শেহতীয়া আপডেটঃ

’ স্বাভাবিকভাবে ইতিবাচক বা নেতিবাচক পৰিৱৰ্তন সংবাদ ক্ষেত্ৰতো আহি পৰিছে ’

জনপ্ৰিয় সাংবাদিক ৰীয়াৰানী দত্তৰ সৈতে অন্তৰংগ বাৰ্তালাপ

পিতৃ উৎপল কুমাৰ দত্ত আৰু মাতৃ নিজুমণি দত্তৰ কন্যা ৰীয়াৰানী দত্তৰ জন্ম উত্তৰ দিল্লীৰ বুৰাৰীত ৷ বৰ্তমান যোৰহাট বালিগাওঁৰ ৰজাহাউলীৰ বাসিন্দা ৰীয়াৰানী দত্ত সম্প্ৰতি সংবাদ জগতত খলকনি তোলা এটি বহু চৰ্চিত নাম ৷ সাংবাদিতাৰ জগতখনত সৎ সাহসৰ পৰিচয় দাঙি ধৰাৰ উপৰি সাংবাদিকতাৰ ক্ষেএখন সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত অভূতপূৰ্ব অৰিহণা যোগাই অহা ৰীয়াৰানী দত্তই সংঘাট / সংশয় নেউচি সংগ্ৰামৰ মাজেদি নিতৌ ন -ন তথ্য সমৃদ্ধ সংবাদ পৰিবেশন কৰি আহিছে ৷দিল্লীৰ তথ্যচিত্ৰ নিৰ্মাণৰ আন্তজাৰ্তিক প্ৰতিষ্ঠান ’ডিভাইনিতী’ৰ প্ৰকল্প বিষয়া / ডিজিটেল সংবাদ মাধ্যম ’আছাম ফ্লাছ’ৰ স্বত্বাধিকাৰী আৰু বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সংবাদকৰ্মী ৰূপে কৰ্মৰত যুৱ প্ৰজন্মৰ জনপ্ৰিয় সাংবাদিক ৰীয়াৰানী দত্তই লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ ৰাষ্ট্ৰীয় যুৱ প্ৰতিভা (২০১৯) / উপ ৰাষ্ট্ৰপতিৰ আন্তঃৰাষ্ট্ৰীয় যুৱ প্ৰতিভা (২০২০)/ অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত ৰামধেনু বঁটা (২০২০) / প্ৰতীতিৰ বৰেণ্য ব্যক্তিত্ব (২০২২)/ কাব্যনন্দিনী বঁটা ইত্যাদি বঁটাৰে সন্মানিত হৈ আহিছে ৷উল্লেখ্য যে তেওঁ অসম সাহিত্য সভা /সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য আৰু উওৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন /সংস্কাৰ ভাৰতী (ভাৰত) ইত্যাদি অনুষ্ঠান সমুহৰ সৈতে জড়িত ৷সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰা যুৱপ্ৰজন্মৰ জনপ্ৰিয় সাংবাদিক ৰীয়াৰানী দত্তৰ সৈতে হোৱা আমাৰ অন্তৰংগ বাৰ্তালাপ সহৃদয় পাঠক – পাঠিকাৰ বাবে আগবঢ়োৱা হ’ল —

সাক্ষাৎ গ্ৰহণঃ দেৱজিত বৰা

দেৱজিত বৰা: সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আপুনি কেনেকৈ আহিল। চমুকৈ কওকচোন ?

