শেহতীয়া আপডেটঃ

বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী প্ৰকাশঃ মুক্ত আৰু স্বচ্চ নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান

বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল

বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী প্ৰকাশঃ মুক্ত আৰু স্বচ্চ নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান

অসম খবৰ বিশ্বনাথ চাৰিআলি, ১৮ অক্টোবৰ :_ বিশ্বনাথ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পাছতে আজি বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা বিশ্বনাথৰ জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই এখন সংবাদমেল সম্বোধন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা সংবাদমেলখনিত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত গৰাকীয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰাৰ লগতে কয় যে, বিশ্বনাথ জিলা নিৰ্বাচন কাৰ্যালয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন মুক্ত, নিৰপেক্ষ, অংশগ্ৰহণমূলক, সুলভ, সামগ্ৰিক, স্বচ্ছ আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে এক ব্যাপক প্ৰস্তুতি চলাইছে।সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি ১৩ নবেম্বৰ, ২০২৪ তাৰিখে অনুষ্ঠিত হ’ব লগা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অৰ্থাৎ ১৮ অক্টোবৰত নিৰ্বাচনৰ জাননী জাৰি কৰা হৈছে।

সেইদৰে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ অন্তিম দিন হৈছে ২৫ অক্টোবৰ। ২৮ অক্টোবৰত এই মনোনয়ন পত্ৰ সমুহ পৰীক্ষা কৰা হ’ব আৰু ৩০ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্দ্ধাৰন কৰা হৈছে। অহা ১৩ নবেম্বৰত ভোটগ্ৰহণ কৰা হ’ব আৰু ২৩ নবেম্বৰত ভোট গণনা সম্পন্ন হ’ব।

ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগেই বিশ্বনাথ নিৰ্বাচনী জিলাতো নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ কথা উল্লেখ কৰি জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই সমষ্টিটোত নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭৭ নং বিহালী বিধানসভা সমষ্টিত ১৫৪ টা ভোট কেন্দ্ৰত
১,৩২,৫৭৯ গৰাকী ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ৬৬,০৩৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৬৬,৫৪০ গৰাকী। সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সমষ্টিটো ৫ টা জ’ন আৰু ১৬ টা চেক্টৰত ভাগ কৰা হৈছে।

আজিৰ সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা প্ৰমুখ্যে বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয় লাভ কৰাৰ পৰিপ্ৰেক্ষিতত খালী হৈ পৰা ৭৭ নং বিহালী বিধানসভা সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰে। সেই অনুসৰি বিধানসভা সমষ্টিটোত ভাৰতীয় নিৰ্বাচনী আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.