বিহালীত ৫৮ শতাংশ ভোটদান

বিশ্বনাথত শান্তিপূৰ্ণ লোকসভা নিৰ্বাচন:দেৰিলৈকে ভোটগ্ৰহণ বহুকেইটা ভোটকেন্দ্ৰত

বিশ্বনাথ সমষ্টিত ভোটদানৰ হাৰ ৭১ শতাংশ

বিহালীত ৫৮ শতাংশ ভোটদান

বিশ্বনাথ চাৰিআলি, ১৯/  ২০২৪ এপ্ৰিলঃ_ প্ৰথম পৰ্যায়ত আজি অনুষ্ঠিত হোৱা ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭০ নং বিশ্বনাথ আৰু ৭১ নং বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে নিৰ্বাচন । বিশ্বনাথ নিৰ্বাচনী জিলাখনৰ মুঠ ৩৯৪ টা ভোটগ্রহণ কেন্দ্ৰত ভোটাৰ ৰাইজে পুৱা ৫ বজাৰ পৰাই ভোটদান কৰে। বিয়লি ৫ বজাত ভোটদান প্ৰক্ৰিয়া অন্ত পৰিছে যদিও নিৰ্বাচনী জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিতে বহুকেইটা ভোটকেন্দ্ৰত অদ্যপিও ভোটদান অব্যাহত থকাৰ বাতৰি পোৱা গৈছে। এই বাতৰি যুগুতোৱা সময়লৈকে (বিয়লি ৫ বজালৈকে) বিশ্বনাথ নিৰ্বাচনী জিলাত সামগ্ৰিকভাৱে ভোটদানৰ হাৰ হৈছে প্ৰায় ৬৫ শতাংশ। ইয়াৰে ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত ৭১ শতাংশ আৰু ৭১ নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ৫৮ শতাংশ । অৱশ্যে প্ৰতিকূল বতৰৰ বাবে কিছু পলমকৈ ভোটাৰ ৰাইজ ভোটদানৰ বাবে ওলাই অহাৰ পৰিপ্ৰেক্ষিতত ভালেকেইটা ভোটকেন্দ্ৰত বিয়লিৰ পৰা ভোটাৰৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সেয়ে দেৰিলৈকে ভোটগ্ৰহণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ নিশ্চিতভাবে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, বিশ্বনাথ নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ৩৪২৯৫৪ গৰাকী। ইয়াৰে বিশ্বনাথ বিধানসভা সমষ্টিত ১৮৭১৯৪ গৰাকী আৰু বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ১৫৫৭৬০ গৰাকী।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.