শেহতীয়া আপডেটঃ

মাছ ধৰিবলৈ গৈ কোটিপতি হ’ল মাছমৰীয়াঃ ১১ কোটি মূল্যলৈ বৃদ্ধি পোৱা কি এই আচৰিত বস্তুটো? সোণ বা হীৰাও নহয়, কিন্তু?

থাইলেণ্ডৰ মাছমৰীয়া নাৰাং ফেচাৰাজে মাছ ধৰিবলৈ গৈ এটা আচৰিত বস্তু লাভ কৰিলে। মাছৰ মূল্যতকৈ অধিক ১১ কোটি টকাৰ গৰাকী হৈ পৰিল।

Image Credit by News 18

■ আঁঠুৰ মূৰত সোণ বিচৰা কথাৰ যেন প্ৰমাণ কৰি তুলিছে এগৰাকী মাছমৰীয়াই। সৌভাগ্যবান মাছমৰীয়াজন হঠাৎ হৈ পৰিল কোটিপতি। তেওঁ কিন্ত কোনো সোণ বা হীৰা লাভ কৰা নাই, তেওঁ লাভ কৰিছে এটি আচৰিত বস্তু। যাৰ মূল্য সোণ হীৰাতকৈ অধিক।

থাইলেণ্ডৰ মাছমৰীয়া নাৰাং ফেচাৰাজে সাগৰত সদায়ে মাছ ধৰিবলৈ যায়। তেওঁ অন্যদিনৰ দৰে সেইদিনাও একেদৰেই মাছ ধৰিবলৈ গৈছিল। মাছ ধৰাৰ সময়ত তেওঁ এটা বৃহৎ ১১ কোটি টকাৰ ধনৰ গৰাকী হৈ পৰে।

Image Credit by News18

মাছমৰীয়া নাৰাং মাছ ধৰি ঘৰলৈ উভতি যাওঁতে তেওঁ চুৰাট থানি প্ৰদেশৰ নিওম সমুদ্ৰত এটা শিলসদৃশ বস্তু পায়। কিন্তু বস্তুটোৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল। তেওঁ শিলৰ দৰে বস্তুটো দেখি তিমিৰ বমি হ’ব পাৰে বুলি অনুমান কৰে।

বস্তুটো সংগ্ৰহ কৰি তেওঁ প্ৰিন্স অফ সোংক্লা বিশ্ববিদ্যালয়ৰ তিনিজনীয়া বিশেষজ্ঞওচৰলৈ লৈ যায়। বিশেষজ্ঞসকলে শিলৰ দৰে বস্তুটোক এম্বাৰগ্ৰিছ বুলি জানিবলৈ দিয়ে। এইয়া হৈছে মুখ্যতঃ শুক্ৰাণুসদৃশ তিমিৰ বমি, যি ঠাণ্ডা হলে ক্ৰমান্বয়ে জঠৰ হৈ পৰে আৰু সাগৰত ভাঁহি থাকে।

Image Credit by News18

তাৰ পিছত তেওঁ ইয়াৰ পৰা কোনো ধন লাভ কৰিব পৰা যায় নেকি সুধিলে, আৰু বিশেষজ্ঞসকলে ইয়াক পৰীক্ষা কৰি তেওঁক জনায় যে এইটো কোনো সামান্য পৰিমাণৰ ধন নহয়। নাৰাঙে লাভ কৰা সামগ্ৰীৰ মূল্য ১ মিলিয়ন পাউণ্ড অৰ্থাৎ ১১ কোটি টকা।

Image Credit by News 18

মাছমৰীয়া নাৰাঙে লাভ কৰা এম্বাৰগ্ৰিছৰ ওজন ৩০ কিলোগ্ৰাম আছিল। তেওঁ সোণ আৰু হীৰা নাপালেও তিমিৰ এই প্ৰকাৰক ‘সামুদ্ৰিক সোণ’ লাভ কৰি হঠাতে হৈ পৰিল কোটিপতি। যিটো প্ৰকৃত সোণতকৈ বহুতগুণে মূল্য বেছি।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.