সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক

অসম খবৰ ডিজিটেল ডেস্ক ২৭ আগষ্ট ::
সামৰিক মৰ্যাদাৰে বিদায় জনালে বিশ্বনাথৰ গলিয়াগাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুং ৷১৯৩০চনত জন্মগ্ৰহণ কৰা ছুবেদাৰ ইন্দ্ৰ সিং গুৰুঙে ১৯৪৭ চনত মাত্ৰ সোতৰ বছৰত যোগদান কৰিছিল ৬নং আসাম ৰাইফলছত ৷তিনিখনকৈ ১৯৬২ চীন ৬৫চনত ভাৰত-পাকিস্তান আৰু ১৯৭১চনত ভাৰত-বাংলাদেশ যুদ্ধত অৱতীৰ্ণ হোৱা আৰু ১৯৭৫চনত ইম্ফলত ৩টাকৈ উগ্ৰপন্থীৰ ঘাটি ধংস কৰি তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে প্ৰদান কৰিছিল শৌৰ্যচক্ৰ সন্মান ৷




