শিৱসাগৰ শিমলুগুৰি ৰে’ল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎসংখ্যক নিচাযুক্ত টেবলেট উদ্ধাৰ

♦ৰাজ্যত বৰ্তমান সময়ত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন তথা চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি লৈকে শ শ কেজি ড্ৰাগছ জব্দ হৈছে। কিন্তু বিভিন্ন ধৰণৰ নিছা জাতীয় দ্ৰব্য প্ৰতিদিনে উদ্ধাৰ হোৱা ঘটনা যেন নিতৌ নৈমিত্তিক সংঘটিত হৈছে এইখন অসমত। চৰকাৰ আৰক্ষী কিম্বা প্ৰশাসনৰ কঠোৰ দমন নীতি যেন কেয়াৰ নকৰে সৰবৰাহকাৰীয়ে। তেনে এক ঘটনা সংঘটিত হৈছে শিৱসাগৰত।

পুৱতি নিশা উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা সৰ্বমুঠ ৬৭৮০ টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৰে’লৱে আৰক্ষীয়ে। উক্ত টেবলেট খিনি ৰাজধানী এক্সপ্ৰেছৰ কৰ্মৰত কৰ্মচাৰীৰ পৰা জব্দ কৰা হয়, কৰ্মচাৰী দুজনৰ নাম বাপন দাস আৰু শ্ৰমিত ৰয়। দীৰ্ঘদিন ধৰি এই সৰবৰাহ ৰে’লৰ মাধ্যমেৰে চলাই আহিছিল বুলিও জানিব পৰা গৈছে, উক্ত টেবলেটখিনি বিহাৰৰ কাটিহাৰৰ পৰা আনিছিল আৰু অসমত প্ৰৱেশ কৰি অহাৰ ৰাষ্টাত বহু কেইটা ষ্টেচনত এই টেবলেট সমূহ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে।


অৱশেষত এই নিচাযুক্ত টেবলেট সৰবৰাহকাৰী কেইটাক শিমলুগুৰি ষ্টেচনত আটক কৰে ৰেলৱে আৰক্ষীয়ে । বাপন দাসৰ ঘৰ ডিব্ৰুগড়ত আৰু শ্ৰমিত ৰয়ৰ ঘৰ সিজুগুৰিত। এই নিচাযুক্ত টেবলেট সৰবৰাহকাৰী কেইটাই নিচাজাতীয় টেবলেটখিনি মৰাণহাটৰ বাবু দে নামৰ এজন অ’টৰিক্সা চালকক দিবলৈ নিছিল জানিব পৰা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.