শেহতীয়া আপডেটঃ

নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

৮৬০ গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস উদযাপন ।

কা বাতিল হ’বই লাগিব-

ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ৮৬০ গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস নলবাৰী বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত উদযাপন কৰা হয় ।

এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়িত শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে,শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই , শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ইয়াৰ পিছত আন ভালেমান বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিকৰিয়াবাসী ৰাইজৰ সহযোগত শ্বহীদ দিৱস উদযাপন কৰে।

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি নাগাৰা নাম,আইতী নাম,ঢোল-খোল বাদন,সমবেত সংগীত আদি লোক সংস্কৃতিৰ লগত জড়িত শিল্পনুষ্টান সমূহৰো আয়োজন কৰে।
বিশেষকৈ সংবাদ মাধ্যমৰ আগত আছুৰ নেতৃবৃন্দ‌ই ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰ সমূহে শ্বহীদ সকলক লৈ ৰাজনীতি কৰি আছে যাৰ ফল স্বৰূপে স্বহীদ সকলে আজিও ন্যায় নাপালে আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা AFSPA আইন অতিশিঘ্ৰে বাতিল কৰিব‌ই লাগিব বুলি মন্তব্য আগবঢ়ায়।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.