শেহতীয়া আপডেটঃ

বিধানসভাত দাখিল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটঃ বাজেটত কি আছে, কি নাই?

■ অসম বিধানসভাত বিত্ত মন্ত্রী অজন্তা নেওগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এইবাৰৰ বাজেটত কন্যা-শিশু আৰু মহিলা সৱলীকৰণ, যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু অমৃত কালৰ প্ৰত্যাশা পূৰণৰ লক্ষ্যৰে কেইবাটাও উন্নয়নমূলক প্ৰস্তাৱ উল্লেখ কৰা হৈছে। বাজেটত ১০ লাখ কন্যা-শিশুৰ উচ্চ শিক্ষাত সহায় হোৱাকৈ ২৪০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে।

ইপিনে অৰুণোদয় দ্বিতীয় পৰ্যায় আঁচনিৰ অধীনত দিব্যাংগ, ৰূপান্তৰকামী আৰু অন্যান্য সকলক সামৰি লোৱাৰ বাবে ৩,৮০০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। এই আঁচনিৰ অধীনত ২.৫০ লাখ অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰি ৰাজ্যৰ ৩০ লাখতকৈ অধিক পৰিয়াললৈ অৰুণোদয় আঁচনিৰ সুবিধা সম্প্ৰসাৰিত কৰা হ’ব। অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত ১২ লাখ ঋণগ্রস্ত মহিলাক ঋণৰ পৰা মুক্ত কৰাৰ বাবে ৫৫০ কোটি টকা আৰু ৰাজ্যখনত উদ্যমিতা বিকাশৰ বাবে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ১ লাখ যুৱক- যুৱতীক সহায় কৰিব পৰাকৈ ১,০১০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে।

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩৯,৬৭,৭৪৩ গৰাকী সদস্যালৈ ১০ হাজাৰ টকাকৈ উদ্যোগ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। নগৰাঞ্চলতো এই অভিযানৰ অধীনত ২.৫০ লাখ আত্মসহায়ক গোটৰ সদস্যক বাজেটত সামৰি লোৱাৰ কথা উল্লেখ কৰা হৈছে। অসমত অমৃত কালৰ ধ্বজাবাহী প্রকল্প নিৰ্মাণ আৰু অসম মালা ২.০ৰ অধীনত পথ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিয়াৰ লগতে চাহ বাগিচা সম্প্ৰদায়ৰ কল্যাণৰ বাবেও বাজেটত প্ৰস্তাৱ ৰখা হৈছে।

অমৃত কালৰ প্ৰকল্পৰ অধীনত ৩,২৫০ কোটি টকা ব্যয়ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুনৰ বিকাশ, ৮৩২ কোটি টকা ব্যয়ৰে নেহৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়া ক্ষেত্ৰলৈ উন্নীতকৰণ, ৮৮৬ কোটি টকাৰে কাজিৰঙা প্ৰাকৃতিক ইতিহাস সংগ্রহালয় স্থাপন, গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৫৫৪ কোটি টকা, অসম ৰাজ্যিক চিৰিয়াখানা আধুনিকীকৰণৰ বাবে ৩১১ কোটি টকা আৰু মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাবে ৪৯৮ কোটি টকা প্ৰকল্পৰ ব্যয় ধাৰ্য কৰা হৈছে।

সেউজ অসম নিৰ্মাণৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৩ কোটি গছপুলি ৰোপন আৰু সকলো নতুন ব্যক্তিগত আৰু ৰাজহুৱা ভৱনত বাধ্যতামূলকভাৱে ৰুফ টপ ছ’লাৰ সংস্থাপনৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। পূণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰ যাত্ৰীক ৰাম মন্দিৰ দৰ্শন কৰিবলৈ বাজেটত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে।

সোমবাৰে উত্থাপিত বাজেটত ক্রীড়া খণ্ডৰ বিকাশৰ বাবে কেইবাটাও প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ যুৱ ক্লাবলৈ ক্ৰীড়া সা-সঁজুলি ক্ৰয়ৰ বাবে ১৫ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আৰক্ষী, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সুব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে অনাগত ৫ বছৰত ১০০০ বৰ্গ ফুটৰ দুটাকৈ শোৱনি কোঠাযুক্ত ১০ হাজাৰ নতুন গৃহ নিৰ্মাণৰ প্ৰস্তাৱো আজি বাজেটত দিয়া হৈছে। শিশুসকলৰ কল্যাণৰ বাবে এই বছৰত এহাজাৰ ২৫০ কোটি টকা ব্যয়ৰে পুনৰ ৫ হাজাৰটা আদর্শ অংগনবাড়ী নিৰ্মাণৰ প্ৰস্তাৱো বাজেটত দিয়া হৈছে।

তদুপৰি কণী, গাখীৰ আৰু মাছ উৎপাদনত ৰাজ্যখনৰ আত্মনিৰ্ভৰশীলতাৰ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাজেটত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে। অসম আৰক্ষীত অগ্নিবীৰ সকলৰ বাবে ১০ শতাংশ পদ সংৰক্ষণৰ প্ৰস্তাৱ আজি বাজেটত দিয়া হৈছে। আজি বাজেটত প্ৰস্তাৱিত আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ অনুসৰি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডৰ এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীয়ে নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰৰ সৈতে অতিৰিক্ত ৫ শতাংশ নম্বৰ লাভ কৰিব। ইয়াৰ বাবে চলিত বছৰতে নতুন বিধেয়ক উত্থাপনৰো প্ৰস্তাৱ দিয়া হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.