শেহতীয়া আপডেটঃ

চাহ জনজাতি লোকক চাইকেল মোবাইল বিতৰণ বিধায়ক কৃষ্ণ কমল তাতীৰ

ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে জল জীৱন মিছনৰ উপৰত আলোকপাত কৰি কয় যে বাগিচাৰ শ্ৰমিক সকলেও এতিয়া বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিব পাৰিব।

■ অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু শ্ৰম বিভাগৰ সহযোগত কালি অনুষ্ঠিত কাৰ্যক্ৰমত সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে চাহ বাগিচাৰ চৰ্দাৰ, চকীদাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল, মোবাইল ফোন বিতৰণ কৰে।

■ ৰঙাপৰা নগৰ স্থিত বৰজুলি শ্ৰমিক কল্যাণ কেন্দ্ৰত অনুষ্ঠিত কাৰ্যক্ৰমত চৰ্দাৰ, চকীদাৰ আৰু ছাত্র-ছাত্ৰী সকলৰ মাজত চাইকেল আৰু মোবাইল ফোন বিতৰণ কৰে।

■ চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সদস্য মিঠুন তাতীয়ে আত ধৰা বিতৰণ অনুষ্ঠানত সভাপতিত্ব কৰে চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সভাপতি ধ্ৰুৱ কুৰ্মীয়ে।

■ সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীয়ে জল জীৱন মিছনৰ উপৰত আলোকপাত কৰি কয় যে বাগিচাৰ শ্ৰমিক সকলেও এতিয়া বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰিব পাৰিব।
■ ৰঙাপৰা সমষ্টিক অসমৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সভাত সদৰি কৰে বিধায়কগৰাকীয়ে।

■ অনুষ্ঠানত বিধায়ক কৃষ্ণ কমল তাতীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে৷ তেওঁ চাহ জনজাতি লোকসকলৰ কল্যাণৰ বাবেও চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।বিধায়কগৰাকীয়ে লগতে চৰকাৰৰ উন্নয়নমূলক কাম কাজত ৰাইজৰ সহযোগিতা বিচাৰে। তেওঁ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠী লোকসকলৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ কথাও সদৰি কৰে।
বিধায়কগৰাকীয়ে ৰঙাপৰা সমষ্টিক

■ ৰাজ্যখনৰ ভিতৰতে উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰি ইয়াৰ বাবে বিভিন্ন প্ৰকল্প স্থাপনৰ বাবে আঁচনি গ্ৰহণ কৰাৰ লগতে সমষ্টিটোৰ যাতায়ত ব্যৱস্থাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।সভাত সহকাৰী শ্ৰম আয়ুক্ত ৰূপালী পেগু, মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ গবেষণা সহায়ক ভাস্কৰ বৰা,বৰজুলি শ্ৰমিক কল্যাণ কেন্দ্ৰৰ শ্ৰম কল্যাণ বিষয়া ৰোহিত নায়ক,চাহ জনজাতি হিতাধীকাৰি বাচনি সমিতিৰ সদস্য বুনেশ্বৰ তাতী, মুকুল তাতী,ৰূপম তাতী আৰু বহু গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.