বান আৰু খহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা

বান আৰু খহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা ::

বিশ্বনাথ ১৩ জুলাই :

বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ বৃস্হপতি বাৰে উপস্থিত হয় গহপুৰত জলস্পদ আৰু জনসংযোগ
মন্ত্ৰী পিযুষ হাজৰিকা।

দিনৰ ১২ মান বজাত গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান, গহপুৰ নগৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীয়ে সৃষ্টি কৰা বানপানী খহনীয়াৰ স্থান সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

 

বানপানী খহনীয়ায়ে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলং আৰু নগৰৰ খন ৮ ৱাৰ্ডত এটা পথ বানপানী ফলত ছিঙি যোৱাত নগৰ খনৰ বহু কেইটা অঞ্চল ক্ষতিগ্ৰস্ত হয় উক্ত ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ লগত ম-বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷

ভৰ বাৰিষাৰ আগে আগে শীঘ্ৰেই বিভাগীয় লোকক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ লগতে পথ আৰু মথাউৰি সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ।

আনহাতে গহপুৰ নগৰ খনলৈ ভাবুকি কঢ়িয়াই অনা ছত্ৰং নদীৰ খহনীয়া লগতে বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা চাৰিলাইন যুক্ত পথ নিৰ্মাণ কাৰ্যত কিছু খেলিমেলি ফলত গহপুৰ নগৰৰ 4 নং ৱাৰ্ডৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটো কেইবাখনো দলংলৈ ভাবুকি কঢ়িয়াই অনা বিষয়টো ৰাইজে মন্ত্ৰী গৰাকীক অৱগত কৰে।

 


ইফালে গহপুৰ মথাউৰী নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগে ববিভিন্ন পদক্ষেপ লোক কথা ঘোষণা কৰে মন্ত্ৰী হাজৰিকাই।

মন্ত্ৰী গৰাকী বানপানী খহনীয়া পৰিদৰ্শন সময়ত সংগ দিয়ে গহপুৰ সমষ্টিৰ গহপুৰ মহকুমাধিপতি , বিশ্বনাথ মহকুমাকুমাধিপতি বিধায়ক উৎপল বৰা, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বিষয়া লগতে আন আন বিভাগৰ কেইবাজনো বিষয়াই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.