শেহতীয়া আপডেটঃ

শিক্ষাৰ ঝুলন যাত্ৰা

: শিক্ষাৰ ঝুলন যাত্ৰা :

মন্দিৰা শৰ্মা

ফুটবল এটা দুটা গল পোষ্টৰ মাজত টেকনিক সলাই সলাই লঠিয়াই ফুৰি অনিশ্চিত সফলতাৰ পিছত দৌৰাৰ দৰে শিক্ষা ব্যৱস্থাটোক যেনি তেনি হেচুকি ফুৰা কথাটো কেতিয়াও ফলপ্ৰসূ বুলি নাভাবো । কেবিনেটৰ নামত ব্যৱহাৰিক ক্ষেত্ৰৰ বিশেষ অভিজ্ঞতা নথকা মুষ্টিমেয় কেইজন মান ব্যক্তিৰ সুত্ৰৰ দ্বাৰা শিক্ষা ব্যৱস্থাত বৈপ্লৱিক পৰিবৰ্তন আনিব বুলি যদি চৰকাৰ পতিয়ন যাব বিছাৰিছে তেনেহলে ইয়াক বটুলতা বুলিয়ে ক’ব পাৰি । অসমত শিক্ষাখণ্ড বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষা তথা ছাত্ৰ -ছাত্ৰী প্ৰকৃত মানদণ্ড লক্ষ্য কৰিলে এটা কথা সহজেই অনুমেয় যে ইয়াত তাৎক্ষণিক ভাবে একোখন বিলাসী বা উচ্চাভিলাষী আঁচনি প্ৰয়োগৰ দ্বাৰা ইয়াৰ শিক্ষাখণ্ডত ইতিবাচক সফলতা সম্ভৱ নহয়।

বিশেষকৈ ক’ভিডকালীন বিপৰ্যয়ৰ পিছত বিদ্যালয় সমূহত শিক্ষাৰ্থীক লৈ শিক্ষক সমাজ যি এক বিপদৰ সন্মূখীন হৈছে বুলি ভুক্তভোগীৰ বৰ্ণনা শুনিবলৈ পোৱা গৈছে সেই কথাৰ ভিত্তিত ক’ব পাৰি যে এই ইংৰাজী মাধ্যম, নতুন পাঠ্যক্ৰম আদি কথাবোৰ হাতৰ কুঠাৰ ভৰিত মৰা যেনহে হ’ব গৈ । যোৱাপ্ৰায় তিনিটা বছৰে বিদ্যালয় তথা শিক্ষাদান- শিক্ষা গ্ৰহণ ব্যৱস্থাটোৰ পৰা শত যোজন আঁতৰত থকা ছাত্ৰ-ছাত্ৰীয়ে (যিহেতু ৮০% ছাত্ৰ-ছাত্ৰীয়েই অনলাইন শিক্ষা গ্ৰহণৰ সামৰ্থ্যৰ বাহিৰৰ আছিল) পাহৰি গৈছে বিদ্যালয়ৰ সাধাৰণ অনুশাসন, প্ৰাথমিক পৰ্যায়ৰ শিক্ষা সম্পৰ্কীয় সকলো জ্ঞান । এইয়া শিক্ষক সকলৰ ক্ষেত্ৰীয় অভিজ্ঞতাৰ উদাহৰণ কোনো কাল্পনিক অতিৰঞ্জন নহয় । প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিক অথবা উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈ উন্নীত প্ৰায় অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতেই এনে প্ৰতিকুল সমস্যা উদ্ভৱ হৈছে বুলি সততে শুনিবলৈ পোৱা গৈছে । এই কথাবোৰৰ বাবেই এটা কথা ডাঠি ক’ব পাৰি যে বৰ্তমান সময়ত ছাত্ৰ -ছাত্ৰীক স্বাভাৱিক অৱস্থালৈ উভতাই অনাটোৱে যত এক প্ৰত্যাহ্বান হৈ পৰিছে তাত তাৎক্ষণিক ভাবে এনেবোৰ আঁচনি আকাশত চাং পতাৰ বাদে একোৱেই নহ’ব গৈ ।

তাৰোপৰি ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ মাজৰ চলি থকা অঘোষিত প্ৰতিযোগিতাত ইন্ধনৰ কাম কৰিব এই নতুন আঁচনিয়ে । বৰ্তমান এই প্ৰতিযোগিতাৰ যুগত য’ত ছাত্ৰ, অভিভাৱক সকলোৱে কম পাঠ্যক্ৰমৰ যোগেদি কম কষ্টৰ বিনিময়ত অধিক নম্বৰ লাভৰ মানসিকতা ৰাখে তাত বিষয় বঢ়া আৰু দুটা ভাষাৰ মাধ্যমত পঢ়িব লগীয়া হোৱা কথাটোৱে তেওঁলোকক শংকিত কৰি তুলিব । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত অসমীয়া মাধ্যমৰ জটিলতাৰ পৰিবৰ্তে মানুহ ইংৰাজী মাধ্যমৰ সৰল ব্যৱস্থাৰ পিনে ধাৱমান হোৱাৰ সম্ভাৱনাই অধিক । এই সাধাৰণ সমস্যাখিনি আমাৰ বিভাগীয় মন্ত্ৰী-আমোলাই অনুধাৱন কৰিব নোৱাৰে বুলি আমি কেতিয়াও ভাবিব নোৱাৰো আৰু যদি সেইয়া সত্য হয় তেনেহলে এইটোৱে প্ৰমাণ হয় যে বিভিন্ন মহলত চৰ্চা হোৱাৰ দৰে নিশ্চয় ইয়াৰ আঁৰত কিবা অভিসন্ধি আছে ! কি এই অভিসন্ধি ? অভিসন্ধি নিশ্চয় এইটোৱেই, মানুহক এই ধৰণৰ শংকাৰ যোগেদি সন্তৰ্পনে ইংৰাজী মাধ্যমৰ পিনে ঢাল খুৱাই দিয়া ।

সাপো মৰক লাঠিও নাভাঙক বুলি যদি চৰকাৰে এনেধৰণৰ খিচিৰি শিক্ষা ব্যৱস্থা এটা প্ৰৱৰ্তন কৰি অসমীয়া মাধ্যমটোক কোঙা কৰাৰ অভিসন্ধি কৰিছে তেনে ভৱিষ্যত সময়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব । জাতীয়তাবাদৰ নামত দপদপাই থকা নেতা- পালিনেতি সকলেও অকল টিভিৰ টক্ শ্ব’ত বক্তব্য দাঙি ধৰাতে দায়িত্ব সামৰি নথৈ ইয়াৰ প্ৰতিবাদ আৰু প্ৰতিৰোধৰ পথ সন্ধান নকৰিলে বদনৰ দৰে সৰ্বকাললৈ অসমীয়া জাতিৰ অন্ধকাৰ ভৱিষ্যতৰ বাবে দায়ী হৈ থাকিব লাগিব ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.