাপন কৰিব। অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহক উন্নীত কৰি বিশ্বমানৰ কৰি তোলা হ’ব। সকলো চিকিৎসা, পৰীক্ষা, ঔষধ, আৰু অপাৰেচন প্ৰতিজন ব্যক্তিৰ বাবে বিনামূলীয়া হ’ব।
সামাজিক-সাংস্কৃতিকঃ
(৪) অসমৰ অনন্য সংস্কৃতি, ভাষা, ঐতিহ্য ৰক্ষা কৰাটো আপৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বিজেপিয়ে ২০১৪ চনতে অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক আভুৱা ভঁৰিলে। এতিয়া তেওঁলোকে অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বলবৎ কৰি কোটি কোটি অনুপ্ৰৱেশকাৰীক আদৰণি জনাইছে। ইয়াৰ ফলত অসমৰ সংস্কৃতি আৰু ভাষা ধ্বংস হ’ব আৰু অসমৰ যুৱক-যুৱতীসকলৰ চাকৰি কাঢ়ি নিব। প্ৰতিখন মঞ্চতে আপে CAAৰ কঠোৰ বিৰোধিতা কৰিব।
(৫) কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনজাতি, আৰু টাই-আহোম জনগোষ্ঠীয়ে দশক দশক ধৰি জনজাতি মৰ্যাদা দাবী কৰি আহিছে। ভোটৰ আশাত সকলো দলেই তেওঁলোকক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে যদিও সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে নূন্যতম কামখিনিও কৰা নাই। অসমৰ বৰ্তমানৰ স্বীকৃত জনজাতিসকল যাতে বঞ্চিত নহয় তাৰ বাবে এক সঠিক ব্যৱস্থাৰে আপে এই ছয়টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্য দাবী পূৰণৰ বাবে মাত মাতিব।
(৬) আপে ৰাজ্যখনৰ সঠিক জনসংখ্যা আৰু অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা জানিবলৈ সম্প্ৰদায়ভিত্তিক লোকপিয়ল চলোৱাৰ সমৰ্থন কৰে। ই তেওঁলোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব।


চাহ শিল্পঃ
(৭) অসমৰ অৰ্থনীতি আৰু লাখ লাখ শ্ৰমিকৰ জীৱিকা চাহ উদ্যোগৰ সৈতে জড়িত। দুৰ্ভাগ্যজনকভাৱে সম্প্ৰতি চাহ উদ্যোগটোৰ অৱনতি ঘটিছে কাৰণ উদ্যোগটোৰ লগতে ইয়াৰ শ্ৰমিকসকলৰ প্ৰয়োজনীয়তাক সকলো পক্ষই আওকাণ কৰি আছে। আপে সংসদত চাহ-উদ্যোগৰ বাবে মাত মাতিব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কেঁচা চাহপাতৰ ওপৰত নূন্যতম সমৰ্থন মূল্য (এম এছ পি) নিশ্চিত কৰিব।
(৮) দিল্লীত নূন্যতম মজুৰি ৬৭০ টকা/দিন হোৱাৰ বিপৰীতে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বিগত ১০ বছৰে মাত্ৰ ২৫০ টকা/দিন মজুৰি লাভ কৰি আছে। আপে শ্ৰমিকৰ এই শোষণ বন্ধ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ নূন্যতম মজুৰি কমেও ৪৫০ টকা/দিন নিশ্চিত কৰিব।
(৯) চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি পট্টা অনুদানৰ দাবী পূৰণ কৰাত সকলো পক্ষই ব্যৰ্থ হৈছে। চাহ বাগিচাৰ প্ৰতিঘৰ শ্ৰমিকৰ ভূমি পট্টা দিয়াৰ বাবে আপে শক্তিশালীভাৱে মাত মাতিব।
(১০) চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ বাবে আপে দাবী জনাব।
কৰ্মসংস্থানঃ
(১১) তৈলক্ষেত্ৰ, অ’ এন জি চি, ক’ল ইণ্ডিয়া আৰু আই অ’ চি এলৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আপে থিয় দিব। এই প্ৰতিষ্ঠানসমূহত যাতে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপে চোকা দৃষ্টি ৰাখিব।