ৰীয়াৰানী দত্তঃ প্ৰথমে সাংবাদিক হোৱাৰ কোনো সপোন নাছিল। পিছলৈ যেতিয়া নিচাবোৰত আসক্ত হওঁ তেতিয়া সাংবাদিকতাৰ আনুষ্ঠানিক পাঠ্যক্ৰম সাং কৰি ক্ষেত্ৰখনত সক্ৰিয়তাৰে কাম কৰিবলৈ লওঁ।আৰম্ভণিতে এই ক্ষেত্ৰখনত কাম কৰাত যথেষ্ট উৎসাহী হৈ পৰিছিলো যদিও ক্ৰমান্বয়ে সন্মুখীন হোৱা সংগ্ৰাম,সংঘাট, সংশয়বোৰে সাংবাদিকতাৰ ক্ষেত্ৰখন যথেষ্ট প্ৰত্যাহ্বানমূলক কৰি তুলিলে। দৈনিক মানসিকভাবে সবল তথা সস্তম হৈ থাকিব লগা হয় যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে। তথাপিও মানুহৰ বাবে মানুহৰ মাজত যুঁজি থাকিব পৰাতো এটা সুকীয়া মজা আছে.৷ এতিয়া ৰৈ যোৱাৰ কোনো প্ৰশ্ন নাহে মাথোঁ গৈ আছো অবিৰতভাৱে ৷

দেৱজিত বৰা: মহিলা সাংবাদিক সকলৰ ক্ষেত্ৰত কি কি প্ৰত্যাহ্বান আছে বুলি আপুনি অনুভৱ কৰে ?

ৰীয়াৰানী দত্তঃ খুউব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে । অপ্ৰিয় হʼলেও এইটো সত্য যে – পুৰুষতান্ত্ৰিক সমাজ এখনত আগবাঢ়ি যাওতে মহিলাসকলৰ বহুতো প্ৰত্যাহ্বান আহে । তাতে সাংবাদিকতা এখন মুক্ত বিচৰণ ক্ষেত্ৰ যʼত পদে পদে সংকট আৰু সংশয় মুক্ত নহয়।
❖ প্ৰথম প্ৰত্যাহ্বান ঘৰখনৰ পৰাই আহে । অত্যধিক ব্যস্ততা আৰু সকলো সময়তে কৰ্মক্ষেত্ৰত সক্ৰিয় হৈ দায়িত্ব পালন কৰিবলৈ যাওঁতে বহুক্ষেত্ৰত মহিলা সাংবাদিক সকলক তেওঁলোকৰ পৰিয়াসমূহে বুজাত অলপ আউল লাগে। অৱশ্যে মহিলা গৰাকীক সু হৃদয়ে কৰ্মক্ষেত্ৰত আগবঢ়াই দিয়া পৰিয়ালসমূহৰ কথা বেলেগ। কিন্তু অধিকাংশ মহিলাই বিয়াৰ পাছত এইক্ষেত্ৰখন ত্যাগ কৰিব লগা হয় সাংসাৰিক কাৰণতেই। তদুপৰি যিসকলে পৰিয়ালৰ সহযোগিতা লাভ কৰে তেওঁলোকে সংসাৰৰ সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰি কৰ্মক্ষেত্ৰলৈ ওলাই অহাটোত যথেষ্ট প্ৰত্যাহ্বানমূলক হয় ৷

❖ দ্বিতীয়তে সমাজখনৰ পৰা মহিলা এগৰাকী অতি সহজতে টাৰ্গেট হোৱাৰ সম্ভাৱনীয়তা থাকে। যিমানেই সৰ্বচ্চ উজাৰি নিজৰ অৱদান আগবঢ়াওক আপুনি সমালোচনাবোৰ এটা এটা ডাঙৰ প্ৰত্যাহ্বান।

❖ তৃতীয়তে মহিলা বুলি অৱহেলিত হোৱা, তথা ইতিকিং কৰা, ষড়যন্ত্ৰৰ বলি হোৱা ইত্যাদি বিষয়বোৰ নেওচি সন্মুখলৈ আগবঢ়াতো প্ৰায়ে জটিল হৈ পৰে। যি এই সকলোবোৰ অতিক্ৰম কৰিব পাৰে তেৱেঁই সফল সাংবাদিক হিচাপে জিলিকিব পাৰে।

দেৱজিত বৰা:- ডিজিটেল মাধ্যমৰ দ্ৰুত অগ্ৰগতিৰ ফলত ছপা মাধ্যম কি কি প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে বুলি এগৰাকী সাংবাদিক হিচাপে আপুনি উপলব্ধি কৰে ?

