শেহতীয়া আপডেটঃ

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজ্যখনৰ ৩৫ খন জিলাৰ সম্পাদকসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰসকলৰ লগতে বিভিন্ন শাখা সংগঠনৰ অধ্যক্ষসকলকো এই প্ৰশিক্ষণৰ আওতালৈ অনা হয়।

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

গুৱাহাটী, ১০ আগষ্টঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ আজি কেইবাখনো গুৰুত্বপূৰ্ণ সভা ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। বিটিআৰৰ পৰিষদৰ নিৰ্বাচনৰ বাবেও সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আজি ৰাজীৱ ভৱনত বিটিআৰৰ বাবে নিৰ্দিষ্ট কৰা পৰ্যবেক্ষকসকলৰ লগত এক দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ জিলাৰ সভানেত্ৰীসকলৰ লগত এখন বৈঠকত মিলিত হৈ মহিলা শক্তিক উজ্জীৱিত কৰিব পৰাকৈ জিলাসমূহত তৃণমূল পৰ্যায়লৈকে দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ অধ্যক্ষতাত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয়। একেদৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বুথ সমিতিসমূহ শক্তিশালী কৰাৰ বাবে কেইগৰাকীমান প্ৰশিক্ষক নিযুক্তি দি সেই প্ৰশিক্ষকসকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।May be an image of 1 person, speaker, dais, crowd and textঅসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা ৰিপুণ বৰাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত উদ্বোধনী ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আজিৰ প্ৰশিক্ষণত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষকসকলে নিজৰ নিজৰ জিলালৈ গৈ বুথ কৰ্মীসকলক প্ৰশিক্ষণ দিব। এইক্ষেত্ৰত সাংসদকেইগৰাকীৰ লগতে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ আন নেতৃত্বয়ো জিলাসমূহত প্ৰশিক্ষণৰ তৎপৰতা আৰম্ভ কৰাৰ বাবে পৰামৰ্শ দিয়ে। শেহতীয়াকৈ নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ভোট চুৰি সন্দৰ্ভত যিবোৰ তথ্য প্ৰকাশ কৰিছে সেইসমূহ ৰাইজৰ ওচৰলৈ লৈ যাবলৈও গগৈয়ে পৰামৰ্শ আগবঢ়ায়। এই প্ৰশিক্ষণ শিবিৰত সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে।May be an image of 3 people, speaker, lighting and daisৰাজ্যখনৰ ৩৫ খন জিলাৰ সম্পাদকসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰসকলৰ লগতে বিভিন্ন শাখা সংগঠনৰ অধ্যক্ষসকলকো এই প্ৰশিক্ষণৰ আওতালৈ অনা হয়। ইয়াৰ পূৰ্বে আজি দিনৰ ভাগত এনএছইউআইৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি কৌশিক কাশ্যপে দায়িত্বভাৰ গ্ৰহণ কৰে।May be an image of one or more people, dais and textঅসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ বিশাল সমাৱেশত এনএছইউআইৰ ৰাষ্ট্ৰীয় সভাপতি বৰুণ চৌধুৰী, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ প্ৰায়সকল ৰাজ্যিক নেতা উপস্থিত থাকে। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই সভাখনত সাংসদ ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগ টানি আনি ইয়াৰ লগত কোন জড়িত আছিল সেই কথা ছাত্ৰ-ছাত্ৰীসকলে জনাটো ভাল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।May be an image of 9 people and weddingসভাত সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু গৰু চোৰৰ প্ৰসংগক লৈ বিজেপি চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে সৰ্বত্ৰে জনমত গঢ়ি তুলিব লাগে বুলি কয়। গগৈয়ে চৰম দুৰ্নীতিৰ লগত জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰৰ কেইবাটাও উদাহৰণ দাঙি ধৰে। দিনটোত একেলেথাৰিয়ে কেইবাখনো সভা অনুষ্ঠিত কৰি সংসদীয় কাম-কাজৰ বাবে নিশাৰ ভাগত সাংসদ গৌৰৱ গগৈ নতুন দিল্লীলৈ ৰাওনা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.