শেহতীয়া আপডেটঃ

এন ই ফ’কাচ উদ্যোগত ‘অতীত সংৰক্ষণ কৰো ভৱিষ্যত সুৰক্ষা কৰো’ শীর্ষ ঐতিহাসিক সন্মিলন সম্পন্ন

♦ অতীতৰ বুকুতে বৰ্তমান, বৰ্তমানৰ বুকুতে ভৱিষ্যত গঢ় লয়। ঐতিহ্য সংৰক্ষণ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন ই ফ’কাচৰ উদ্যোগত আজি অনুষ্ঠিত হ’ল Preserve Our Past Protect Our Future শীৰ্ষক এখন সন্মিলন। নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সন্মিলনখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে নাবাৰ্ডৰ চি জি এম লোকেন ডেকাই। সন্মিলনখন উদ্বোধন কৰি তেখেতে কয় যে গ্ৰাম্য টুৰিজিম প্ৰমোচনৰ বাবে নাবাৰ্ডে সহযোগিতা আগবঢ়াই আহিছে।

প্ৰত্যক্ষ ভাৱে নহ’লেও নাবাৰ্ডে উদ্যমীক সহায় কৰি আহিছে। এই ঐতিহাসিক সন্মিলনখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰথিতযশা লেখক ময়ুৰ বৰা, অধ্যাপিকা ড০ সংগীতা গগৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ইতিহাস বিভাগৰ প্ৰবক্তা পাৰমিতা দাস, উদ্যমী অভিজিৎ পুৰকায়স্থ, লেখক ভাস্কৰ বৰদলৈ,আৰু সাংবাদিক পুলিন কলিতা। আনহাতে পেনেল আলোচনাত মডাৰেটৰ হিচাপে অংশগ্রহণ কৰে পুৰাতত্ব বিভাগৰ ডেপুটি ডাৰেক্টৰ নৱজিত দেউৰী, কটন কলেজৰ পুৰাতত্ব বিভাগৰ প্ৰবক্তা মনজিল হাজৰিকা।

সন্মিলনখনত কমিউনিটি পৰ্যটনৰ সম্পর্কে উল্লেখ কৰি বিশিষ্ট লেখক ময়ুৰ বৰাই পৌৰাণিক ঐতিহ্য বিজৰিত সমল সমূহ গুৰুত্ব আৰু সুৰক্ষা বাবে নৱপ্ৰজন্মৰ কৰণীয় সম্পর্কে উল্লেখ কৰে। আনহাতে প্ৰবক্তা ড০ সংগীতা গগৈয়ে টাই আহোম আৰু চাইথ ইষ্ট এছিয়াৰ ঐতিহাসিক সম্পর্ক আৰু সাদৃশ্যৰ সম্পর্কে মন্তব্য কৰে। ঐতিহাসিক পৰ্যটনৰ ন মাত্ৰা প্ৰদান কৰিব পৰা বাট ভাওনাৰ বিষয়ে অৱগত কৰে উদ্যমী অভিজিৎ পুৰকায়স্থই। তেখেতে কয় যে শুৱালকুছিত বাট ভাওনা দুৰ্গা পূজাৰ সময়ত নৱমীত অনুষ্ঠিত হয়। ঐতিহাসিক গ্ৰাম্য পৰ্যটনৰ অন্যতম বাহক হ’ব পাৰে।

আনহাতে লেখক ভাস্কৰ বৰদলৈয়ে লিপিৰ গুৰুত্ব, প্ৰাচীন তাৰ সম্পর্কে মন্তব্য কৰে। মহানগৰীৰ বহু কেইখন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী অংশগ্রহণ কৰা এই সন্মিলনখনত ভাৰত পৰ্যটনৰ সহকাৰী সঞ্চালক ভি এচ কুমাৰন, সামাজিক ন্যায় আৰু মহিলা সবলীকৰণ বিভাগৰ সঞ্চালক উৎপল কুমাৰ মাহান্টি লগতে বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তা উপস্থিত থাকে। লগতে সামাজিক ন্যায় আৰু মহিলা সবলীকৰণ বিভাগৰ জনকল্যাণমূলক আঁচনিসমূহ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত সন্মিলনখন স্পনচাৰ কৰে এচ বি আইয়ে আৰু সমৰ্থন কৰে নাবাৰ্ডে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.