কাব্যালোচনী“ৰণচালি সুবাস” উন্মোচন ৰাংছালীত

কাব্যালোচনী“ৰণচালি সুবাস” উন্মোচন ৰাংছালীত

দক্ষিণ বিহালী কবি চক্ৰৰ মুখপত্ৰ ছমহীয়া কাব্যালোচনী “ৰণচালি সুবাস”ৰ উন্মোচনী সভা আৰু স্ব ৰচিত কবিতা পাঠৰ অনুষ্ঠানটি ৰাংছালীস্থিত পুথিভৰাল দেওবাৰে অনুষ্ঠিত হয় ।

 

দক্ষিণ বিহালী কবিচক্ৰৰ সভাপতি চাও চন্দন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ হোৱা সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে কণ্ঠ শিল্পী মৃদুস্মিতা দাসে ৷ ইয়াৰ পিছতে কবিচক্ৰৰ সম্পাদক নিৰঞ্জন দাস আঁত ধৰা সভাখনি উপস্থিত থাকে অৱসৰ প্ৰাপ্ত জিলা মুখ্য ন্যায়ধীশ সুঠাম দাস বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিৰণ্য হাজৰিকা বিশ্বনাথ জিলা কবি সভাপতি বিপিন বৰা,বিশ্বনাথ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদ গৌতম বৰা লগতে বিহালীৰ সমাজকৰ্মী কবি তথা দক্ষিণ বিহালী কবি চক্ৰ আৰু ৰণচালি সুবাস কাব্যালোচনীৰ সম্পাদনা সমিতিৰ উপদেষ্টা শুকদেব বৰুৱা ,বাংশবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰূপম গোস্বামী বিজ্ঞান দাস , ৰাজেন হাজৰিকা চুৰেন বৰা গজেন শৰ্মা কাৰ্তিক দাস ধৰণী দাস মীৰা ছেত্ৰী পুতুল দাস পূৰ্ণিমা ছেত্ৰী মহেন্দ্ৰ বনীয়া মফিল হাজৰিকা প্ৰনৱজ্যোতি দাস ৰুনু দাস , কাকলি দাস আৰু সংবাদ কৰ্মী হিচাপে বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস সংবাদ কৰ্মী পলাশ প্ৰিয়ম দাস সীমান্ত দাসকে ধৰি অঞ্চল ৰাইজ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.