শেহতীয়া আপডেটঃ

২০২৫ বৰ্ষৰ চানডুবি উৎসৱ ১জানুৱাৰীৰপৰা আৰম্ভ

মিৰ্জাঃ পৰম্পৰাগত কৃষ্টি–সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ২০২৫ বৰ্ষৰ চানডুবি উৎসৱ ১জানুৱাৰীৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। এইবাৰৰ উৎসৱত উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি কৃষি, উদ্যান শস্যৰ ওপৰত সুকীয়া কাৰ্যসূচী গ্ৰহন কৰা হৈছে। সেই অনুসৰি ২ জানূৱাৰীৰ চানডুবি উৎসৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৱাহাটী কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ এদল কৃষি বিজ্ঞানী উপস্থিত থাকিব। য’ত কৃষকে বিজ্ঞানীসকলৰপৰা পোন পোটীয়া পৰামৰ্শ গ্ৰহন কৰিব পাৰিব। ঐতিহাসিক চানডুবি বিলৰ জৈৱ–বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে ‘চেভ চানডুবি, চেভ হেৰিটেজ’ বাণী সাৰোগত কৰি ২০১০ বৰ্ষৰপৰা বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য পৃষ্ঠপোষকতাত চানডুবি উৎসৱ উদযাপন কৰি আহিছিল। চানডুবি উৎসৱে এইবেলি ১৫ সংখ্যাত ভৰি দিছে। কাৰ্যসূচী অনুসৰি– ১ জানুৱাৰীৰপুৱা ৮ বজাত উৎসৱৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই। ৯ বজাত চানডুবি উৎসৱৰ মূল দ্বাৰ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ৯.৩০ বজাত অতিথিশালা ‘ডগৰবুৰা’ মুকলি কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। ১০ বজাত প্ৰদৰ্শনস্থলী ‘লাঙাবুৰা’ৰ দ্বাৰ মুকলি কৰিব মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱাই। ১০.৩০ বজাত ‘চান্দসদাগৰ’ সোঁৱৰণী মঞ্চ মুকলি কৰিব বিজেপি’ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশুশেখৰ বৈশ্যই।

Chandubi Festival | The Northeast Tourism Portal

১১ বজাত থলুৱা খেল–ধেমালি মুকলি কৰিব সমাজকৰ্মী দিগন্ত মেধি টেৰণে। ১১.৩০ বজাত থলুৱা খাদ্য মেলাৰ দ্বাৰ মুকলি কৰিব কুলশীৰ বনাঞ্চলিক বিষয়া কংকণজ্যোতি কৌশিকে। দুপৰীয়া ১২ বজাত বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে। ১২.৩০ বজাত স্মৃতিগ্ৰন্থ ‘লকেয়া’ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো মুকলি কৰিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ সুভাষ ৰাভাই। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব বিজেপি’ৰ ৰাজ্যিক কাৰ্যবাহী সদস্য অনুপ কুমাৰ মেধি, সমাজকৰ্মী বলেশ্বৰ ৰংপি, কমল কুমাৰ ঠাকুৰীয়াই। ১বজাৰপৰা সাংস্কৃতিক অনুষ্ঠান। ২ জানুৱাৰীৰ পুৱা ১০ বজাত বাঘবুল আৰু ছাগলছাৰী খেল প্ৰতিযোগিতা। ১০.৩০ বজাত ‘গ্ৰাম্য অৰ্থনীতিত স্বাৱলম্বীতাৰ নিদৰ্শন হিচাপে উদ্যান শস্য কলখেতিৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰখনি সঞ্চালনা কৰিব বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে।

Chandubi Festival 2024 – Pratham Khabar

আলোচক হিচাপে অংশ গ্ৰহন কৰিব গুৱাহাটীৰ কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ কৌশিক কুমাৰ ডেকা, গোৱালপাৰা জিলাৰ বিশিষ্ট কল খেতিয়ক দেৱব্ৰত ৰাভা আৰু কামৰূপ জিলাৰ কমলেশ্বৰ ৰাভাই। উক্ত সভাত মুখ্য অতিথিৰূপে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু গুৱাহাটী এপল’ হাস্পতালৰ জ্যেষ্ঠ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ কমল কুমাৰ কাথাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ১ বজাত সাংস্কৃতিক অনুষ্ঠান। ৩ জানুৱাৰীৰ পুৱা ১০ বজাত খুটিখেল প্ৰতিযোগিতা। ১০.৩০ বজাত সম্বৰ্ধনা অনুষ্ঠানত আদৰ্শ মহিলা খেতিয়ক দীপিকা ৰাভাক সম্বৰ্ধনা জ্ঞাপন কৰিব। উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত মুখ্য অতিথি আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। আনহাতে– প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ডাঃ কমলা কলিতা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচোক, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, বিশিষ্ট সমাজ কৰ্মী চফিক আলী মিৰ্জা, বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ১ বজাত সাংস্কৃতিক অনুষ্ঠান। ৪ জানুৱাৰীৰ পুৱা ১০ বজাত লেৱা টনা খেল প্ৰতিযোগিতা।

Chandubi Lake

১১ বজাত অনুষ্ঠিত বহুভাষিক কবি সন্মিলনখনি সঞ্চালনা কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এম কামালুদ্দিন আহমেদে। এই সভাত পি এইচ ডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আৱাসিক সঞ্চালক বিভূতি দত্ত আৰু অসম পৰিবহন উন্নয়ন নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। ২ বজাত সাংস্কৃতিক অনুষ্ঠান। ৫ জানুৱাৰীৰ পুৱা ১০ বজাত সাংস্কৃতিক অনুষ্ঠান। ১১ বজাত বঁটা বিতৰণী অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, লোক সংস্কৃতিৰ সাধক ভূবিন ৰাভা, অসম ৰাজ্যিক বিজেপি’ৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈকে আদিকৰি বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। ২ বজাত শিৱিৰ সামৰণি। চানডুবি উৎসৱ উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভা, কাৰ্যকৰী সভাপতি ধনঞ্জয় ৰাভা আৰু মুখ্য সম্পাদক সত্যজিৎ ৰাভাই আন্তৰিকতাৰে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.