ৰীয়াৰানী দত্তঃ সাম্প্ৰতিক সময়ত এইটো এটা ডাঙৰ প্ৰত্যাহ্বান সংবাদক্ষেত্ৰখনলৈ আহি পৰিছে। ভাৰতীয় সংবাদ উদ্যোগটো বিশ্বৰ ভিতৰতে এক ক্ষমতাশালী উদ্যোগ যʼত ৯০০ টা টিভি চেনেল আৰু ৩৮০ টা নিউজ চেনেল আছে। (বিবিচিৰ দিল্লীৰ এডিটৰিয়েল লীড শচীন গগৈৰ তথ্য মতে)
অন্যহাতে কভিদৰ পাছত ৭২% লোকৰ মোবাইলৰ গুৰুত্ব বাঢ়িল যʼত আজিৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ সৰ্বাধিক চচিয়েল মেডিয়া ব্যৱহাৰকাৰী দেশ ৰূপে পৰিগণিত হয়। তেনেক্ষেত্ৰত বাতৰি কাকতৰ গুৰুত্ব হ্ৰাস পালে। এতিয়া বাতৰি কাকত পঢ়াতকৈ মোবাইলৰ মাজতে সকলো বিচাৰি পোৱাত ছপা মাধ্যমলৈ এক ডাঙৰ সংকট নামি আহিছে। তদুপৰি ডিজিটেল মাধ্যমৰ অতি ৰহন সনা, আমোদজনক বাতৰিৰ প্ৰতি দৰ্শক বেছিকৈ আকৃষ্ট হোৱাত বাতৰি কাকতৰ মছলাহীন বাতৰি আওকাণ কৰা ফলত ইটোৰ পাছত সিটো প্ৰত্যাহ্বানেৰে ভৰি পৰিছে ছপা মাধ্যম৷

দেৱজিত বৰা: অতি সাম্প্ৰতিক সংবাদ ক্ষেত্ৰখনত কি কি পৰিৱৰ্তন হৈছে বুলি ভাবে ? সাংবাদিকৰ নিৰাপত্তা সম্পৰ্কত আপোনাৰ বক্তব্য জানিব বিচাৰো ৷

ৰীয়াৰানী দত্তঃ যিহেতু সময় পৰিৱৰ্তনশীল । গতিকে বিভিন্ন ক্ষেত্ৰসমূহ কেনেকৈ স্থবিৰ হ’ব পাৰে ? স্বাভাবিকভাবে ইতিবাচক বা নেতিবাচক পৰিৱৰ্তন সংবাদ ক্ষেত্ৰতো আহি পৰিছে। যোগাত্মক দৃষ্টিভংগীৰে যদি লক্ষ্য কৰে তেন্তে নিম্ন বৰ্গৰ বাতৰিসমূহ প্ৰচাৰ আৰু প্ৰসাৰ, সৰু সৰু বিষয়বোৰত গুৰুত্ব দি তাক সুন্দৰভাৱে প্ৰতিফলিত কৰাত দায়বদ্ধ ডিজিটেল সংবাদ মাধ্যমবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহুতো প্ৰতিভাশালী সাংবাদিকৰ সৃষ্টি হোৱাৰ লগতে বহু নিবনুৱা সংস্থাপিত হৈছে।
কিন্তু তাৰ বিপৰীতে সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত বাতৰিৰ মানদণ্ড লঘু হৈছে। ৰাজনৈতিক হস্তক্ষেপেও সংবাদ মাধ্যমৰ নিৰ্ভীক, নিৰপেক্ষতা আৰু আপোচহীনতাৰ দৰে শব্দৰ অৰ্থ নোহোৱা কৰিছে। এই পৰিৱৰ্তনবোৰে সংবাদ ক্ষেত্ৰখন টুলুঙা কৰা ফলত জনসাধাৰণ আৰু সংবাদকৰ্মীৰ মাজত ব্যৱধান আহি পৰিছে যাৰ ফলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকিও সাংবাদিকৰ নিৰাপত্তাৰ দৰে বিষয় আলোচনা কৰাৰ সময় আহি পৰিছে । নিচাগত বা পেছাগত ভাবে সাংবাদিক এনেকুৱা এক শক্তিৰ প্ৰতীক যি নিজেই শূণ্যত থাকি আনক শীৰ্ষলৈ লৈ যাব পাৰে। এখন সমাজ ৰক্ষণাবেক্ষণ কৰা শক্তিক নিৰাপত্তাৰ প্ৰয়োজন হোৱাটো সাংবাদিকৰ বাবে চৰম দুৰ্ভাগ্যৰ কথা ৷

