শেহতীয়া আপডেটঃ

বিহালী স্নাতক মহাবিদ্যালয়ত ২০২১ – ২২ বৰ্ষৰ ছাত্র একতা সভা নিৰ্বাচন :সাধাৰণ সম্পাদক পদত জয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ::

বিহালী স্নাতক মহাবিদ্যালয়ত ২০২১ – ২২ বৰ্ষৰ
ছাত্র একতা সভা নিৰ্বাচন :
সাধাৰণ সম্পাদক পদত জয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ::


বিশ্বনাথ চাৰিআলি ২৪ ডিচেম্বৰ ::

বিহালী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত আজি পূৱা ৮ বাজি ৩০ মিনিটৰ পৰা ছাত্ৰ একতাৰ সভা নিৰ্বাচনৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হৈ দুপৰীয়া প্ৰায় ১ বজালৈ এই ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে।
ইফালে ভোট গ্ৰহণৰ অন্তত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া। বিয়লি ৫ বজাত এই ভোট গগনা অন্ত পৰা পাছত বিহালী স্নাতক মহাবিদ্যালয় কতৃপক্ষই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে।
এই নিৰ্বাচনত মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।তাৰ মাজতে
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী চিমান্তজিৎ ৰয়ে জয় লাভ কৰে মহাবিদ্যালয় খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক পদত।

behali

ইফালে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ যুটীয়া সমৰ্থিত প্ৰাৰ্থী পবিত্ৰ দাস পৰাজয় হয় । আছু যুৱ ছাত্র পৰিষদৰ প্ৰাৰ্থী পবিত্ৰ দাসে মাত্ৰ ১১৩ টা ভোটৰ লাভ কৰে। ইফালে বিহালী আছা সমৰ্থিত উপ সভাপতি পদত জয় লাভ কৰে কাৰ্তিক ঘাটোৱায়ে । ঘাটোৱাৰে
৩৪৭ টা ভোট লাভ কৰা
বিপৰীত আন গৰাকী প্ৰতিদ্বন্দিতা মুকুল হাজৰিকা ২৩৯ ভোট লাভ কৰে । আনহাতে মহাবিদ্যালয় খনৰ সহকাৰী সম্পাদকৰ পদত
ল’ৰা ফালৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল
টিজকজ্যোতি গোস্বামী আৰু গকুল চুবেৰী ।
ইয়াৰ ভিতৰত গোস্বামীয়ে ৩০৮ টা ভোট লাভ কৰা বিপৰীতে গকুল চুবেৰীয়ে লাভ কৰে ২৬৩ টা ভোট গোস্বামীয়ে ৪৫ টা ভোট অধিক লাভ কৰি জয় হয়।
লগতে সহকাৰী সম্পাদিকা ছোৱালী ফালৰ পৰা আছু সমৰ্থিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰৰ্বিন্দৰ কৌৰ জয় লাভ কৰছ।
প্ৰৰ্বিন্দৰ কৌৰ আৰু মানিকা বৰুৱা মাজত হোৱা যুজঁ খনৰ ভিতৰত প্ৰৰ্বিন্দৰ কৌৰে ২৮৭ টা ভোট লাভ কৰি জয় হোৱা বিপৰীতে মানিকা বৰুৱাই ভোট লাভ কৰে ২৭৫ টা। মহাবিদ্যালয় খনৰ
উৎসৱ বিভাগৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
সুৰেশ লুইটেল, জিতু বনীয়াই ।
ইয়াৰ ভিতৰত সুৰেশ লুইটেলে ভোট লাভ কৰে ৩৫২ আৰু জিতু বনীয়াই ভোট লাভ কৰে ২১৮ টা।
১৩৪ টা ভোট অধিক লাভ কৰি জয় হয় সুৰেশ ।

মহাবিদ্যালয় খনৰ ছাত্র একতা সভাৰ গুৰুত্বপূৰ্ণ পদবী
আলোচনী বিভাগত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
পূজা তিৱাৰি (২৮৮) আৰু
নিচান্ত পখ্ৰেলে (২৮৬)।
মাত্ৰ ২ ভোটৰ ব্যৱধানত আছু সমৰ্থিত প্ৰাৰ্থী জয় হয় পূজা তিৱাৰি নামৰ ছাত্ৰী গৰাকীৰ ।

আনহাতে আন্ত:ক্ৰিয়া সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল
প্ৰণৱ দাস আৰু
শমিৰ শৰ্মা লুইটেলে ।
ইয়াৰ ভিতৰত আছু সমৰ্থিত প্ৰাৰ্থী
শমিৰ শৰ্মা লুইটেলে ৩০৮ ভোট লাভ কৰি জয় হয়।
তাৰ বিপৰীতে প্ৰণৱ দাসে ভোট লাভ কৰে ২৮৫ টা।
ইফালে পূৱা ৮:৩০ বজাৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় খনৰ নিৰ্বাচনৰ ফলাফলত শান্তি শৃংখলা বজাই ৰাখে মহাবিদ্যালয় ছাত্র-ছাত্রী সকলে।
ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল মহাবিদ্যালয় অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথৰ লগতে মহাবিদ্যালয় খনৰ প্ৰতি গৰাকী অধ্যাপক অধ্যাপিকা লগতে কৰ্মচাৰী আৰু ছাত্ৰী-ছাত্ৰীয়ে।
ইফালে নিৰ্বাচন সময়ত কোনো অপ্ৰীতিকৰ
ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ চোকা নজৰ ৰাখিছিল দিনটো বিহালী আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষীয়ে বিষয়া গৰাকী নেতৃত্বত এটি আৰক্ষী দলে।
আনহাতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথে শান্তি শৃংখলা বজাই ৰখা প্ৰতি গৰাকী ছাত্র ছাত্রী লগতে বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া,জিলা প্ৰশাসন লগতে প্ৰতি গৰাকী কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে ।
জয় হোৱা প্ৰাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অনিল বনীয়া, বিহালী আছু, আছা লগতে সাংবাদিক শ্ৰীমন্ত দাসে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.