শেহতীয়া আপডেটঃ

নগাঁওত জলাশয়ত উদ্বেগজনক ভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন

 

অসম খবৰ নগাঁও ১৯ অক্টোবৰ :

নগাঁও জিলাৰ একাধিক নৈ, সুঁতি, তিনি কুৰিৰো অধিক বিল, জলাশয়,দলনি, পিটনিলৈ শীতৰ আগমনৰ প্ৰাকমূহুৰ্ততে আগমন ঘটে দেশী বিদেশী অগনন পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ জলকেলি,কাকলিত প্ৰাণ পাই উঠিছিল অবিভক্ত জিলা খনৰ নৈ,বিল,জলাশয় সমূহ।

কিন্তু বিগত কেইটামান বছৰৰ পৰা এনে পৰীভ্ৰমী পক্ষীৰ আগমন অভাৱনীয় ভাৱে হ্ৰাস পাবলৈ ধৰা পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম প্ৰধান কাৰণ অবিভক্ত নগাঁও জিলাৰ নৈ, সুঁতি,বিল,জলাশয় সমূহৰ ভূমিত হোৱা অবাধ বেদখল। উল্লেখ্য যে, অবিভক্ত নগাঁও জিলাৰ নৈ, সুঁতি,বিল,জলাশয় সমূহৰ শ শ হেক্টৰ মাটি ইতিমধ্যে বেদখলকাৰীৰ কৱলত পৰিছে।অবিভক্ত নগাঁও জিলাৰ মৰিকলং-পোতাকলং,হাৰিভাঙ্গা, ৰৌমাৰী,ডিমৌ,১৩০নম্বৰ ৰৌমাৰী(৩৬হেক্টৰ),১৩৯নম্বৰ এৰা কপিলী,শিয়াল খাইটি,জলাগহগা,ৱাৰীডেং কেন্দুগুৰি,শিলডুৱি,৫২(এ)বৰপেটা,শুকতিপোতা,দীঘলী-পটলী,লখনাবন্ধা,লুটুমাৰী গ্ৰান্ট,চতিয়ান,বৰকপা,দীঘলী,লাওপানী,চামগুৰি,বৰঘূলি,মেৰ বিল,শিৱস্থান পোতাকলং,গুৰগুৰীয়া-বৰচিঙা,গাগলমাৰী,ফাকলি,৩নম্বৰ সোণাই খণ্ড১,৪নম্বৰ সোণাই খণ্ড ২-,১০নম্বৰ কলং খণ্ড-৪ ,৯নম্বৰ কলং খণ্ড ৩, ১৪/১৫নিশাৰী/হাৰিয়া,১২০নম্বৰ শিহুৱা পুঠিমাৰী,বৰপানী/ফাকলি,১৪১/১৪২বৰালিমাৰী/চিতলমাৰী,১৪৪নম্বৰ জুৰীয়া,৫৩নম্বৰ সোণাইবেৰা/জৰামাৰী,৮নম্বৰ কলং খণ্ড-২,১৯/২০/২১কপিলী,তুলসীজান,মাহৰোল,ননৈ,ভেৰভেৰী,সাপেখাটি,কাটিমাৰী,চুলুং,বৰপাতলি/ভাটিখালি,মিছা বিলকুঁজি বিল,কাছধৰা,এৰাকলং,বাঘমাৰী,পেনাই,এৰাকলং শেনচোৱা, চামগুৰি,গাগলমাৰী,বোকাবিল,মোৱামাৰী,বকুলগুৰি,লেতেৰী,কদমসুতি,হাঁহিলা আৰু শান্তিজান প্ৰমুখ্যে বিল সমূহৰ উপৰিও, ব্ৰহ্মপুত্ৰ,কলং,কপিলী,সোণাই, ননৈ, চম্পাৱতী,ডিজু নৈত কেইটামান বছৰৰ আগলৈকে অসংখ্য  পৰিভ্ৰমী পক্ষীৰ কাকলিয়ে মুখৰিত কৰি ৰাখিছিল। অৱশ্যে পূৰ্বৰ তুলনাত বিগত কেইটামান বছৰৰ পৰা অবিভক্ত জিলা খনলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ সংখ্যা বহু পৰিমাণে কম হোৱা পৰিলক্ষিত হৈছে। অবিভক্ত জিলা খনৰ নৈ, সুঁতি,বিল,জলাশয় সমূহলৈ শৰালি হাহ,ঘিলা হাঁহ,দেওহাঁহ, হাড়গিলা,উলুমৰা বা বেংগল ফ্লৰিকান,ঢেৰা,মণিয়ৰী,কণামুচৰী,ধৃতিৰাজ,কাম চৰাই,শামুকভাঙা,চাকৈচকোৱা,বৰ শৰালি,কণামুচৰী প্ৰমুখ্যে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছিল । সংগ্ৰহ -ডি বি নিউজ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.