ৰাজ্যত শূন্য হ’ব কংগ্ৰেছ ৰঞ্জিত দত্ত

ৰাজ্যত শূন্য হ’ব কংগ্ৰেছ ৰঞ্জিত দত্ত :
বিহালীত নিৰ্বাচনী প্ৰচাৰত শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ::

বিশ্বনাথ ৪ এপ্ৰিল :

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনীলৈ মাথো কেইটামান দিন বাকী থকা সময়তে ৰাজনীতি দল সমূহ এতিয়া ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত।
অহা ১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনকলৈ এতিয়া বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনীতি দল সমূহে ভোটাৰ কাষ চপা দেখা গৈছে।

 

আনহাতে ৰাজ্যৰ আন আন সংসদীয় সমষ্টিৰ লগতে ১১ নং শোণিতপুৰ লোক সভা সংসদীয় সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই তীব্ৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। উল্লেখযোগ্য যে এইবাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা বিজেপি দলে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। আনহাতে ৰঞ্জিত দত্তই সমষ্টিটোৰ ৯ টাকৈ বিধান সভাত নিৰ্বাচন চলোৱা লগতে বৃস্হপতিবাৰে গৃহ সমষ্টিৰ বিহালীত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা দেখা গ’ল। প্ৰথম বিহালী সমষ্টিৰ জিনজিয়া ৰাজহুৱা ৰংঘ মঞ্চত দলীয় কৰ্মীয়ে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰা পিছতে শতাধিক, বিয়লি টেলেঙলীয়া ৰংঘ মঞ্চ আৰু বেদেতী বৰালিমৰা ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে। প্ৰায় ১০ শতাধিক বিজেপি কৰ্মীয়ে বেদেতী ছেন্টাৰ পৰা ঢোলে তালে প্ৰাৰ্থী গৰাকীক আদৰি ড০ ভূপেন হাজৰিকা মুকলি মঞ্চলৈ আনে। প্ৰায় ১০ হাজাৰ বিজেপি কৰ্মী উপস্থিত নিৰ্বাচনী সভা খনত প্ৰাৰ্থী গৰাকীৰ উপস্থিত হৈ কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰা লগতে ৰাজ্যত কংগ্ৰেছ শূন্য হ’ব বুলি প্ৰকাশ কৰে।

             ৰঞ্জিত দত্ত বিধায়ক

ইফালে সাংবাদিক আগত বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় আগন্তুক লোক সভা ৰাজ্যৰ খনৰ ১৪ খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোট দলে ১৩ খন আসন দখল কৰি এক অভিলেখ সৃষ্টি কৰিব বুলি উল্লেখ কৰে।
লগতে দত্তই কয় দেশত বিজেপি মিত্ৰজোট দলে ৪২০ খনৰো অধিক আসন দখল কৰি পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হোৱাত সহায় কৰিব বুলি উল্লেখ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.