(১২) উপযুক্ত পাৰিতোষিক অবিহনে কামৰ কোনো মৰ্যাদা নাই। দিল্লীৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহে ১২,৭২০ টকা লাভ কৰে। কিন্তু অসমত তেওঁলোকক প্ৰতিমাহে মাত্ৰ ৪,৫০০ টকাহে প্ৰদান কৰা হয়। ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ কৰ্মীসকল, অংগনবাড়ী কৰ্মীসকল আৰু এনেধৰণৰ সকলো কৰ্মী-শ্ৰমিকে যাতে তেওঁলোকৰ শ্ৰম আৰু কামৰ বাবে সন্মানজনক পাৰিতোষিক লাভ কৰিব পাৰে তাৰ প্ৰতি আপে লক্ষ্য ৰাখিব।
(১৩) নামৰূপস্থিত বি ভি এফ চি এলক আধুনিকীকৰণ কৰা হ’ব। এই প্ৰতিষ্ঠানটো অত্যাধুনিক প্ৰযুক্তিৰে উন্নীতকৰণ কৰা হ’ব আৰু নতুন নেন’ ইউৰিয়া প্লাণ্ট স্থাপন কৰা হ’ব। ইয়াৰ ফলত উৎপাদনশীলতা আৰু অঞ্চলটোৰ কৃষিক্ষেত্ৰ উন্নত হ’ব। ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে নিয়োগ সৃষ্টি হ’ব।
বান প্ৰতিৰোধঃ
(১৪) অসমৰ বাৰ্ষিক বানপানীৰ সমস্যাৰ সমাধানৰ বাবে আপে বিজ্ঞানসন্মত সমাধানসূত্ৰ বিচাৰি উলিয়াব। বানপানীৰ আগজাননী, উদ্ধাৰ অভিযান, আশ্ৰয় আৰু বানপানীৰ পিছত ভুক্তভোগীৰ জীৱিকাকে ধৰি বান প্ৰতিৰোধ ব্যৱস্থাপনাৰ বাবে এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰাত আমি সক্ৰিয় ভূমিকা পালন কৰিম। বানপীড়িত অঞ্চলসমূহত বানপানীৰ সময়ত মানুহ আৰু পশুধন উভয়ৰে আশ্ৰয়ৰ বাবে ওখ আশ্ৰয়স্থলী নিৰ্মাণ কৰা হ’ব।”


অসমবাসীলৈ অৰবিন্দ কেজৰিৱালৰ আহ্বানঃ
আম আদমি পাৰ্টী আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই অসমৰ জনতাৰ সমৃদ্ধিৰ বাবে থিয় দিছে।
২০১৪ চনৰ পৰা কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিজেপিৰ দুৰ্নীতিপৰায়ণ ৰাজনীতিৰ আমি অন্ত পেলাম। এই নিৰ্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰৰ বৰ্তমানৰ সাংসদদ্বয়ক বিজেপিয়ে সলনি কৰিলে কিয়? কাৰণ তেওঁলোকে ৰাইজৰ বাবে একো কাম নকৰিলে৷ বৰং, তেওঁলোকে এনে এক অবাঞ্ছিত ৰাজনীতিৰ জন্ম দিলে য’ত বিভিন্ন দলৰ ৰাজনৈতিক নেতাই টকাৰ লোভত বিজেপিত যোগদান কৰে। এনে নিকৃষ্ট ৰাজনীতি দেখি অসমৰ জনতা খঙত জ্বলি আছে। তেওঁলোকে এনে এটা দল বিচাৰে যিটোৱে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰে, তেওঁলোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত তৈয়াৰ কৰে। তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে।
আম আদমি পাৰ্টী সৎ আৰু শিক্ষিত লোকৰ দল। আমাৰ মানুহক কিনিব নোৱাৰি। অসমবাসীৰ প্ৰতিটো সমস্যা আৰু নায্য দাবীৰ সপক্ষে বাবে আমি দৃঢ়তাৰে থিয় দিম। এতিয়ালৈকে অসমবাসীয়ে আন সকলো দলকে ভোট দিছে যদিও তেওঁলোক নিৰাশ হৈছে। আমি তেওঁলোকক কৰযোৰে আহ্বান জনাইছোঁ যাতে এইবাৰ তেওঁলোকে আম আদমি পাৰ্টীক এবাৰ সুযোগ দিয়ক, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এবাৰ সুযোগ দিয়ক। আমি যদিহে পাঁচ বছৰত ভাল প্ৰদৰ্শন নকৰোঁ তেন্তে আমাক আকৌ কেতিয়াও ভোট নিদিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.