দেৱজিত বৰা: বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে আপুনি জড়িত ।সাংবাদিক জীৱনৰ বিচিত্ৰ অভিজ্ঞতা সম্পৰ্কত কি ক’ব ?

ৰীয়াৰানী দত্তঃ সাংবাদিকৰ বাবে প্ৰতিটো দিনেই নতুন নতুন অভিজ্ঞতাৰে ভৰা। ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যৰ সৈতে কাম কৰা অভিজ্ঞতাবোৰ পৃথক। অন্যহাতে পোন্ধৰ (১৫) টাতকৈও অধিক জনগোষ্ঠীৰ লগত প্ৰত্যক্ষ ভাবে জড়িত হৈ কাম কৰা অভিজ্ঞতাবোৰো অন্যতম। বহুতে ভাবে মহিলা হিচাপে নিৰাপত্তাৰ দিশটো সুৰক্ষিত নহয়। কিন্তু মই নিজৰ অভিজ্ঞতা ভিত্তিত এটাই কওঁ – নিজ ভালেই জগত ভাল। আনৰ সংস্কৃতিক ভালপোৱা মানে আপোনাৰ নিজৰ সংস্কৃতিক বেয়া পোৱা নুবুজায়। এক সৰ্তক দৃষ্টি ৰাখি নিদিষ্ট পৰিবেষ্টনিত কাম কৰিলে কোনো জাতি- জনগোষ্ঠী হিংসুক হ’বই নোৱাৰে। বৰঞ্চ এই মানুহবোৰ বৰ সৰল মনোভাৱাপন্ন , দয়ালু আৰু উদাৰ মনৰ। বহুকেইটা জীৱন মৰণৰ বিপদৰ পৰা ৰক্ষা কৰি থৈছে মোক। সেইবোৰো এক অবিস্মৰণীয় অভিজ্ঞতা।

দেৱজিত বৰা: এগৰাকী দক্ষ্য সাংবাদিক হোৱাৰ বাবেই অসমৰ বালিগাওঁৰ পৰা ভাৰতৰ সংসদ ভৱনলৈ আপোনাৰ এক সাহসী যাত্ৰা । এই সন্দৰ্ভত অভিজ্ঞতা আৰু অনুভৱ জানিব বিচাৰো ?

ৰীয়াৰানী দত্তঃ বিশ্বাস কৰক, কাম কৰাতো দূৰৰে কথা। মোৰ বাবে এয়া সপোনৰো অগোচৰ যে – মই এদিন ভাৰতৰ সংসদ ভৱনত ভৰি দিম। কাৰণ মই একদম আশা নকৰাকৈ কামবোৰ কৰো। অন্যহাতে যিকোনো সুযোগৰ বাবে কাকো কোনো কাৰণত খাতিৰ নকৰোঁ। এয়া মোৰ এক ডাঙৰ স্বাভিমান। কিন্তু কথাতে কয় নহয়- ভাগ্যৰ চকৰী কোনফালে ঘূৰে কোনেও নাজানে। আৰু শেহতীয়াকৈ মই ভাৰতীয় সংবিধানৰ মন্দিৰ সংসদ ভৱনত অসমৰ পৰা একমাত্ৰ কৰ্তব্য সম্পন্ন কৰিবলৈ সোণালী সুযোগ লাভ কৰিলো। বালিগাওঁ ৰজাহাউলীৰ সৰু অঞ্চলটোৰ পৰা গৈ ভাৰতৰ বহুৰাজ্যৰ শক্তিশালী সংবাদকৰ্মী তথা জনসংযোগ স্থাপন কৰা লোকৰ দ্বাৰা একত্ৰিত হোৱা শক্তিশালী মঞ্চখনত কাম কৰি দুগুণে আত্মবিশ্বাসী আৰু শক্তিশালী হʼলো। এতিয়া মোৰ প্ৰতি ৰাইজৰ আগতকৈও আস্থা আৰু বিশ্বাস বাঢ়িল। ঠিক সেইদৰে মোৰো দায়িত্ব বাঢ়িল যে- নতুনৰ সন্ধানত নিজক কেনেকৈ আগবঢ়াই নিব পাৰো ৰাইজৰ মাজত থাকি ৷

