কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা বঁটা ঘোষণা

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা বঁটা ঘোষণা

কাজিৰঙা ২৭ জানুৱাৰী

তিনিটা বিভিন্ন শিতানত কাজিৰঙা বঁটা ঘোষণা কৰিছে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই৷আজি কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে৷

সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু সম্পাদক ৰঞ্জিত ৰজকে সংবাদমেলযোগে জনোৱা অনুসৰি, অহা ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত হ’ব৷ অনুষ্ঠানৰ প্ৰথমদিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত তিনিটা বিভিন্ন শিতানত কাজিৰঙা বঁটা প্ৰদান কৰা হ’ব৷ কাজিৰঙাৰ প্ৰথম গৰাকী সাংবাদিক, শিক্ষাবিদ প্ৰয়াত বাপকণ দাসৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ কাজিৰঙা বঁটা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাক প্ৰদান কৰা হ’ব৷

আনহাতে, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত গোবিন্দ চন্দ্ৰ সাহাৰ সোঁৱৰণত অৱসৰপ্ৰাপ্ত বনবিষয়া চিন্ময় ধৰক গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ পৰিৱেশকৰ্মীৰ কাজিৰঙা বঁটা প্ৰদান হ’ব৷

 

তদুপৰি, ২০২৩ চনত চীনত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰ বোকাখাতৰ গৌৰৱ উমা ছেত্ৰীলৈ সমাজকৰ্মী প্ৰয়াত গুণীন্দ্ৰনাথ ফুকনৰ সোঁৱৰণত শ্ৰেষ্ঠ খেলুৱৈৰ কাজিৰঙা বঁটা প্ৰদান কৰা হ’ব৷ গোলাঘাট জিলাৰ কেইবাগৰাকী জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তিক লৈ গঠিত জুৰী বৰ্ডে আজি বিভিন্ন শিতানৰ এই কেইগৰাকীক মনোনীত কৰাৰ পাছতেই সংবাদমেলযোগে সংস্থাই ঘোষণা কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.