বিহালী ৰাংছালীত পুথিভঁৰাল আধাৰশিলা বিধায়ক ৰঞ্জিত দত্ত ::

বিহালী ৰাংছালীত পুথিভঁৰাল আধাৰশিলা বিধায়ক ৰঞ্জিত দত্ত ::


শনিবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই অসম আদর্শ গ্রাম যােজনাৰ অধীনত নির্মান কৰিবলগীয়া ৰাংছালী আদর্শ গাঁৱৰ পুঁথিভড়াল
নির্মান কামৰ আধাৰশিলা স্থাপন কৰে।


ৰাংছালী ছেন্টাত নিৰ্মাণ হ’ব লগীয়া পুথিভঁৰালটো বাবে ইতিমধ্যে মুঠ-১৫,২৪,৬৪৯.০০ টকা আবন্টন দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।
ইফালে একে সময়তে বিধায়ক ৰঞ্জিত দত্তই আজি ইংৰাজী ২৭-১১-২০২১ তাৰিখ শনিবাৰে
বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক পঞ্চদশ বিত্তীয় আয়ােগ ২০২১-২২বৰ্ষৰ পুঁজিৰে ৰাংছালী জনতা বাকৰি শৰীৰ চর্চা কেন্দ্র
নবীকৰণ আৰু উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন কৰে । এই শৰীৰ চৰ্চাৰ কেন্দ্ৰটো বাবে ইতিমধ্যে মুঠ ১১,০১লাখ টকা আবন্টন হোৱা বুলি জানিবলৈ দিয়ে।


এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিহালী সমষ্টিৰ নিজ বিহালী জিলা পৰিষদৰ সদস্য দীপিকা ঢাকাল শৰ্মা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী গাওঁ পঞ্চায়ত সভাপতি প্ৰেম চেত্ৰী, অভিযন্তা ভূপেন বৰুৱাকে ধৰি অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.