দেৱজিত বৰা: ডিজিটেল সংবাদ মাধ্যম “আছাম ফ্লাচ’ৰ আপুনি স্বত্বাধিকাৰী। কেনেধৰণৰ সংবাদ সমূহক আপোনাৰ সংবাদগোষ্ঠীয়ে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ সংবাদ পৰিবেশন কৰিবলৈ যাওতে কেতিয়াবা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে নে ?

ৰীয়াৰানী দত্তঃ ’আছাম ফ্লাচ’ৰ যদিও মই স্বতাধিকাৰী, কিন্তু ইয়াৰ এটা ডাঙৰ টীম আছে আৰু প্ৰভাৱশালী এখন নেটৱৰ্কৰ জালিকা আছে। আছাম ফ্লাচে সদায় গ্ৰাউণ্ড জিৰ ৰিৰ্পট, অনুসন্ধানমূলক প্ৰতিবেদন, জনগোষ্ঠীয় প্ৰতিবেদন, ৱাইল্ড লাইফ ষ্টৰী, গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰসমূহ, ঐতিহাসিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন বাচকবনীয়া বিষয়বস্তু নিৰ্বাচন কৰি কভাৰ ষ্টৰী শৈলীৰে কিছু বিশেষ আৰু ব্যতিক্ৰমেৰে প্ৰচাৰ কৰে। ভাল লগা কথা যে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মিলিয়ন দৰ্শকে ’আছাম ফ্লাচ’ক আঁকোৱালি লৈছে । এই ধাৰাটো ব্ৰতাই ৰাখিব পৰাতো আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। বহুভাষিকত সম্প্ৰচাৰ হোৱা প্ৰতিবেদনৰ শৈলীবোৰ ৰাইজে আমোদ পাইছে বুলি জানিব পাৰিলে খুউব ভাল লাগে কাৰণ বৰ্তমান সময়ৰ একাংশ সংবাদ মাধ্যমৰ দৰে ইয়াত তুলুঙা বিষয়বস্তু সম্প্ৰচাৰ কৰা হোৱা নাই। প্ৰতিটো প্ৰতিবেদনে জনজীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰক, সকলোৰে জ্ঞানৰ পৰিধি বৃদ্ধি কৰক এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিহে সকলোৱে ইমান কষ্ট কৰিছে ৷

দেৱজিত বৰাঃ নিজৰ কৰ্ম দক্ষতাৰ ফলত অসমকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাক সন্মানিত কৰিছে। বঁটা প্ৰাপ্তিৰ আনন্দই আপোনাক কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ?

ৰীয়াৰানী দত্তঃ বঁটাৰ কথাটো কি কম,জীৱনৰ এক প্ৰাপ্তি বুলিয়েই ধৰি লৈছো। মই কেতিয়াও বঁটাৰ বাবে কাম কৰা নাই, কিন্তু কামৰ বাবে বঁটা মোৰ কাষলৈ অহাটোত এক অব্যক্ত সুখানুভূতি, জীৱনৰ এক অনুপ্ৰেৰণা বুলি ক’ব পাৰো। বহুত কম বয়সৰ পৰা কাম কৰিবলৈ লোৱাৰ বাবে কম বয়সতে বহুতকেইটা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক স্বীকৃতি লাভ কৰিলো। সেয়ে সকলো সময়তে কামৰ পোকটোৱে মূৰত কামূৰিয়েই থাকে। নিজৰ কৰ্মক লৈ মই কেতিয়াও সন্তুষ্ট নহয়। সেয়ে চাওঁচোন জীয়াই থকা দিনবোৰত আৰু কি কি কৰিব পাৰো। আকাশখন চুবলৈ বৰ হেঁপাহ মোৰ ৷

