শেহতীয়া আপডেটঃ

জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈয়ে শ্ৰেষ্ঠ ভিদিঅ সম্পাদনা বঁটা ২০২১ ৰ এই বিশেষ সন্মান

জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈয়ে শ্ৰেষ্ঠ ভিদিঅ সম্পাদনা বঁটা ২০২১ ৰ এই বিশেষ সন্মান

অসমৰ জনপ্ৰিয় ৱেব পৰ্টেল পাব্লিক প্ৰেছৰ আজি গুৱাহাটী প্ৰেছ ক্লাৱত চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হয়৷

কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মূখ্য তথ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই৷

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত নাৰী শক্তি অসমৰ,সভানেত্ৰী নম্ৰতা শৰ্মা, বন্ধন বেংক, গুৱাহাটীৰ আঞ্চলিক পৰিচালক দেবদ্বীপ ভৰদ্বাজ, বিশিষ্ট অধিবক্তা সুভাস বিশ্বাস উপস্থিত থাকে৷

ইফালে বন্তি প্ৰজ্বলন কৰি অসম চৰকাৰৰ মূখ্য তথ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই কয় যে , অসমৰ সংবাদ জগতত ১৬ টা মান সংগঠন আছে৷

কিন্ত প্ৰতিটো সংগঠনৰ উমৈহতীয়া সমস্যা আছে৷বিষয়াগৰাকীয়ে এইক্ষেত্ৰত প্ৰতিটো সংগঠনক উমৈহতীয়া এখন মঞ্চ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷

প্ৰাগ্ নিউজৰ মূখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে অডিঅ যোগেদি আগবঢ়োৱা চমু ভাষণত কয় যে , সংবাদ মাধ্যম গুৰুত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এইক্ষেত্ৰত ৰাষ্ট্ৰৰপৰা প্ৰত্যাহ্বান অহাৰ লগতে কপৰেট গোষ্ঠীৰপৰা প্ৰত্যাহ্বান আহিছে৷কৃষক আন্দোলন ইয়াৰ অন্যতম উদাহৰণ বুলি উল্লেখ কৰি কয় যে ,একাংশ সংবাদ মাধ্যমক কপৰেট গোষ্ঠীয়ে নিয়ন্ত্ৰণ কৰিছে৷

ইফালে মুকলি সভাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা তিনিচুকীয়াৰ জোষ্ঠ সাংবাদিক বিকাশ মৰাণক উদ্যামী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰে৷এই বঁটাত আছে ফুলাম গামোচা, জাপি,মানপত্ৰ,মমেনটো৷বন্ধন বেংকৰ গুৱাহাটীৰ আঞ্চলিক পৰিচালক দেবদ্বীপ ভৰদ্বাজক গ্ৰাম্য উন্নয়ন বঁটা, শিৱসাগৰৰ সাংবাদিক তথা অধিবক্তা দেৱজোতি বৰুৱাক প্লাষ্টিকমুক্ত আৰু পৰিৱেশ হিতৈষী বঁটা , প্ৰয়াত সাংবাদিক অৰুপ কলিতাক মৰণোত্তৰভাৱে পৰিয়ালবৰ্গলৈ সম্বৰ্ধনা জনোৱাৰ হয়৷

আনহাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰে গোলাঘাটৰ প্ৰকাশ শৰ্মাই৷আৰু শ্ৰেষ্ঠ ভিদিঅ সাম্পাদনা ২০২১ বঁটা লাভ কৰে লখিমপুৰ জিলাৰ লালুকৰ পলাশ গগৈই আনহাতে পাব্লিক প্ৰেছৰ তৰফৰপৰা গোলাঘাটৰ সাংবাদিক দেবজিৎ লাহনক ক’ভিড যোদ্ধা(অভিনেতা) আৰু শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী তথা কষ্ঠশিল্পী ৰাজভূষণ গগৈক বিশেষ সম্বৰ্ধনা জনোৱা হয়৷

আজিৰ মুকলি সভাতে পাব্লিক প্ৰেছৰ বিভিন্ন শিতানৰ বঁটা আৰু সম্বৰ্ধনা জনোৱা হয়৷

সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে পাব্লিক প্ৰেছৰ কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গগৈ আৰু মূখ্য সম্পাদক অৰ্নিবাণ সেনে৷


নাৰায়ণপুৰ জয়ন্ত কুমাৰ হাজৰিকা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.