শেহতীয়া আপডেটঃ

পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত বিশ্বনাথঘাট

পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত বিশ্বনাথঘাট

দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হোৱাৰ পিছতে বিশ্বনাথবাসীক উৎফুলিত কৰি তুলিছে।এই খবৰ ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইট কৰাৰ লগে লগে এতিয়া গুপ্তকাশী বিশ্বনাথঘাটত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এতিয়াৰ পৰা এক বিশেষ ভূমিকা গ্ৰহন কৰিব এতিয়া গুপ্তকাশী বিশ্বনাথঘাটে।উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথ ঘাটে আজিও সেই আহোম যুগৰ সাক্ষী বহন কৰি আহিছে।আহোম ৰজা সকলৰ বহু কীৰ্তি চিহ্ন আজিও গুপ্তকাশী বিশ্বনাথ ঘাটত সজীব হৈ আছে।বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথঘাটতে স্হাপন কৰা হৈছিল জাহাজ ঘাট।২৭ খন বিভিন্ন দেৱালয়ৰে পৰিপূৰ্ণ, ক্ষুদ্ৰতম নদী দ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যবস্থা, নদীদ্বিপ উমাটুমণিক সংলগ্ন কৰিবলৈ ৰ’পৱে নিৰ্মান কৰাৰ যো জা , এক সুন্দৰ গ্ৰাম্য পৰ্যটন থকা স্থান বিশ্বনাথ ঘাটক আজি পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যদা প্ৰদান কৰাত ধন্যবাদ জনাইছে গাঁওখনৰ ৰাইজে। লগতে এই স্থান সংৰক্ষণ হোৱাৰ লগতে সকলো দিশতে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ইফালে আজি এই ঘোষণাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিধায়ক গৰাকীয়ে কয় যে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বিশ্বনাথ ঘাটে দেশৰ ভিতৰতে শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়।তেওঁ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সমন্ধিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত অন্যান্য সংযোজনৰ লগতে ৰ’প ৱে নিৰ্মাণৰ কামো শীঘ্ৰেই হব বুলি তেওঁ আশা কৰে। ইফালে বিশ্বনাথৰ এগৰাকী সমাজকৰ্মী তথা পৰ্যটনৰ ক্ষেত্ৰৰ বাবে প্ৰচেষ্টা চলাই অহা নিৰঞ্জন হাজৰিকাই বিশ্বনাথ ঘাটক দেশৰ ভিতৰতে শ্ৰেষ্ঠ গাঁও হিচাবে ঘোষণা কৰাৰ বাবে পৰ্যটন মন্ত্ৰণালয় লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। এই ক্ষেত্ৰত সম্পূৰ্ন সহযোগ আগবঢ়াই অহা বিশ্বনাথৰ এগৰাকী যুৱক তথা পৰ্যটন অনুৰাগী ৰিতুৎপল বৰদলৈ আৰু বিশিষ্ট পৰ্যটন অনুৰাগী ড° কিশোৰ হাজৰিকাৰ সহযোগিতাৰ শলাগ লয়।

উল্লেখ্য।যে ড° কিশোৰ হাজৰিকাই দীৰ্ঘদিনৰ পৰা বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ খনত লাগি থকাৰ উপৰি বৰদলৈয়ে বিশ্বনাথৰ এই বিৰল সন্মান লাভৰ ক্ষেত্ৰত যোগাযোগকে ধৰি যথেষ্ট খিনি কাৰ্য সম্পাদন কৰিছিল। ইফালে বিশ্বনাথ ঘাট দেশৰ ভিতৰতে শ্ৰেষ্ঠ গাঁও হিচাবে চিহ্নিত হোৱাৰ পিছতে ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ পৰ্যটন বিকাশৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লব বুলি আশা কৰে নিৰঞ্জন হাজৰিকাই। তেওঁ বিশ্বনাথক পৰ্যটনৰ বিকাশৰ বাবে বটদ্ৰবাৰ আৰ্হিত এখন অভিলাষী আঁচনিৰ বাবে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱে ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিয়া স্মাৰক পত্ৰৰ কথা উল্লেখ কৰে আৰু মুখ্যমন্ত্ৰী গৰাকীক এই আঁচনি গ্ৰহণৰ বাবে পুনৰ অনুৰোধ জনায়। লগতে বিশ্বনাথক অসমৰ এক ট্যুৰিষ্ট হাবত পৰিণত কৰাৰ বাবে আহ্বান জনায়। আছুৰ কাৰ্যনিৰ্বাহক সদস্য ৰূপম দাস, বিশিষ্ট লেখিকা বিভামণি দাস ,বিশ্বজিত দাস প্ৰবীন মটক আদিয়ে পৰ্যটন বিভাগৰ এই পদক্ষেপৰ আদৰণি জনায়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.