দেৱজিত বৰা: সাংবাদিকতাৰ উপৰি আপুনি এগৰাকী কবিতাৰ সাধক। আপোনাৰ কাব্য সাধনাৰ সম্পৰ্কত চমুকৈ কওকচোন ?

ৰীয়াৰানী দত্তঃ এসময়ত মই সাহিত্যৰ মাজতে ডুবি থাকো। কেৱল কবিতাই নহয়, গল্প, প্ৰবন্ধ, উপন্যাস , ভ্ৰমণ কাহিনী, নাটক, আলেখ্য বহুতো লিখিছিলো। গ্ৰন্থ আকাৰে প্ৰকাশো পাইছিল। কিন্তু সংবাদ জগতত সক্ৰিয় হ’লত সাহিত্যৰ জগতখনত প্ৰায় নিষ্ক্ৰিয় হৈ পৰিলোঁ। তথাপিও অৰঙে- দৰঙে বাতৰি কৰোতে লাভ কৰা তিতা মিঠা অভিজ্ঞতাবোৰে আৱেগিক কৰি তুলিলে আকৌ কাব্যিক জগতলৈ উভতি যাওঁ। মই খুউব বিশ্লেষণাত্মক দৃষ্টি ভংগীৰে কবিতা লিখো। সেয়ে এটা কবিতা সৃষ্টি হওঁতে অলপ সময়ৰ প্ৰয়োজন হয় মোক.৷ কাব্যিক জগতত মই সদায় হেৰাই যাওঁ আৰু সকলো পাহৰি লাভ কৰো এক মানসিক প্ৰশান্তি ৷

দেৱজিত বৰা: দিল্লীৰ তথ্যচিত্ৰ নিৰ্মাণৰ আন্তজাৰ্তিক প্ৰতিষ্ঠানৰ সৈতে কিদৰে জড়িত হ’ল। কিদৰে দায়িত্ব পালন কৰিব লাগে আপুনি। চমুকৈ কওকচোন ?

ৰীয়াৰানী দত্তঃ দিল্লীৰ তথ্যচিত্ৰ নিৰ্মাণৰ বহুজাতিক প্ৰতিষ্ঠান “ডিভাইনিতী’ত কেইবাটাও বছৰ পাৰ হ’ল। বৰ্তমান প্ৰকল্প বিষয়া হিচাপে জড়িত হৈ ভাৰতৰ বিভিন্ন প্ৰাকৃতিক, ভৌগোলিক, ৰাজনৈতিক , সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ নিদিষ্ট বিষয়বস্তুবোৰ তথ্যচিত্ৰৰ বাবে মই ডিজাইন কৰো। এইক্ষেত্ৰও যথেষ্ট প্ৰত্যাহ্বানমূলক হয়। কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক সজাই তোলা হয়, ক’বলৈ গ’লে ডাঙৰ পৃথিৱীখনক দৰ্শকৰ চাক্ষুস দৃষ্টিত ধৰি ৰাখি সেই নিদিষ্ট বিষয়বোৰ প্ৰতিষ্ঠা কৰিবলৈ ’ডিভাইনিতী’ৰ জড়িয়তে মই প্ৰয়াস কৰো।

দেৱজিত বৰা: অতি ব্যস্ততাৰ মাজতো কিছু সময় ব্যয় কৰি অতি আন্তৰিকতাৰে সাক্ষাৎকাৰটি প্ৰদান কৰাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো৷

ৰীয়াৰানী দত্তঃ ধন্যবাদ ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.