শেহতীয়া আপডেটঃ

বিধায়ক সুশান্তৰ বিজেপি গমণৰ প্ৰচাৰত অসন্তুষ্ট দলীয় কৰ্মীঃ নিৰ্বাচনত সুশান্তৰ হৈ প্ৰচাৰ চলোৱা ৯৬ বছৰীয়া বকতাৰ বিশিষ্ট সমাজকৰ্মী অসন্তুষ্ট

বিধানসভা নিৰ্বাচনত সুশান্তৰ বিজয়ৰ পথ প্ৰশস্ত কৰা আৰু কংগ্ৰেছ দলৰ শক্তিশালী ভিত্তি থকা বকতাত দলৰ তৃণমূলৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ ভোটাৰ ৰাইজ কোনেও বিধায়ক হৈ দলত্যাগ কৰা কাৰ্যক সহজভাৱে লব পৰা নাই।

♦শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্ততি চলোৱাৰ বাৰ্তাই বকতাৰ কংগ্ৰেছ কৰ্মীসকলক অসন্তুষ্ট কৰি তোলাৰ কথা জানিব পৰা গৈছে।

file footage

যোৱা বিধানসভা নিৰ্বাচনত সুশান্তৰ বিজয়ৰ পথ প্ৰশস্ত কৰা আৰু কংগ্ৰেছ দলৰ শক্তিশালী ভিত্তি থকা বকতাত দলৰ তৃণমূলৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ ভোটাৰ ৰাইজ কোনেও বিধায়ক হৈ দলত্যাগ কৰা কাৰ্যক সহজভাৱে লব পৰা নাই।

জনপ্ৰিয়তাৰ বাবেই সমষ্টিটোৰ দুবাৰৰ বিধায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰা সুশান্ত বৰগোঁহাইৰ নিষ্ঠা আৰু সততাত বিশ্বাস ৰখাসকলে এনে দলত্যাগৰ তাড়ণাক চৰম সুবিধাবাদ আখ্যা দি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’লে তেওঁক সমৰ্থন নজনোৱাৰ মনোভাৱ প্ৰকাশ কৰিছে।

বিশেষভাৱে যোৱা নিৰ্বাচনত সুশান্তৰহৈ এককভাৱে গাঁৱে গাঁৱে গৈ ভোট ভিক্ষা কৰা বকতাৰ এজন ৯৬ বছৰীয়া অশীতিপৰ প্ৰবীন সমাজকৰ্মী নোমল বুঢ়াগোঁহায়ে সুশান্তৰ বিজেপি গমণৰ এনে প্ৰচাৰত স্তম্ভিত হোৱা বুলি জানিবলৈ দিছে। বকতাৰ সৰ্বজনশ্ৰদ্ধেয় বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে আজি বিজেপি দলৰ বিভাজনৰ ৰাজনৈতিক কৌশল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শক্তি কংগ্ৰেছক নিঃশেষ কৰাৰ প্ৰলোভনৰ জালত ভৰি থৈ সুশান্ত বৰ গোঁহায়ে নিজৰ উজ্বল ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ লগতে সামাজিক জীৱনে নষ্ট কৰিলে বুলি মত ব্যক্ত কৰিছে।

নিজে ভোট দি, প্ৰচাৰ চলাই জয়ী কৰা এজনৰ এনে স্খলনত তেওঁ অতি ব্যথিত হোৱাৰ উপৰি ভৱিষ্যতে কোনো প্ৰাৰ্থীক ভোটদান নকৰে বুলিও অভিমত ব্যক্ত কৰিছে। আনকি নিৰ্বাচনত জয়ী হোৱাৰ পাচতো তেওঁক এবাৰ দেখা নকৰিলে বুলি জানিবলৈ দিয়ে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.