শেহতীয়া আপডেটঃ

ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলত পকা শালি ধান কটা কাৰ্য আৰম্ভ হোৱাৰ সময়তে অব্যাহত আছে বনৰীয়া হাতীৰ বিচৰণ। বিগত কেইটামান দিনত কাষৰীয়া পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে এফালৰ পৰা খাই, গছকি তহিলং কৰিছে ধাননি পথাৰ। বৃহত্তৰ ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবেৰীয়া, বেলগুৰী, নালাপাৰা, বিক্ৰমপুৰ, পুখুৰীপাৰ খপেগাও, চেচা, জয়পুৰ নিৰলপুৰ, পাটগাঁও, মৈৰাপুৰ আদি ঠাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ।

যোৱা অক্টোবৰ মাহত ধানৰ থোক তথা গেৰ ওলোৱাৰ আগৰে পৰা কৃষকসকলে হাতে হাতে জুই লৈ আৰু পথাৰত টঙীঘৰ সাজি হাতী খেদা কাৰ্যত জড়িত হৈ কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু হাতীৰ উপদ্ৰৱ ৰোধ কৰাত সফল হোৱা নাই ৰাইজৰ। অৱশ্যে ইয়াৰ মাজতে কৃষক সকলক হাতী খেদা কাৰ্যত কিছু সকাহ দিবলৈ অবশেষত আগবাঢ়ি আহিছে এছিয়ান এলিফেণ্ট ফৰাম নামৰ ৰাজ্যৰ এটা অগ্ৰণী অনা চৰকাৰী সংগঠন (এন জি অ’)। এন জি অ’টোৱে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহযোগত আজি মেঘালয় সীমান্তৰ ৰাণী নালাপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ১৪ খন গাঁওৰ পথাৰত থকা ১৫ টা টঙী ঘৰত পহৰা দি অহা কৃষক সকলৰ মাজত নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ ৫৫ টা উচ্চক্ষমতা সম্পন্ন টৰ্ছলাইটৰ উপৰিও ফটকা আৰু কেৰাচিন তেল বিতৰণ কৰা হয়।

এই উপলক্ষে এছিয়ান এলিফেণ্ট ফৰামৰ অধ্যক্ষ তথা হস্তী বিশেষজ্ঞ কৌশিক বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত পূব কামৰূপৰ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী, ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন, শুকুৰবৰীয়া খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া দুলু মহন্ত, পৰিৱেশকৰ্মী প্ৰমোদ কলিতা, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ নাথ, উদীয়মান জোন ৰাভাকে ধৰি কেবাজনো কৃষক, কৃষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। আনহাতে অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰীয়ে উপস্থিত কৃষক সকলক হাতী ওলালে লগে লগে নিকটবৰ্তী খণ্ড বন বিষয়া কাৰ্যালয় বা টহলদাৰী বনকৰ্মীক অৱগত কৰিবলৈ আহ্বান জনায়। তেনেদৰে কৌশিক বৰুৱাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বনৰীয়া হাতী অহা- যোৱা কৰা পথ সমূহত বন বিভাগৰ সহযোগত শীঘ্ৰেই চাইনবৰ্ড লগোৱাৰ কাম আৰম্ভ কৰা হব বুলি সদৰি কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.